বিশ্বনাথত উদ্ধাৰ নিমাতীঘাটত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ বেগটো
শুকুবাৰে পুৱা গুপ্তকাশী বিশ্বনাথ ঘাটৰ ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলীয়ে মাছ মাৰিবলৈ গৈ নদীত উটি গৈ থকা অৱস্থাত উদ্ধাৰ কৰে বেগটো । বেগটোৰ পৰা উদ্ধাৰ অধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, মেখেলা চাদৰ আৰু এটা পুৰুষৰ চাৰ্ট আছিল বেগটোৰ ভিতৰত ।
উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি
ৰাজ্যৰ কৰ্মচাৰী(Employee) ৰদ-বদল বা বদলিৰ কৰ্তৃত্ব উপায়ুক্তসকলক অৰ্পণ ৰাজ্যিক কেবিনেটৰ ৷ অৱশ্যে এই বদলি একেখন জিলাৰ ভিতৰতে হ’ব লাগিব বুলি কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জানিবলৈ দিয়ে ৷
মোডী চৰকাৰৰ দিনত দেশৰ অৰ্থনীতি সাংঘাতিক ধৰণে বিধ্বস্ত হৈছে : ৰিপুন বৰা
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী চৰকাৰে বিগত ৭ বছৰত এটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গঢ় দিয়া নাই । বৰং ইয়াৰ বিপৰীতে কংগ্ৰেছৰ দিনত স্থাপন কৰা ২৩টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত গটাই দিলে । এই অভিযোগ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ ।
চৰকাৰী বাসগৃহ লাভ কৰিও নিৰাশাগ্ৰস্ত আশা মাঝি !
ৰঙাপৰাৰ আমতল গাঁৱৰ নিৱাসী আশা মাঝিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা(Pradhan Mantri Awas Yojna) আঁচনিৰ অধীনত লাভ কৰা চৰকাৰী বাসগৃহটো আজি পৰ্যন্ত আছে অসম্পূৰ্ণ অৱস্থাত ৷ বাসগৃহটো নিৰ্মাণৰ বাবে আৱণ্টন হোৱা ধনক লৈ ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী-যোৰহাট সংযোগী দলঙৰ কাম : সৰ্বানন্দ সোণোৱাল
"৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য । নিমাতীঘাট আৰু কমলাবাৰীঘাটত বাকী থকা আন্তঃগাঁঠনিৰ কাম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মিলি শীঘ্ৰেই সম্পূৰ্ণ কৰিব । ভৱিষ্যতে যাতে ঘাটত ফেৰী ৰখাৰ বাবে অসুবিধা নহয়, তাৰ বাবে ব্যৱস্থা কৰা হ'ব" ।
পশ্চিম বংগ উপ নিৰ্বাচন : মনোনয়ন দাখিলৰ বাবে সাজু মমতা বেনাৰ্জী
পশ্চিমবংগত অহা ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । ভবানীপুৰ সমষ্টিৰ আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব মমতা বেনাৰ্জীয়ে । শুকুৰবাৰে মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ঘৰুৱা শিক্ষকৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত ছাত্ৰ
শিক্ষাৰ অধিকাৰ আইন 2009ক ভেঙুচালি এজন শিক্ষকৰ ৷ পঢ়াত নোৱাৰাৰ বাবেই শিক্ষকজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে ছাত্ৰজনক ৷ এই অভিযোগ খোদ ছাত্ৰজনৰ লগতে মাতৃৰ ৷
ত্ৰিপুৰাৰ এগৰাকী IPS বিষয়াৰ বিৰুদ্ধে এজাহাৰ ABVPৰ
ত্ৰিপুৰাৰ এগৰাকী প্ৰভাৱশালী আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নামৰ সংগঠনটোৱে । পশ্চিম আগৰতলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে । আৰক্ষী বিষয়া গৰাকী কোন ? তেওঁৰ বিৰুদ্ধে কিয় এজাহাৰ দাখিল কৰিলে ABVPয়ে ?
অসমৰ লগতে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বভাৰ গ্ৰহণ জগদীশ মুখীৰ
অসমৰ লগতে নাগালেণ্ডৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে(Jagdish Mukhi) ৷ এক নিয়মীয়া ব্যৱস্থা গ্ৰহণ নকৰালৈকে অসমৰ লগতে নাগালেণ্ডৰো ৰাজ্যপালৰ কাৰ্য সম্পাদনৰ বাবে তেওঁক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে(Ram Nath Kovind) ৷
লক ডাউনে অন্য এক গতি দিলে প্ৰণৱ বৰাক
ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে দেশত জাৰি হোৱা লক ডাউনৰ এক ইতিবাচক প্ৰভাৱ ৷ লকডাউনৰ সময়খিনি ব্যতিক্ৰমী কামত ব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ পথ বাচি ল’লে গোলাঘাট থুৰামুখ কাঠকটীয়া গাঁৱৰ যুৱক প্ৰণৱ বৰাই ৷ যুৱকজনৰ পদক্ষেপক এতিয়া শলাগ লৈছে সকলোৱে ৷