ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Apr 26, 2021, 3:04 PM IST

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

top-10-news-at-3pm
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

পশ্চিমবংগৰ নিৰ্বাচন: সোমবাৰে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

মুঠ 8 টা পৰ্যায়ত 34 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে পশ্চিমবংগৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 34 টা সমষ্টিৰ ভিতৰত 9 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু পশ্চিম বৰ্ধৱানত, 6 টা দক্ষিণ দিনাজপুৰ আৰু মালদাত আৰু 4 টা কলকাতাত অন্তৰ্ভূক্ত ।

ক’ভিড আক্ৰান্ত পত্নীক হত্যা ৰে’ল কৰ্মচাৰীৰ

পাটনাৰ চিত্ৰগুপ্ত নগৰত এক চাঞ্চল্যকৰ ঘটনা ৷ দেওবাৰে এজন ৰে’ল ষ্টেচন মাষ্টাৰে তেওঁৰ ক’ভিড আক্ৰান্ত পত্নীক হত্যা কৰে ৷ উক্ত কৰ্মচাৰীজন অতুল লাল বুলি চিনাক্ত কৰা হয় ৷ জানিব পৰা মতে, অভিযুক্তজনে পত্নী মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাত বিৰক্ত হৈ পত্নীক হত্যা কৰি নিজে এপাৰ্টমেণ্টৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে ৷

মাজুলীৰ নিকিনি খোৱাত কৰ'ণাৰ গণ সংক্ৰমণ

ভয়ানক গণ সংক্ৰমণৰ দিশে গতি কৰিছে মাজুলীৰ এখন গাঁও ৷ কেইদিনমানৰ পূৰ্বে গাঁৱখনৰ এগৰাকী নাবালিকাৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচতে স্বাস্থ্য বিভাগে গাঁৱখনৰ 135 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাত 40 গৰাকী লোকৰ দেহত ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি ৷

মধ্য প্ৰদেশত নিৰ্মাণ হ’ব 200 কোটিটকীয়া ৰূপৰ মন্দিৰ

পোন প্ৰথমবাৰৰ বাবে মধ্য প্ৰদেশৰ বান্দা জিলাত ২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপৰ জৈন মন্দিৰ নিৰ্মাণ কৰা হ'ব । পৰৱৰ্তী পাঁচ বছৰৰ ভিতৰত মন্দিৰটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব । লক্ষণীয় বিষয় যে, এই মন্দিৰটোত ২৫ ইঞ্চি উচ্চতাৰ ২৪ জন তীৰ্থযাত্ৰীৰ মূৰ্তি স্থাপন কৰা হ'ব ।

হোজাইত চীপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

হোজাইত সংঘটিত হৈছে এক অঘটন ৷ নিজ বাসগৃহতে চীপ লৈ থকা অৱস্থাত সোমবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ যুৱকজন পূৱ ধনীৰাম পথাৰৰ বাবলু দাস বুলি জানিব পৰা গৈছে ৷

বাতিল কৰক সাংস্কৃতিক অনুষ্ঠান: পাপৰি গগৈ

ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি শিল্পী পাপৰি গগৈৰ আহ্বান বিহু উদযাপন সমিতি আৰু শিল্পী সমাজলৈ ৷ শিল্পী গৰাকীৰ মতে, দেহা থাকিলেহে বেহা, গতিকে সাংস্কৃতিক অনুষ্ঠান কৰাৰ পৰা বিৰত থাকিব লাগে সকলোৱে ৷

আৰক্ষীৰ জালত হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত

সৰ্থেবাৰীৰ কাৰাকুছিৰ হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞা আৰক্ষীৰ জালত । নগাঁৱৰ বটদ্ৰৱাত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ভূঞাক ৷

ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চিকিৎসাকৰ্মী

উত্তৰ প্ৰদেশৰ মেৰঠৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুজন পুৰুষ কৰ্মচাৰীক ৰেমদেচিভিৰ বেজী বিক্ৰী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৷ চিকিৎসালয় খনত কৰ্মৰত পুৰুষ কৰ্মচাৰী গৰাকীয়ে চিকিৎসালয়ৰ পৰা গোপনে নি মুকলি বজাৰত উক্ত বেজীটো ৩২,০০০ টকাত বিক্ৰী কৰিছে ৷

কাৰ পাৰ্কিঙত জ্বলিছে ইখনৰ পিছত সিখন চিতা

হাৰিয়ানাৰ গুৰুগ্ৰামৰ এক দৃশ্যই অন্তৰ জোকাৰি যাব আপোনাৰ ৷ মহামাৰী ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এক দৃশ্যই জোকাৰি গৈছে সকলোৰে অন্তৰ ৷ দেশৰ আগশাৰীৰ চহৰ সমূহত কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া মৃতকৰ মৃতদেহ সৎকাৰৰ বাবে ঠাই নোহোৱা হৈছে গুৰুগ্ৰামত ৷

বাগদাদৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত 82 গৰাকী ৰোগীৰ মৃত্যু

বাগদাদত কৰ’ণা ভাইৰাছৰ ৰোগী থকা এখন চিকিৎসালয়ত ভয়াবহ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত নিহত হয় 82গৰাকী আৰু আহত হৈছে প্ৰায় 110তকৈ অধিক কৰ’ণা ৰোগী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.