অভিশপ্ত বাঘজান কাণ্ডৰ পাছতো শিক্ষা নহ'ল নেকি অইল ইণ্ডিয়া লিমিটেডৰ ?
বাঘজান BGN 5 নং তৈলখাদত সংঘটিত অভিশপ্ত অগ্নিকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই পূৰ্ণগতিত চলি আছে বাঘজানত কেইবাটাও অইল খাদৰ কাম-কাজ । পক্ষী বিচৰণস্থলী এছিয়া বিখ্যাত মাগুৰি মতাপুং বিলৰ পাৰতে বহিছে Foresight S-103 নামৰ এটা ৰিগ । নিমাত বিভিন্ন দল-সংগঠন, প্ৰকৃতি কৰ্মী ৷
ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰকেট লাঞ্চাৰ উদ্ধাৰ
পূজাৰ বতৰ আৰম্ভ হোৱাৰ মাজতে ডিব্ৰুগড়ত উদ্ধাৰ হৈছে বিস্ফোৰক । ডিব্ৰুগড়-বকুল সংযোগী বাইপাছৰ কাষৰ জগন্নাথ মন্দিৰৰ পৰা কিছু নিলগত বকপাৰা নামৰ ঠাইত উদ্ধাৰ এটা ৰকেট লাঞ্চাৰ । জানিব পৰা মতে, দেওবাৰে পুৱা স্থানীয় এজন ব্যক্তিয়ে গৰু এৰাল দিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে এই বিস্ফোৰকবিধ ।
নিলয় দত্তৰ মৃত্যুত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ শোক প্ৰকাশ
বিশিষ্ট অধিবক্তা নিলয় দত্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ৷ আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে দেওবাৰে নলবাৰীত উপস্থিত হৈ বিশিষ্ট আইনজ্ঞগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১
চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ পৰা অথবা আগন্তুক বৰ্ষৰ ১৩ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ'ব ১৫ সংখ্য়ক CTET পৰীক্ষা ৷ ক'ত আৰু কেনেকৈ এই পৰীক্ষাৰ বাবে কৰিব আবেদন ?
বঢ়মপুৰত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন
ভোগেশ্বৰী ফুকননী, ঠগী সুত, বলো সুত আৰু লক্ষী হাজৰিকা 1942 ৰ গণ আন্দোলনত শ্বহীদ হৈছিল ৷ চাৰিওগৰাকী শ্বহীদৰ স্মৃতিত নগাঁৱৰ বিভিন্ন স্থানত শনিবাৰে শ্বহীদ দিৱস পালন কৰা হয় ৷
গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ অত্যাধুনিক জাহাজ
শনিবাৰে গুৱাহাটীৰ পৰা মাজুলী পালেহি দুখনকৈ জাহাজ(Ship) ৷ 8 ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ(Ferry Accidenr) পাচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) এটা ইঞ্জিনযুক্ত ফেৰীসমূহ বন্ধ কৰি দিয়াৰ নিৰ্দেশ দিছিল ৷
অৱশেষত ৰঙাঘৰৰ আলহী হ’ল কুখ্যাত দালাল ইছফাকুৰ
শনিবাৰে নিশা নগাঁৱৰ কুখ্যাত দালাল ইছফাকুৰ ৰহমানক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ(Nagaon Police) ৷ লগতে ধৃত দালালটোৰ বাসগৃহৰ পৰা তিনি বেগ কেছ ডায়েৰী আৰু ভুৱা নথি-পত্ৰও জব্দ কৰা হয় ৷ জানিব পৰা মতে, জিলাখনৰ বটদ্ৰৱা, ধিং, জুৰীয়া, দ-গাঁও আদি কেইবাখনো থানাত এজাহাৰ লিখাৰ নামত দালালি কৰি আহিছিল দালালটোৱে ৷
বিশিষ্ট অধিবক্তা নিলয় দত্তৰ আকস্মিক বিয়োগ
জ্যেষ্ঠ আইনজীৱী নিলয় দত্তৰ আকস্মিক বিয়োগ ৷ কৰ্ণাটকৰ কুৰ্গত শনিবাৰে নিশা প্ৰায় ২ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অধিবক্তাগৰাকীয়ে । অধিবক্তাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
পৰ্ণ’গ্ৰাফী গোচৰত নিৰ্দোষীৰ দাবীৰে জামিন আবেদন দাখিল ৰাজ কুন্দ্ৰাৰ
শনিবাৰে আদালতৰ পৰা জামিন বিচাৰি নিজকে নিৰ্দোষী আখ্যা দিয়ে পৰ্ণ’গ্ৰাফী(Pornography) গোচৰত অভিযুক্ত ব্যৱসায়ী ৰাজ কুন্দ্ৰাই(Raj Kundra) ৷ তেওঁৰ বিৰুদ্ধে দাখিল কৰা চাৰ্জশ্বীটত কুন্দ্ৰাৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰে ৷
আজিৰ দিনটোতে 6 বলত ছয়টা ছিক্সৰে অভিলেখ গঢ়িছিল যুৱৰাজ সিঙে
ক্ৰিকেটৰ ইতিহাসত আজিৰ দিনটো এক স্মৰণীয় দিন ৷ 2007 চনত আজিৰ দিনটোতে ইংলেণ্ডৰ বিৰুদ্ধে টী20 বিশ্বকাপৰ মেচত যুৱৰাজ সিঙে ছয়টা বলত ছয়টা ‘ছিক্স’ কোবাইছিল ৷