ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি - বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি

3 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 3 PM
বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Aug 5, 2021, 3:00 PM IST

কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

বৃহস্পতিবাৰে উত্তাল অসম বিধানসভা (Assam Assembly)ৰ সদন । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে বিধায়কসকলক উগ্ৰপন্থীৰ সৈতে তুলনা কৰি কোৱা কথাষাৰৰ পাচতে জাঙুৰ খাই উঠে বিৰোধী বিধায়কসকল । যাৰ ফলস্বৰূপে আধা ঘণ্টাৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই ৷

অসম জীয়ৰী লাভলীনালৈ শুভেচ্ছা...

পৰাজয় নহয়, ক্ৰীড়া জগতৰ ক্ষেত্ৰত নতুন দিশ সূচনা কৰিলে অসম কন্যা লাভলীনাই ৷ টকিঅ’ অলিম্পিক(tokyo olympics)ত ব্ৰঞ্জৰ পদক নিজৰ নামত কৰিবলৈ সক্ষম হ’ল অসম জীয়ৰী লাভলীনাই ৷ ক্ৰীড়া ক্ষেত্ৰৰ পৰা ৰাজনীতি জগতলৈ, সমাজকৰ্মীৰ পৰা সাধাৰণ জনতালৈ: টুইটাৰত অসম কন্যা লাভলীনালৈ শুভেচ্ছাৰ বৰষুণ ৷

৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে

অলিম্পিকত পদক লাভেৰে অসমৰ ক্ৰীড়া জগতত ইতিহাস ৰচনা কৰা লাভলীনা বৰগোঁহাইক কলাক্ষেত্ৰত চৰকাৰীভাৱে সম্বৰ্ধনা জনোৱা হ'ব । গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনা বৰগোঁহাইক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে । লাভলীনা বৰগোঁহাইক স্বগৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনোৱাৰ সিদ্ধান্ত লৈছে ।

সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত বন্ধ হ'ল বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড

বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডে দীপৰ বিলৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ যাৰ প্ৰতি লক্ষ্য ৰাখি সেউজ ন্যায়াধিকৰণে পৌৰ নিগম কর্তৃপক্ষক বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । এফালে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ আৰু আনফালে চন্দ্ৰপুৰত ৰাইজৰ ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন ।

ধোৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ

শিপিনীৰ প্ৰশিক্ষণৰ কাৰণে শিৱসাগৰ জিলাৰ জাঁজীত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত স্থাপন কৰিছিল এটা প্ৰশিক্ষণ কেন্দ্ৰ ৷ কিন্তু সংশ্লিষ্ট বিভাগৰ অমনোযোগিতা বা উপযুক্ত পৰকিকল্পনাৰ অভাৱতেই অব্যৱহৃত হৈ পৰি ৰৈছে এই প্ৰশিক্ষণ কেন্দ্ৰটো ৷

শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

অসম চৰকাৰৰ দুগৰাকী কেবিনেট মন্ত্ৰী অতুল বৰা (Atul Bora) আৰু অশোক সিংঘালক (Ashok Singhal) সীমা বিবাদ সন্দৰ্ভত আলোচনাত মিলিত হ’বলৈ আইজললৈ (Aizawal) যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) ৷ সেই নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰে পুৱাই দিছপুৰৰ পৰা মিজোৰাম অভিমুখে ৰাওনা হৈছে অসমৰ দুই মন্ত্ৰী ক্ৰমে অতুল বৰা আৰু অশোক সিংঘাল ৷

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা পদ ত্যাগ প্ৰশান্ত কিশোৰৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙৰ মুখ্য উপদেষ্টা পদ ত্যাগ কৰিছে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ৷ ৰাজহুৱা জীৱনত সক্ৰিয় ভূমিকাৰ পৰা অস্থায়ী বিৰতি ল'ব বিচৰা বুলি উল্লেখ কৰি প্ৰশান্ত কিশোৰে এই পদৰ পৰা অব্যাহতি লয় ৷

অসম আৰু অলিম্পিক: ডঃ টালিমেৰেন আওৰ পৰা লাভলিনালৈ

The Greatest Show on Earth হিচাপে পৰিগণিত বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰাটো প্ৰতিগৰাকী খেলুৱৈৰ বাবে এক সপোন । এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰি স্বাধীনতাৰ সময়ৰে পৰা অসমলৈ সুনাম কঢ়িয়াই আনিছে কেইবাগৰাকীও খেলুৱৈয়ে ৷

লখিমপুৰ জিলা কাৰাগাৰৰ পৰা পুনৰ কয়দীৰ পলায়ন

কাৰাগাৰৰ মূল প্ৰৱেশদ্বাৰেৰে সুৰক্ষা কৰ্মীৰ চকুৰ সন্মুখতে চতুৰ কয়দীজনে পলাই যাবলৈ সক্ষম হয় । পলাতক কয়দীজন জিলা খনৰ নাৰায়ণপুৰ অঞ্চলৰ ৰাজেন ফুকন বুলি জানিব পৰা গৈছে । পুৱতি নিশা আৰক্ষীয়ে পুনৰ পলাতক কয়দীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

পৰ্ণগ্ৰাফী গোচৰ: ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ

পৰ্ণগ্ৰাফী গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰাৰ জামিন আবেদন নাকচ ৷ বুধবাৰে metropolitan magistrate courtএ ৰাজ কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পৰ জামিন আবেদন নাকচ কৰে ৷ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যথেষ্ট গুৰুতৰ আখ্যা দিছে আদালতে ৷ আদালতে এইবুলিও কৈছে যে, তদন্ত প্ৰক্ৰিয়া চলি থকা অৱস্থাত জামিন প্ৰদান কৰিলে তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.