ETV Bharat / state

বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি - বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি

বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি

top-10-news-at-3-pm
বিয়লি 3 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 24, 2021, 3:06 PM IST

আজিৰ আকাশত দৃশ্যমান হ'ব 'Strawberry Moon'

আকাশত 'Strawberry Moon' চাবলৈ আপুনি সাজু নে ? বৃহস্পতিবাৰে আকাশত দৃশ্যমান হ'ব 'Strawberry Moon' ৷ ষ্ট্ৰবেৰীৰ দৰে ৰঙৰ হৈ জিলিকি উঠিব জোনটো । যদিও এই নামটো ইউৰোপীয় দেশৰ পৰা অহা, তথাপি ভাৰতত বট পূৰ্ণিমা হিচাপে ঠাই বিশেষে মহিলাসকলে এই দিনটোত পূজা-অৰ্চনা আগবঢ়ায় ।

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ সংঘাত: দিল্লীত উপস্থিত সুদীপ ৰয়

ত্ৰিপুৰা বিজেপিত আভ্যন্তৰীণ সংঘাত ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিল্লীত উপস্থিত সুদীপ ৰয় বৰ্মন ৷ কেবিনেট সম্প্ৰসাৰণৰ সম্ভাৱনা ৷ বিগত এবছৰৰ পৰা বিজেপি দলৰ ভিতৰচৰাত জ্বলি থকা ভিন্নমতৰ জুইকুৰা নুমুৱাবলৈ চলোৱা বহুকেইটা প্ৰচেষ্টাক অসাৰ প্ৰতিপন্ন কৰি ত্ৰিপুৰা বিজেপিৰ আভ্যন্তৰীণ সংঘাতে চূড়ান্ত পৰ্যায় পাইছেগৈ ৷

'মাডাৰ্ছ অ'ল্ড এজ হোম'ৰ বেমেজালিৰ প্ৰসংগ:তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মাদাৰ অল্ড হাউচ বৃদ্ধাশ্ৰমখন (Mother Old Age Home)পৰিচালনা কৰা দুই হোতা উৎপল আৰু মণিকাৰ সংঘাতে ৰাজ্যজুৰু চাঞ্চল্য় সৃষ্টি কৰিছে । উক্ত বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱা সমগ্ৰ বিষয়টো তদাৰক কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ক্তক নিৰ্দেশ দিয়াৰ লগতে ৭২ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

বিদ্যুৎ যোগান নধৰাকৈ বিদ্যুতৰ বিল দিলে শক্তি বিভাগে

শক্তি মন্ত্ৰী বিমল বৰাৰ গৃহ জিলাত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড ৷ বিদ্যুৎ বিভাগে বিদ্যুতৰ খুঁটা পুতি বিদ্যুৎ যোগান নিদিয়াকৈ যোৱাটো বছৰতে দিছিল বিদ্যুতৰ বিল। ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙৰ ১০৮ নং গ্ৰান্টত বিদ্যুৎ বিভাগে তিনি বছৰ পূৰ্বেই বিদ্যুৎ খুঁটা পুতি, বিদ্যুৎৰ তাঁৰ লগাই কিন্তু আজি পৰ্যন্ত গাঁওখনৰ ৰাইজক বিদ্যুৎ যোগান নিদিলে বিদ্যুৎ বিভাগে।

আন্তঃজিলা যাতায়ত বন্ধৰ বাবে বিপদত পোনা মাছ ব্যৱসায়ী

বিলাসীপাৰাৰ শালকোচাত আৰক্ষীৰ অভিযানত জব্দ পোনা মাছ ভৰ্তি এখন বাহন । আৰক্ষীৰ জিম্মাত থকা বাহনখনৰ পোনা মাছসমূহ মৰি যোৱাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

তিনিচুকীয়াতে অইল ইণ্ডিয়াৰ তেল চুৰিৰ 126টা গোচৰ পঞ্জীয়ন

দুলিয়াজান অইলৰ নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়া ৰঞ্জিত কুমাৰ মাহাতু আৰু বিমল চেতিয়াই জনোৱা তথ্য অনুসৰি এতিয়ালৈকে তিনিচুকীয়া জিলাখনত ১৪২ টা তেল চুৰিৰ ঘটনা সংঘটিত হৈছে তাৰে ১২৬ টা ঘটনাৰ বিৰুদ্ধে গোচৰো পঞ্জীয়ন হৈছে বুলি সদৰি কৰে বিষয়া দ্বয়ে ৷

আৰক্ষীৰ গুলিত আহত গৰু চিণ্ডিকেট চক্ৰৰ মূল নায়ক

বৰপেটা আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি মাফিয়াজনক লৈ আৰক্ষীয়ে কলগাছিয়ালৈ অনুসন্ধানৰ বাবে লৈ গৈ থকা অৱস্থাত আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰাৰ ফলতেই আৰক্ষীৰ গুলিত আহত হয় মোজাম্মিল হ’ক ৷

কামৰূপ মহানগৰৰ তুলনাত অন্য জিলাত বৃদ্ধি পাইছে ক'ভিড(Covid-19ৰ সংক্ৰমণ

ৰাজ্যৰ বিভিন্ন জিলাত এতিয়াও অব্যাহত আছে কৰ'ণা(Corona)ৰ সংহাৰ । ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত কৰ'ণাৰ সংক্ৰমণ ক্ৰমাৎ কিছু হ্ৰাস পোৱাৰ বিপৰীতে শোণিতপুৰ, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, নগাঁও, যোৰহাট আদি জিলাত বৃদ্ধি পাইছে ।

কিন্নৰৰ বেশত ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ

আৰক্ষীৰ হাতত ধৰা পৰা অবৈধ বিদেশী নাগৰিকৰ ভাৰতৰ মাটিত প্ৰৱেশৰ মূল দ্বাৰ আছিল ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ আন্তৰ্জাতিক সীমান্ত । প্ৰশ্ন হয়, কিমান সুৰক্ষিত ভাৰত- বাংলাদেশৰ আন্তৰ্জাতিক সীমান্ত ?

সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

বৃহস্পতিবাৰে নতুন দিল্লীত জম্মু-কাশ্মীৰৰ 14 গৰাকী শীৰ্ষ ৰাজনীতিবিদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে । 2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 (A) বাতিল কৰাৰ পাচত এইখনেই হ'ব প্ৰথমখন সৰ্বদলীয় বৈঠক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.