ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 15, 2021, 11:04 AM IST

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

ঐতিহাসিক দলং সংৰক্ষণৰ অনুৰোধ জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ বিধায়ক অখিল গগৈৰ

বৃটিছৰ দিনতে নিৰ্মাণ কৰা শিৱসাগৰৰ এখন দলং জহি-খহি যোৱাৰ উপক্ৰম হোৱাত উক্ত দলংখন মেৰামতি কৰি সংৰক্ষণৰ দিহা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ(MLA Akhil Gogoi)য়ে ।

ৰূপসী উন্নয়ন খণ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্যৰ অভিযোগ

কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত দিন-দুপৰলৈ অনুপস্থিত সৰহ সংখ্যক বিষয়া-কৰ্মচাৰী ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক'ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ এইসকল কৰ্মচাৰীয়ে সেই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাইছে বুলি উত্থাপিত হৈছে অভিযোগ ৷

গোলাঘাটৰ উন্নয়নক লৈ ব্যস্ত অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত

গোলাঘাট জিলাৰ ভৱিষ্যতৰ মিচন প্লেন, বৰ্তমানৰ সমস্যা আৰু জিলাখনৰ উন্নয়ন সন্দৰ্ভত সোমবাৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত ৷ গোলাঘাটৰ প্ৰতি মুহুৰ্তৰ খবৰৰ লগতে ক’ভিডৰ সকলো তথ্য মন্ত্ৰীগৰাকীক প্ৰত্যেকদিনা দাখিল কৰিবলে জিলাখনৰ শীৰ্ষ মহলক নিৰ্দেশ দিয়ে ৷

শিৱসাগৰ প্ৰশাসনক 10 দিনৰ সময়সীমা অসম ছাত্ৰ যুৱ সন্মিলনৰ

শিৱসাগৰ নগৰৰ অন্তৰ্গত বহু অঞ্চলত একাংশ দুষ্ট লোকে চৰকাৰী ভূমি দখল কৰি উচ্চ দৰত বিভিন্ন ব্যক্তিক বিক্ৰী কৰি থকাৰ অভিযোগ অসম ছাত্ৰ যুৱ সন্মিলনৰ ৷ ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে সংগঠনটোৱে ৷

বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ

সোমবাৰে পল্টন বজাৰস্থিত বিজুলী ভৱনত উপস্থিত হয় ড৹ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পাচতে বিদ্যুৎ চুৰি কৰাসকলৰ বাবে সৰ্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত সংগ দিয়ে বিদ্যুৎ মন্ত্ৰী বিমল বৰাই ।

পেলনীয়া প্লাষ্টিকৰ বটলেৰে নাও প্ৰস্তুত এজন যুৱকৰ

বনভোজ থলীৰ 1600 টা পেলনীয়া প্লাষ্টিকৰ বটলেৰে এখন নাও প্ৰস্তুত ডিব্ৰুগড়ৰ এজন যুৱকৰ ৷ ‘ব্ৰহ্মপুত্ৰৰ মুকুটা’ (Brahmaputra Mukuta) শীৰ্ষক বিশাল নৌকাৰ স্বত্বাধিকাৰী বুমণি গগৈ ওৰফে ধীৰাজ বিকাশ গগৈয়ে ‘প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰ’ (Plastic Free Brahmaputra) লক্ষ্যৰে সাজি উলিয়াইছে এই নাওখন ৷

হোজাইত বিধ্বংসী অগ্নিকাণ্ড

মঙলবাৰে হোজাইৰ লংকাস্থিত মাধৱদেৱ পথৰ বলদ্বীপ চৌহান নামৰ এজন লোকৰ ঘৰত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডটোত জাহ যায় চৌহানৰ এটা বাসগৃহ । বিধ্বংসী অগ্নিকাণ্ডটোত গৃহস্থৰ কেইবালাখ টকাৰ ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনীয়তাৰ কথা জানিব পৰা গৈছে ।

Etv Bharat news impact: গোলাঘাটৰ চয়নিকালৈ মুখ্যমন্ত্ৰীৰ সাহায্য

সোমবাৰে গোলাঘাটৰ শিল্পী চয়নিকা সভাপণ্ডিতে মঞ্চ এৰি পাচলি বিক্ৰীৰ ব্যৱসায়ত জড়িত হোৱাৰ খবৰ সম্প্ৰচাৰিত হৈছিল ইটিভি ভাৰতৰ জৰিয়তে ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে শিল্পী গৰাকীলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে(Chief Minister of state) আগবঢ়ালে বিশেষ সাহায্য ।

ত্ৰিপুৰাত SFI নেতাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ত্ৰিপুৰাত অব্যাহত আছে বামপন্থী নেতা-কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ শেহতীয়াকৈ দেওবাৰ মাজনিশা এছএফআইৰ ৰাজ্যিক সচিব সন্দীপন দেৱৰ বাসগৃহত এদল দুৰ্বৃত্তই প্ৰৱেশ কৰি চলায় আক্ৰমণ ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে আক্ৰমণক গৰিহণা দিয়াৰ লগতে তদন্তৰ আশ্বাস প্ৰদানৰ পাছতো সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ত্ৰিপুৰাত 4 নাবালিকাক ধৰ্ষণ: আটক 7 অভিযুক্ত

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত দেওবাৰে নিশা সংঘটিত হৈছে এক ধৰ্ষণকাণ্ড ৷ 7 বন্ধুৱে ধৰ্ষণ কৰিলে চাৰি নাবালিকাক ৷ 24 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে আটক কৰিছে আটাইকেইজন অভিযুক্তক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.