ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 12, 2021, 11:06 AM IST

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

হোজাইত যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকাৰ বিৰুদ্ধে গোচৰ ৰুজু

সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য(Offensive Comments) কৰি ৰঙাঘৰৰ আলহী হ’ল হোজাইৰ যুৱ কংগ্ৰেছৰ জিলা সম্পাদিকা কুছুম নন্দী ৷ কুছুম নন্দীয়ে কৰা পোষ্টক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ: শিশু সেৱা আঁচনি মুকলি

এমাহ সম্পূৰ্ণ হ’ল ৰাজ্যৰ নতুন চৰকাৰৰ ৷ বৃহস্পতিবাৰে প্ৰথম মাহপূৰ্তিৰ লগত সংগতি মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এখন শিশু সেৱা আঁচনি(Child Care Scheme) ৷ এই শিশু সেৱা আঁচনি(Child Care Scheme)খনৰ লগতে বহু কেইখন আঁচনিৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

হাওৰাঘাটত গ্ৰাহকক ম্যাদ ওকলা ঔষধ বিক্ৰীৰ অভিযোগ

হাওৰাঘাটত চৰকাৰী চিকিৎসালয়ৰ চৌহদত থকা ৰুক্মিণী মেডিকেল হল নামৰ ফাৰ্মাচীখনে খগেন বসুমতাৰী নামৰ যুৱকজনক ম্যাদ ওকলা ঔষধ বিক্ৰী কৰিছিল ৷ ম্যাদ ওকলা ঔষধ সেৱন কৰি এতিয়া শাৰীৰিক অসুস্থতাত ভুগিছে খগেন বসুমতাৰীয়ে ।

কোকৰাঝাৰত একেডাল গছতে উদ্ধাৰ দুই ভগ্নীৰ মৃতদেহ

কোকৰাঝাৰ জিলাৰ অভয়াকুটি গাঁৱত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ দুই সম্পৰ্কীয় ভগ্নীৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ধনশিৰি আছুৰ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত একাংশ অঞ্চলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ ম্যাদী পট্টা নথকাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ বঞ্চিত হ’বলগাত পৰিছে । যাৰ বাবে অঞ্চলসমূহৰ দৰিদ্ৰ তথা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকল উচ্চ শিক্ষা গ্ৰহণৰ লগতে চৰকাৰে আগবঢ়োৱা জলপানিৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে । সেয়ে ধনশিৰি আছুৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ ৷

বাক্সাৰ ড৹ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী ইউ জি ব্ৰহ্ম

বাক্সা জিলাৰ ছাপাগুৰি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই (Urkhaw Gwra Brahma) শুকুৰবাৰে মুছলপুৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷ ক’ভিডৰ সৈতে যুঁজ দিয়াৰ বাবে চিকিৎসালয়খনক নতুন ৰূপত গঢ় দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ধলপুৰত দুৰ্ঘটনাত পতিত চুইফট বাহন

নাৰায়ণপুৰৰ ধলপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুঘটনা(Road Accident) ৷ নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে এডাল গছত খুন্দিৱাই ৷ যাৰ ফলত চূৰ্ণ-বিচুৰ্ণ হয় মাৰুতি চুইফ্ট বাহন এখন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS-O7-S-2610 ৷

চাপৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিলাতী সুৰা জব্দ

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ ইয়াৰ মাজতে পূৱ বিলাসীপাৰাৰ চাপৰত জব্দ বুজন পৰিমাণৰ গাঞ্জা আৰু বিলাতী সুৰা ৷ আটক কেইবাজনো লোক ৷

ত্ৰিপুৰাত পৰীক্ষা অবিহনে 1.8 লক্ষাধিক শিক্ষাৰ্থীক উত্তীৰ্ণৰ সিদ্ধান্ত

কৰ’ণা ভাইৰাছ(Corona Virus)ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ শিক্ষা বিভাগে পঞ্চম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত অধ্যয়নৰত প্ৰায় 1.8 লক্ষাধিক শিক্ষাৰ্থীক পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে সদৰী কৰে এই কথা ।

লাভলীনা বৰগোঁহাইক বিধায়ক বিশ্বজিৎ ফুকনৰ শুভেচ্ছা

ক'ভিড পৰিস্থিতিৰ মাজতে অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে এটা ভাল খবৰ ৷ অলিম্পিকলৈ অসমৰ প্ৰথম গৰাকী মহিলা বক্সাৰ হিচাপে যোগ্যতা অৰ্জন কৰিছে গোলাঘাট জিলাৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই(Lovlina Borgohain)য়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.