ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 18, 2020, 9:00 AM IST

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ ভাৰতৰ

ভাৰতৰ লগতে আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱে'ই লাভ কৰিছে এই সদস্য পদ ৷ এই নিৰ্বাচনত উপস্থিত আছিল 192 সদস্য ৰাষ্ট্ৰ ৷ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন আছিল 128 টা ভোট ৷ ভাৰতে 184 টা ভোট লাভ কৰাৰ পৰিৱৰ্তে কানাডা নিৰ্বাচনত পৰাস্ত হয় ৷

108ৰ চালকক আক্ৰমণৰ ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ

24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ 108ৰ চালকক আক্ৰমণৰ ঘটনাত জড়িত এজনক । নগাওঁ আৰক্ষীক ধন্যবাদ 108 কৰ্মচাৰীৰ ।

ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি

ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি । ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক ।

আইচলেচন ৱাৰ্ডৰ পৰা কৰ'ণা আক্ৰান্তৰ মোবাইল চুৰি

চিৰাঙত মোবাইল চোৰৰ পৰা গণ সংক্ৰমনৰ পথত কৰ'ণা ভাইৰাছ । নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন । চোৰক আটক কৰি কোৱাৰেন্টাইনৰ ব‍্যৱস্থা ।

মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা

ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও জিলাৰ কামপুৰ আৰক্ষীয়ে আটক কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বহুকেইগৰাকী ছাত্ৰনেতাক ৷ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসৰ লগতে আটক কেইবাজনো সদস্যক ৷

অম্বুবাচীৰ সময়ছোৱাত কামাখ্যালৈ যোৱা প্ৰতিটো পথ বন্ধ থাকিব

কৰ'ণা মহামাৰীৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা ৷ এখন সংবাদমেলযোগে উল্লেখ কৰে দলৈ সমাজে ৷

বানৰ বাবেই পথৰ ওপৰত মৰণা মাৰিছে কৃষকে, নষ্ট হৈছে বহু শস্য

জীয়াঢলৰ কোৱাল বানৰ কৱলত পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল । পানীৰে একাকাৰ হৈছে ঘৰ-পথাৰ । এনে অৱস্থাত কৃষকসকলৰ অৱস্থাও দিনে দিনে অৱনতি হোৱাৰ লগতে নষ্ট হৈছে বহুসংখ্যক ধান ৷

অৰুণাচলত অসমৰ ট্ৰাক চালকক অত্যাচাৰৰ অভিযোগ

এই সন্দৰ্ভত মাজবাটৰ লালপানীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ট্ৰাক চালকে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা একাংশ ট্ৰাক চালকৰ ওপৰত অত্যাচাৰ চলায় অৰুণাচলৰ লোকসকলে ৷

17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি

অৱশেষত 17 দিনৰ মুৰত বুধবাৰে ইঞ্জিন চলিল লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথত । বিগত 1 জুনৰ নিশা মুপা আৰু মাইবাঙৰ মাজত হোৱা ভূমিস্খলনৰ ফলত পাহাৰ লাইনত ৰেলসেৱা ব্যহত হৈ পৰিছিল ।

দিল্লীৰ মন্ত্ৰীৰ দেহত COVID-19, শীৰ্ষ নেতালৈ চিন্তাৰ কাৰণ

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈনৰ দেহত বুধবাৰে ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছ । তেওঁক প্ৰচণ্ড জ্বৰৰ বাবে এদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল হাস্পতালত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.