ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 29, 2021, 9:03 AM IST

9 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 9 am
9 বজাৰ দহটা শীৰ্ষ বাতৰি

9 বজাৰ দহটা শীৰ্ষ বাতৰি

Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ছাইবাৰ অপৰাধ(Cyber Crime) জনিত ঘটনা ৷ এই ধৰণৰ ঘটনা হ্ৰাস কৰাৰ উদ্দেশ্যে অসম আৰক্ষী(Assam Police)ত কৰা হৈছে নৱতম সংযোজন ৷ অৱলম্বন কৰিছে নতুন কৌশল ৷

এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

ৰাজ্যত খালী হৈ আছে প্ৰায় ৮০ হাজাৰ খালী পদ ৷ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ ক্ষীপ্ৰ ৰূপায়নৰ বাবে মুখ্য সচিবৰ তত্বাৱধানত এখন ক’ৰ কমিটি গঠন ৷ পূৰণ কৰিবলগীয়া খালী পদৰ হিচাপ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰ হিচাপ বিভাগসমূহক অহা ৪ দিনৰ ভিতৰত বিত্ত বিভাগত জমা দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগৰ নিৰ্দেশ ৷

মঙলবাৰে দাখিল হ'ব উদালী কাণ্ডৰ CHARGE SHEET

মঙলবাৰে উদালী চিকিৎসক নিগ্ৰহৰ ঘটনাৰ 34 গৰাকী অভিযুক্তৰ বিৰুদ্ধে আদালতত দাখিল কৰা হ'ব অভিযোগ নামা(chargesheet) ৷ সাংবাদিকৰ আগত এই কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

ৰাজ্যত পুনৰ মহিলা চিকিৎসকক যৌন নিৰ্যাতন সতীৰ্থৰ

ডিব্ৰুগড় জিলাত পুনৰ সংঘটিত সতীৰ্থ যুৱতী চিকিৎসকক ধৰ্ষণৰ চাঞ্চল্যকৰ ঘটনা ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ ইতিমধ্যে অভিযুক্ত চিকিৎসক গৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি কৰ্মচাৰীক বৰ্খাস্ত

আছুুৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত অৱশেষত বৰ্খাস্ত হ'ল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনিগৰাকী কৰ্মচাৰী ৷ বক্ৰ পথ অৱলম্বন কৰি প্ৰতিষ্ঠান খনত নিযুক্তি লাভ কৰিছিল এই কৰ্মচাৰী কেইগৰাকীয়ে ৷ ঘটনাৰ পাছতে সচেতন মহলৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ কিমান সাজু ৰাজ্যৰ স্বাস্থ্য বিভাগ ?

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা চৰকাৰে অহৰহ চেষ্টা চলাই আছে ৷ লগতে ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মুখামুখি হ’বলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে ৷ নগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

বনকৰা কিশোৰীৰ আত্মহত্যাৰ পাচতেই কাৰাগাৰলৈ প্ৰেৰণ অইলৰ কৰ্মচাৰীক

দুলীয়াজান অইল(OIL)ৰ আবাসিক গৃহত কিশোৰীৰ আত্মহত্যাৰ ঘটনা সংক্ৰান্তত এজনক কাৰাগাৰলৈ প্ৰেৰণ ৷ দেওবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ আৱাসিক অঞ্চলত সংঘটিত হোৱা এক ৰহস্য জনক কিশোৰী আত্মহত্যাৰ ঘটনাই তৈল নগৰী খনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে চাহ জনজাতি ছাত্ৰ সন্থাই উক্ত ঘটনাত ৰহস্য থকা বুলিও অভিযোগ তুলিছিল ।

ডিজিটেল আন্দোলনেৰে এখন উদ্যান ৰক্ষাৰ আহ্বান একাংশ শিশুৰ

কৰিমগঞ্জ চহৰৰ মাজমজিয়াতঅবস্থিত শম্ভূ সাগৰ পাৰ্ক নামৰ উদ্যানখন চাফ চিকুনকৈ ৰখাৰ দাবীত আৰম্ভ হৈছে এক অভিনৱ আন্দোলন । ডিজিটেল প্লেটফৰ্ম'ৰ জৰিয়তে আৰম্ভ হোৱা আন্দোলনত অংশ গ্ৰহণ কৰিছে বহিৰাষ্ট্ৰৰ লোকেও । বিশেষকৈ কণ কণ শিশু সকলে শম্ভূ সাগৰ পাৰ্ক নামৰ শিশু উদ্যানখন জীয়াই ৰখাৰ দাবীত হাতে হাতে প্লে’কাৰ্ড লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় কামনা কৰিছে ।

একে লগে বিদ্যুৎ সংযোগ হেৰুৱালে এখন গাঁৱৰ গঞাই

বিদ্যুৎ চুৰি তথা বিদ্যুতৰ মাচুল পৰিশোধ নকৰা পৰিয়াল সমূহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ সময় মতে যাতে সকলোৱে বিদ্যুতৰ মাচুল পৰিশোধ কৰে তাৰ বাবে ন-ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰ তথা শক্তি বিভাগে ৷ ইয়াৰ মাজতে চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ ৷

ক'ভিডে প্ৰভাৱিত কৰা খণ্ডৰ বাবে ১.১ লাখ কোটি টকা ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ

সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে সকাহ দিছে কেন্দ্ৰীয় চৰকাৰে । ক'ভিড-১৯ মহামাৰীয়ে প্ৰভাৱিত কৰা বিভিন্ন খণ্ডৰ বাবে ১.১ লাখ কোটি টকাৰ আঁচনি ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে(Nirmala Sitharaman) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.