ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ
ক'ভিড আতংকৰ মাজতে শনিবাৰে গোলাঘাটৰ ৰজাবাৰী চাহ বাগিচাত শ্ৰমিকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰজাবাৰী বাগিচা শাখাৰ উদ্যোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটেৰে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷ বাগিচাখনৰ 600 বিঘা চাহ ভূমি মালিক পক্ষই শ্ৰমিকক অন্ধকাৰত ৰাখি এনআৰএল (NRL)ক বিক্ৰী কৰাৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদত ৰূপায়ণ কৰা হয় এই ধৰ্মঘট ৷ মাটি বিক্ৰী কাৰ্যৰ পৰা বিৰত থাকিবলৈ মালিকপক্ষক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷
অসমত কিমান দূৰ ফলপ্ৰসু হৈছে অনলাইন শিক্ষা ব্যৱস্থা
ৰাজ্যৰ সহস্ৰাধিক গাঁৱত নাই ইণ্টাৰনেটৰ সেৱা । ইয়াৰে বহুতেই নাজানে ইণ্টাৰনেটৰ ব্যৱহাৰ । তদুপৰি কৰ'ণাকালীন পৰিস্থিতিত শিশু সন্তানক অনলাইন ক্লাছ কৰাব পৰাকৈ বহু অভিভাৱকসকল ডিজিটেলী শিক্ষিত নহয় ৷ গ্ৰামাঞ্চলত অসাৰ অনলাইন শিক্ষা ব্যৱস্থা আৰু অধিকাংশ লোকৰে নাই স্মাৰ্ট ফোন । সেয়ে ৰাজ্যৰ নিয়মীয়া শিক্ষা ব্যৱস্থাত স্থবিৰতাই দেখা দিছে ৷
সোণতলীত দুই ফৈদৰ পাৰিবাৰিক কন্দল: কিশোৰক হত্যাৰ চেষ্টা
সোণতলীৰ পথালিপাৰাত শনিবাৰে দুটা পৰিয়ালৰ মাজত সৃষ্টি হয় প্ৰচণ্ড সংঘাত ৷ কিছু পুৰণি বিষয়ক লৈ এই সংঘৰ্ষৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে ৷ ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন 12 বছৰীয়া কিশোৰ ৷
গুৱাহাটীৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক
কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ আলোচনা । জিলাখনত ক'ভিড পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণৰ বাবে প্ৰধানকৈ তিনিটা টেষ্টিং(testing), ট্ৰেছিং(tracing) আৰু ট্ৰিটমেণ্টৰ(treatment) ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । সান্ধ্য আইনৰ ক্ষেত্ৰত কঠোৰ নীতি গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷
সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ প্ৰাচীন কীৰ্তি চিহ্ন
উপযুক্ত সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে বৰপথাৰৰ একাংশ প্ৰাচীন কীৰ্তি চিহ্ন। গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ দুৱৰনিৰ একাংশ প্ৰাচীন কীৰ্তি চিহ্ন সংৰক্ষণৰ অভাৱতেই জহি খহি পৰি ৰৈছে ।
কাগজ কল নিলাম: মুকালমুৱাত প্ৰতিবাদ
মুকালমুৱাত কাগজ কল নিলামৰ বিৰুদ্ধে এছ এফ আই, চিটু, কৃষক সভাৰ যৌথ প্ৰতিবাদ ৷ নগাঁও আৰু কাছাৰ কাগজ কল দুটা বিক্ৰীৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা প্ৰতিবাদকাৰীৰ ৷ মিল দুটা পুনৰ কাৰ্যক্ষম কৰাৰ দাবী সংগঠন দুটাৰ ৷
ত্ৰিপুৰাত কৃষক ৰে'লৰ যাত্ৰা উদ্বোধন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ
প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত কৃষক ৰে'ল(Kisan Rail)ৰ শুভাৰম্ভ । কৃষক ৰে'লৰ যাত্ৰা উদ্বোধন কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে(Biplab Kumar Dev) । ত্ৰিপুৰাৰ কৃষকৰ অৰ্থনৈতিক দিশ উন্নত কৰাৰ বাবে কৃষক ৰে'ল সহায়ক হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
TIPRAত যোগদান ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সম্পাদিকাৰ
প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRA লৈ গমন বিজেপি আৰু আইপিএফটি(IPFT)ৰ এজনৰ পিছত আনজন নেতা । এইবাৰ TIPRAৰ সদস্য পদ গ্ৰহণ ত্ৰিপুৰাৰ বিজেপিৰ ৰাজ্যিক সম্পাদিকা আৰু প্ৰবীণ ৰাজনীতিবিদ মণিহাৰ দেৱবাৰ্মাৰ ।
BSF-BGBৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত
সীমা সুৰক্ষা বল(BSF) আৰু ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশ(BGB)ৰ উচ্চস্তৰীয় সমন্বয় সন্মিলন সমাপ্ত । অবৈধভাৱে সীমান্তত প্ৰৱেশ, নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা আদি সমস্যা সমাধানৰ বাবে যুটীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰিব দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে ৷
ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্যত সহযোগ লাগিব মণিপুৰ-নগালেণ্ডৰ
ৰাজ্যত এমাহ ধৰি চলা ড্ৰাগছ বিৰোধী অভিযান (Anti Drugs Operation) য়ে প্ৰমাণ কৰিছে যে এই বিশাল নেটৱৰ্কৰ লগত জড়িত হৈ আছে এক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় চক্ৰ । ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলোৱা ড্ৰাগছ বিৰোধী অভিযান স্বাভাৱিকতে সীমিত থাকিব ৰাজ্যৰ চাৰিসীমাৰ মাজতে । কিন্তু তাৰ বিপৰীতে অসমত চলা অভিযানৰ অনুসংগতে আৰম্ভ হ'ব নেকি চুবুৰীয়া ৰাজ্য আৰু ৰাষ্ট্ৰটো একেই অভিযান !