ETV Bharat / state

ন বজাৰ শীৰ্ষ দহটা বাতৰি... - top news

ন বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 @ 9 AM
ন বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Apr 10, 2021, 9:12 AM IST

এগ্জিট প'ল প্ৰকাশ-প্ৰচাৰত নিষেধাজ্ঞা

নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ২৭ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিলৰ সন্ধিয়া ৭.৩০ বজালৈকে এগ্‌জিট প’ল নিষিদ্ধ কৰিছে । এই সময়ছোৱাৰ ভিতৰত কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে ছপা, বৈদ্যুতিন অথবা সামজিক মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় কোনো ধৰণৰ এগ্‌জিত প’লৰ বাতৰি বা সমীক্ষা প্ৰচাৰ অথবা প্ৰকাশ কৰিব নেৱাৰিব ৷

বিহু উদযাপনৰ ক্ষেত্রত ক’ভিড-19 ৰ নীতি-নিৰ্দেশনা জাৰি

ইবাৰ উলহ-মালহেৰে বিহু উদযাপন কৰিব পাৰিব বুলি সকলোৱে আশা কৰি আছে যদিও ইতিমধ্যেই ক'ৰনাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে । যাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিহু উদযাপনক লৈ গাইডলাইন প্ৰকাশ কৰিছে। বিভাগে বিহু উদযাপনৰ ক্ষেত্রত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ।

গোলাঘাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক

গোলাঘাট বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ে গ্ৰাহকলৈ প্ৰেৰণ কৰিছে হাজাৰ টকীয়া বিল ৷ মাথো এমাহতে এটা পৰিয়াললৈ 37,000 টকাৰ বিল প্ৰেৰণ কৰিছে বিভাগে । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ গ্ৰাহকসকল ৷

কলিয়াবৰত দুজন আক্ৰান্ত ক’ভিড-19 ত

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোণা আক্ৰান্ত ৰোগীৰ সংখ্য়া ৷ কলিয়াবৰত পুনৰ দুজনৰ দেহত ধৰা পৰিছে ক’ভিড-19 পজিটিভ ৷ ইয়াৰে এগৰাকী তিনিবছৰীয়া শিশু আৰু আন এগৰাকী ৭০ৰ উৰ্দ্ধৰ মহিলা বুলি জানিব পৰা গৈছে ৷

তেজপুৰত আটক দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী

তেজপুৰ আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিলে এজন দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰীক ৷ বিক্ৰীৰ বাবে অনা ৮.২৮০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰিছে আৰক্ষীয়ে ।

নগাঁৱত ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা

নগাঁও জিলাৰ চামগুৰিৰ উদমাৰিত নিশা জঘন্য কাণ্ড ৷ ১৩ বছৰীয়া কিশোৰীৰ ধৰ্ষণ কৰিলে এটা দুবৃত্তই । ঘটনাস্থলীত উপস্থিত হোৱা একাংশ লোকে ধৰ্ষণকাৰীক আটক কৰি গতাই দিলে আৰক্ষীক ৷

ৰঙিয়া ৰে’ল জংচনত ক’ভিড প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক‘ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰাজ্য চৰকাৰে ইতিমধ্য ক‘ভিড 19 ক লৈ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ ৰঙিয়া ৰে’ল ষ্টেচনত ক’ভিড প্ৰট’কল পালন নকৰাৰ অভিযোগ ৷

কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীক উদ্দেশ্যি মমতাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰীৰ

'কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ উদ্দেশ্যি মমতা বেনাৰ্জীয়ে কৰা মন্তব্যই বিধানসভা নিৰ্বাচনত আসন্ন পৰাজয়ক লৈ তেওঁ হতাশাত ভোগাৰ ইংগিত বহন কৰিছে' । শুক্ৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এইদৰে কঠোৰ ভাষাৰে সমালোচনা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সামৰিক আলোচনাত মিলিত চীন-ভাৰত

বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আন এটা পৰ্যায়ৰ সামৰিক আলোচনাত ভাগ লৈছে ভাৰত আৰু চীনে ৷ পূৱ লাডাখৰ হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ দৰে বাকী থকা বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে অনুষ্ঠিত এই আলোচনা চক্ৰ ৷

ভেকচিন ফৰ অলঃ হোৱাটছএপত উপলব্ধ নতুন ষ্টিকাৰ

বুধবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত 'ভেকচিন ফৰ অল' শীৰ্ষক ষ্টিকাৰ পেক মুকলি কৰিলে ফেচবুকৰ মালিকানাধীন হোৱাটছএপে ।COVID-১৯ প্ৰতিষেধক বিষয়ক তথ্যৰ বাবে চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে জনসাধাৰণক সংযোগ কৰাত সহায় আগবঢ়োৱাৰ বাবে হোৱাটছএপে এই নতুন ষ্টিকাৰ মুকলি কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.