ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 28, 2021, 9:01 AM IST

"মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চামিল হ'ব কংগ্ৰেছ, এ আই ইউ ডি এফ, বাওঁদলেৰে গঠিত "মহাজোঁট"ত ৷ শনিবাৰে নিশা টুইটযোগে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ তদুপৰি এতিয়াৰে পৰা আৰু বিজেপিৰ সৈতে কোনো ধৰণৰ সম্পৰ্কও নাথাকিব বিপিএফৰ ৷

মৰাণত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ

মৰাণত গঢ় লৈ উঠিছে এখন ব্যতিক্ৰমী বজাৰে ৷ ছাত্ৰ-ছাত্ৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবৰ নিমিত্তে গঢ় দিয়া হৈছে বজাৰখন ৷ শনিবাৰে মৰাণত ৰাষ্ট্ৰীয় সেৱা আঁচনি (NSS)মৰাণ মহাবিদ্যালয়ৰ উদ্যোগত মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰম্ভ হ'ল ছাত্ৰ-ছাত্ৰীৰ বজাৰ ৷

আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ

আৰক্ষীৰ ৰদবদলত স্থগিতাদেশ নিৰ্বাচন আয়োগৰ ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নহ’ব অসম আৰক্ষীৰ ৰদবদল প্ৰক্ৰিয়া ৷ শনিবাৰে স্থগিতাদেশ জাৰি নিৰ্বাচন আয়োগৰ ৷

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে গঠন হ'ব দিহিৰা সমষ্টিত ভিচিডিচি: ঘনশ্যাম দাস

বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ গৃহ সমষ্টি দিহিৰাত এটা ৰাজনৈতিক চক্ৰই নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে ভিচিডিচি গঠনৰ ক্ষেত্ৰত বিধি-পথালি দি অহাত সদ্যহতে উক্ত সমষ্টিটোত ভিচিডিচি গঠন স্থগিত ৰাখিবলৈ ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলি কথা উল্লেখ কৰে গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যম দাসে ৷

প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৩ মাৰ্চত দিল্লীলৈ যাব অগপৰ নেতৃত্ব

৩ মাৰ্চত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসন ভাগ বাটোৱাৰাৰ বিষয়টোক লৈ আলোচনাত বহিব অগপ নেতৃত্ব । সেই আলোচনাত বিজেপিৰ ৰাজ্যিক নেতৃত্বও উপস্থিত থাকিব ।

নিৰ্বাচনৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন

নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ 59 নং নলবাৰী বিধানসভা সমষ্টিত 1 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ইয়াৰ বিপৰীতে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু ৬১ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ জিলাখনত মুঠ ৭৬৬ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৷ ইয়াৰে নলবাৰী সমষ্টিত ২৯৫ টা প'লিং ষ্টেচন, বৰক্ষেত্ৰী সমষ্টিত ২৭৪ টা প'লিং ষ্টেচন আৰু ধৰ্মপুৰত ১৯৭ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

নিৰ্বাচনী অধিসূচনা জাৰি : বেনাৰ আৰু পোষ্টাৰ আঁতৰোৱাত ব্যস্ত প্ৰশাসন

শুকুৰবাৰে বিয়লি নিৰ্বাচনী আয়োগে ঘোষণা কৰে অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যজুৰি বলৱৎ হৈছে নিৰ্বাচনী অধিসূচনা ৷ ইয়াৰ লগে লগে বৃদ্ধি পাইছে জিলা প্ৰশাসন তৎপৰতা ৷ ৰাজনৈতিক দল আৰু বিভিন্ন চৰকাৰী আঁচনিৰ বেনাৰ আৰু পোষ্টাৰসমূহ আঁতৰোৱাত ব্যস্ত হৈ পৰিছে প্ৰশাসন ৷

বঘৰা ৰাজ্যিক চিকিৎসালয়লৈ গ্ৰীণ মৰিগাঁও বঁটা

মৰিগাঁৱৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান এণ্টিগ্ল'বেল ছ’চাইটি মৰিগাঁৱৰ 2021 বৰ্ষৰ গ্ৰীণ মৰিগাঁও বঁটা বঘৰা ৰাজ্যিক চিকিৎসালয়লৈ প্ৰদান ৷

পুনৰ ৰাইজৰ দলত যোগ দি হিমন্তক প্ৰত্যাহ্বান প্ৰকাশ বৰুৱাৰ

ৰাইজৰ দলৰ পৰা নিলম্বন প্ৰত্যাহাৰৰ পিচতে পুনৰ প্ৰকাশ বৰুৱাই ৰাইজৰ দলত যোগদান কৰে ৷ যোগদান কৰাৰ পিচতে ৰূপহীহাটত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ নেতা প্ৰকাশ বৰুৱাই ।

কুনমিং-ইয়াংগনৰ মাজৰ গোপন নৈশ বিমান বিষয়ক প্ৰতিবেদনক লৈ চীনৰ প্ৰতিক্ৰিয়া

চীনৰ কুনমিং আৰু ম্যানমাৰৰ ইয়াংগনৰ মাজৰ গোপন নৈশ বিমানৰ সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদনে ক্ৰোধিত কৰিছে বেইজিঙক । জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কে আৰ বাৰুৱাই তেওঁৰ লেখাত প্ৰকাশ কৰা মতে, এই প্ৰতিবেদনক লৈ বেইজিঙে ব্যক্ত কৰা অসন্তুষ্টি ভাৰতৰ বাবে এক সতৰ্কবাণী হিচাপে চিহ্ন হ'ব পাৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.