ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান
পিতৃৰ পদাংক অনুসৰণ কৰি বিধানসভা নিৰ্বাচনত যুঁজ দিবলৈ ওলাইছে এঘাৰজনকৈ জ্যেষ্ঠ কংগ্ৰেছ ৰাজনীতিকৰ সতি-সন্ততিয়ে ।
অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি লাভ কৰিব হিমা দাসে
বুধবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ এখন বৈঠক । এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
বিজেপিৰ ৰথ যাত্ৰা বনাম কংগ্ৰেছৰ বাছ যাত্ৰা
বিজেপিৰ ৰথ যাত্ৰাৰ পাচত এইবাৰ ৰাজ্যজুৰি বাছযাত্ৰা আৰম্ভ কৰিব অসম প্ৰদেশ কংগ্ৰেছে ৷ নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিব ‘অসম বচাও আঁহক’ শীৰ্ষক চাৰিটাকৈ বাছ যাত্ৰা ৷
শিশু শ্ৰমিক উদ্ধাৰ অভিযানক লৈ খাৰুপেটিয়াত উত্তপ্ত পৰিস্থিতি
খাৰুপেটীয়াত শিশু শ্ৰমিক উদ্ধাৰ অভিযান ৷ দৰং জিলা শিশু সুৰক্ষা ব’ৰ্ডে চলোৱা অভিযানক লৈ ৰাইজৰ মাজত আতংক ৷ আৰক্ষী অবিহনে চলোৱা আকস্মিক অভিযানক লৈ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক ৷ ঘটনাক লৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি ৷
লক্ষ্য নিৰ্বাচন: অমিত শ্বাহ বৈঠকত মিলিত হ’ব কোচ ৰাজবংশৰ উত্তৰাধিকাৰীৰ সৈতে
11 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ ঘৰলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ গৃহমন্ত্ৰীৰ এই ভ্ৰমণে অসমৰ লগতে পশ্চিম বংগৰ নিৰ্বাচনতো যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ৷
অপহৃত কুইপ'ৰ দুই বিষয়াকলৈ ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য
'সংবেদনশীল আৰক্ষী সতৰ্ক সমাজ' শীৰ্ষক প্ৰশিক্ষণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি ডিজিপি ভাস্কৰজ্যোতি মহন্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ কুইপ'ৰ দুই বিষয়াক আলফাই অপহৰণ কৰা প্ৰসংগত সাংবাদিকক সম্বোধন কৰি মহন্তই কয়, 'কুইপ'ৰ দুই বিষয়াক অপহৰণৰ সন্দৰ্ভত অৰুণাচল প্ৰদেশ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে ৷ এই বিষয়টো অসম আৰক্ষীয়ে কোনো ক্ষেত্ৰতে হস্তক্ষেপ কৰিব নোৱোৰে ৷
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভূমিৰ অধিকাৰ প্ৰতিশ্ৰুতি দিলে হিমন্তই
ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা এখন বিশাল গণ সমাবেশত বুধবাৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সভাত হিমন্ত বিশ্ব শৰ্মাই ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদলৈ ভূমিৰ অধিকাৰ প্ৰদানৰ প্ৰতিশ্ৰুতি কৰা লগতে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে অসম চৰকাৰে প্ৰতিবেদন প্ৰস্তুত কৰি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত আদিবাসী সমাজৰ !
সমাগত অসম বিধান সভা নিৰ্বাচনত বিজেপি দলক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদিবাসী সমাজে ৷ নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে বিজেপি দলক ভোট নিদিয়ে আদিবাসী লোকসকলে ৷ আদিবাসী সকলৰ প্ৰতিবাদত উত্তাল বিশ্বনাথ চাৰিআলি ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰী 351 টকালৈ বৃদ্ধি কৰাৰ লগতে ভূমি পট্টা প্ৰদানৰ দাবী প্ৰতিবাদকাৰীৰ ৷
অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতি
অসম-মিজোৰাম সীমান্তৱৰ্তী কচুৰতল অঞ্চলত উত্তপ্ত পৰিস্থিতি ৷ অসম-মিজোৰাম সীমা সমস্যা সমাধানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ হাইলাকান্দি জিলাৰ ঘাৰমুড়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত বিভিন্ন দল সংগঠনৰ ৷ ৰাজপথত জুই জ্বলাই বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ ৷
নামৰূপ সাৰ কাৰখানালৈ 100 কোটিঃ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
ৰাজ্যবাসীলৈ আহিছে আন এটা ভাল খবৰ ৷ ৰাজ্যৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰছ কৰ্প’ৰেছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ১০০ কোটি টকাৰ পেকেজক অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷