কেইটামান মুহুৰ্তৰ পিছতে ঢেকীয়াজুলিত পদাৰ্পণ কৰি নৰেন্দ্ৰ মোডীয়ে
স্বাধীনতা আন্দোলনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ভ্ৰমণ কৰিব । প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি নতুন ৰূপত সজাই তোলা হৈছে শ্বহীদ নগৰীখন । ইতিমধ্যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে তাৰবাবে সম্পূৰ্ণ কৰি তুলিছে ব্যাপক প্ৰস্তুতি ৷ মুঠতে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সম্প্ৰতি সৰ্ম্পূণ সাজু হৈ উঠিছে ঢেকিয়াজুলিবাসী ৷
গ্ৰামাঞ্চলৰ জনতাৰ মাজত এছএছবিৰ ফিট ইণ্ডিয়া সজাগতা সভা
বাক্সা জিলাৰ অন্তৰ্গত সুৱনখাটাৰ দক্ষিণকোচি প্ৰাথমিক বিদ্যালয়ত ফিট ইণ্ডিয়া শীৰ্ষক শিবিৰৰ আয়োজন কৰে সশস্ত্ৰ সীমা বলে ৷ বৰমাস্থিত এছএছবিৰ 64 বেটালিয়নৰ উদ্যোগত এই সজাগতা সভাৰ লগতে শিৱিৰ আয়োজন কৰে বাহিনীটোৱে ৷ সভাত অংশগ্ৰহণ কৰে ৰঙিয়া ছেক্টৰ এছএছবিৰ ডিআইজি জে পি সিঙে ৷
প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত লাগিল জুই
7 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত জন সভাত অংশগ্ৰহণৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী ৷ কিন্তু প্ৰধানমন্ত্ৰীৰ আগমনলৈ মাজত কেইঘন্টামান বাকী থাকোতেই সভাস্থলীত লাগিল অথন্তৰ ৷ প্ৰধানমন্ত্ৰীৰ সভাৰ আদৰণি তোৰণত হঠাৎ লাগিল জুই ৷
কা-বিৰোধী মঞ্চৰ উপ-সভাপতিৰ কংগ্ৰেছত যোগদান
: ৰাজ্যত বিধানসভা নিৰ্বাচনত সমাগত ৷ এনে অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনকেন্দ্ৰীক তৎপৰতা ক্ষীপ্ৰ হৈ পৰিছে ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজৰ দলীয় ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দলেও সমষ্টিয়ে নিজৰ সাংগঠনিক কাম কাজ কৰা পৰিলক্ষিত হৈছে ।
3 হাজাৰ টকাৰ বিপৰীতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধিৰ দাবী আটছাৰ
বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে শনিবাৰে অসমৰ 8 লাখ চাহ জনগোষ্ঠীৰ লোকক 3 হাজাৰ টকা তেওঁলোকৰ একাউণ্টত প্ৰদান কৰে । চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই ইয়াক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছে । চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই 3 হাজাৰ টকাৰ বিপৰীতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ দাবী জনাইছে ৷
চূড়ান্ত ৰায়ৰ দিশে অভি-নীল হত্যাকাণ্ডৰ গোচৰ
চূড়ান্ত ৰায়ৰ দিশে দেশ কপোৱা অভি-নীল হত্যাকাণ্ডৰ ৰায়দান ৷ শনিবাৰে নগাঁও আদালতত সাক্ষীদানৰ পিচতে অচিৰে চূড়ান্ত ৰায় পাব বুলি আশাবাদী অভি-নীলৰ পৰিয়াল ৷
ৰঙাপৰাৰ চাহ বাগিচাত জ্বলিল প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে ৰঙাপৰাৰ চাহ বাগিচাত জ্বলিত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ জুমুঠি ৷ ঢেকিয়াজুলিত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ সভাত চাহ জনগোষ্ঠীয় লোকসকলক অংশগ্ৰহণ কৰাত বাধা আটছাৰ ৷
কাৰ্বি আংলঙত দুদিনত দুটাকৈ পথ দুৰ্ঘটনা: এজন নিহত
শনিবাৰে নিশা মাঞ্জা থানাৰ অন্তর্গত লংনিটত এখন তীব্র বেগী এল্ট’ বাহনে পথৰ দাঁতিত ৰখাই থােৱা এখন অট’ৰিক্সাত প্রচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত এজন লােক নিহত হয় । ডিফুৰ ৰে’লৱে কলনী নিবাসী উত্তম মজুমদাৰে দুই পুত্রৰ সৈতে নিজৰ এএছ ০৯ ১৫০৮ নম্বৰৰ অট’ৰিক্সাৰে আগন্তুক সৰস্বতী পূজাৰ বাবে ফলমূল সংগ্রহৰ বাবে গৈছিল ৷
শিক্ষাৰ্থীক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰিবলৈ গ্ৰন্থমেলাৰ আয়োজন
তিনিচুকীয়াৰ ছটা হাপজান 23 নং লাইন প্ৰাথমিক বিদ্যালয়ত, বিদ্যালয়খনৰ প্ৰধান শিক্ষক ঘনদ্বীপ বৰুৱাৰ নেতৃত্বত তথা বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে আয়োজন কৰে এখনি গ্ৰন্থমেলা ৷
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ
পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ বৰ্দ্ধিত মূল্য ৰোধৰ দাবীত ৰঙিয়াত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । ৰঙিয়াস্থিত জি কে কে পেট্ৰ'ল পাম্পৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৰঙিয়া গ্ৰাম্য আৰু নগৰ ব্লক কংগ্ৰেছৰ কৰ্মকৰ্তাই ।