ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি - পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 at 9
পুৱা 9 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Dec 21, 2020, 9:24 AM IST

ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে নতুন ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ বহু সহজে সংক্ৰমিত হয় বুলি উল্লেখ কৰিছিল। বৰিছ জনছনে নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শনিবাৰে লণ্ডন আৰু পূৱ ইংলেণ্ডত সকলোকে "ঘৰত থকাৰ" বাবে নিৰ্দেশনা জাৰি কৰে ।

অতি শীঘ্ৰে কৃষিমন্ত্ৰী টোমৰে প্ৰতিবাদী কৃষকক লগ কৰাৰ সম্ভাৱনা আছেঃঅমিত শ্বাহ

নতুন কৃষি আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰৰ ৰাজধানীৰ সীমাত অৱস্থান কৰি প্ৰতিবাদত বহা কৃষকসকলক কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে লগ কৰাৰ সম্ভাৱনা ৷ দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰে ৷ শ্বাহে কয় যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে দুই এদিনৰ ভিতৰতে প্ৰতিবাদী কৃষক সংগঠনসমূহক লগ কৰাৰ সম্ভাৱনা আছে ৷

আন্দোলনৰ পৰা উভতি আহি বিহপান কৰি আত্মহত্যা কৃষকৰ

25 দিনত ভৰি দিয়া কৃষক আন্দোলন এতিয়াও শাম কটা নাই ৷ এনে অৱস্থাত কৃষক আন্দোলনৰ পৰা উভটি আহি নিজ গৃহত আত্মহত্যা কৰে এগৰাকী 22 বছৰীয়া যুৱ কৃষকে ৷

বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাগ্ৰামাই স্ব-বিৰোধী মন্তব্য কৰিছে : বিশ্বজিৎ দৈমাৰী

বিটিচিৰ ১৭ জন নিৰ্বাচিত সদস্য তেওঁৰ সতে আছে আৰু বাকী সকলক মেনেজ কৰিবলৈ এসপ্তাহৰ সময় বিচাৰি ৰাজ্যপালৰ ওচৰত হাগ্ৰামা মহিলাৰীয়ে আৱেদন দাখিল কৰিছিল বুলি কয়, বিশ্বজিৎ দৈমাৰীয়ে ৷

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃকথামপি প্ৰাণ ৰক্ষা 4লোকৰ

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰিল চাৰিচকীয়া বাহন ৷ নগাঁৱৰ বৰঘাট বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ দুৰ্ঘটনা পতিত হোৱাৰ পাছত কথামপি প্ৰাণ ৰক্ষা চাৰিজনীয়া পৰিয়ালৰ ৷

নেপালৰ সংসদ ভংগৰ প্ৰস্তাৱক অনুমোদন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে পুৱাই নেপালৰ সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কেবিনেটৰ বৈঠকৰ আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

পুত্ৰ টাইমুৰৰ চাৰি বছৰীয়া জন্মদিন পালন কৰিলে চেইফ আৰু কৰীণাই

চাৰি বছৰত ভৰি দিলে চেইফ আৰু কৰীণাৰ একমাত্ৰ পুত্ৰ টাইমুৰ আলি খানে ৷ পুত্ৰৰ জন্মদিন নিজ বাসগৃহতে পালন কৰিলে চেইফ আৰু কৰীণাই ৷ টাইমুৰৰ জন্মদিন উপলক্ষে কৰীণাৰ বাসগৃহত উপস্থিত কৰিশ্মা কাপুৰ,পিতৃ ৰণধীৰ কাপুৰৰ লগতে পৰিয়ালবৰ্গ ৷

বিজেপি এতিয়া চোৰৰ দললৈ পৰ্যবসিত হৈছে : সুস্মিতা দেব

প্ৰাক্তন কংগ্ৰেছী সাংসদ সুস্মিতা দেবে কয় যে, যি সকলে এতিয়া কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে তেওঁলোকে কংগ্ৰেছৰ পৰা সকলো লাভ কৰিছে ৷ এতিয়া বিজেপিৰ পৰা পোৱাৰ আশাত তালৈ গৈছে ৷ যেতিয়া বিজেপি ক্ষমতাৰ পৰা নাইকিয়া হ’ব তেতিয়া সেই সকলে বিজেপিক ভৰি দেখুৱাই তাৰ পৰা পলাব ৷

মন্দিৰত নামাজ পঢ়া অভিযুক্তক জামিন প্ৰদান আদালতৰ

এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাৰ এটা মন্দিৰত নামাজ পঢ়া এগৰাকী ব্যক্তিক জামিন প্ৰদান কৰিছে ৷ অৱশ্যে আদালতে সমগ্ৰ প্ৰক্ৰিয়াটোত অভিযুক্তক সহযোগ কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷

কাবুলত কাৰ বোমা বিস্ফোৰণ : নিহত 8, আহত 15

কাবুলত দেওবাৰে এক কাৰ বোমা বিস্ফোৰণ সংঘটিত হয় ৷ বৰ্তমানলৈকে এই আক্ৰমণৰ দ্বায়িত্ব কোনো সন্ত্ৰাসবাদী সংগঠনে স্বীকাৰ কৰা নাই ৷ এই বিস্ফোৰণত আঠ গৰাকী লোক নিহত হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.