অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু
দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দক্ষিণ ভাৰতত ক'ভিডৰ সমান্তৰালকৈ "ব্লেক ফাংগাছ" বা লিউক'ৰমাইক'ছিছ নামৰ ভয়ংকৰ ৰোগবিধে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অসমতো ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী ।
প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে
পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ প্ৰ’টেম অধ্যক্ষ হিচাপে বুধবাৰে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে ৷ শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ প্ৰ’টেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে'ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব ৷
আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি
নগাঁও আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰিয়েই অপৰাধীৰ নিদ্ৰা হৰণ কৰিছে আই পিছ এছ বিষয়া আনন্দ মিশ্ৰই । যোগদান কৰাৰ প্ৰথম দিনাই জনসেৱা আৰম্ভ কৰিয়ে দ্বিতীয় দিনাই ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ।
দ্বিতীয়খন কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল ?
নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব। বি টি আৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সকলক কেবিনেট পদ মৰ্যাদা । অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে নিযুক্তি। ৰাজ্যৰ দ্বিতীয়খন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ সৰ্বিশেষ...
মুম্বাইত ব্লেক ফাংগাছত আক্ৰান্ত ১১১ গৰাকী লোক
কৰ'ণা সংক্ৰমণ লাহে হ্ৰাস পালেও ব্লেক ফাংগাছে ভয়াৱহ ৰূপ লৈছে মায়ানগৰী মুম্বাইত । মুম্বাইত এতিয়ালৈকে মুকৰ্মাইকোচিছ বা ব্লেক ফাংগাছৰ কৱলত পৰিছে ১১১ গৰাকী লোক ।
এগৰাকী নিৰ্বাচিত পঞ্চায়ত সদস্য তথা বিজেপি নেতাক হত্যাৰ পিছতে তীব্ৰ উত্তেজনা ত্ৰিপুৰাৰ ধলাই জিলাত । জানিব পৰা মতে জিলাখনৰ অন্তৰ্গত চাইলেংটা অঞ্চলত মঙলবাৰে নিশা অজ্ঞাত আক্ৰমণকাৰীয়ে নিৰ্বাচিত পঞ্চায়ত সদস্য আৰু এজন বিজেপি নেতা ৰাম মোহন ত্ৰিপুৰাক হত্যা কৰে । এই ঘটনাৰ পিছতে এতিয়া ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে
2014 চনৰ নাৰদা ষ্টিং টেপ গোচৰত অভিযুক্ত মুকুল ৰয় আৰু অপৰুপা পোদ্দাৰৰ বিৰুদ্ধে চিবিআইৰ হাতত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই ৷ ইফালে দুবছৰ ধৰি লোকসভাৰ অধ্যক্ষৰ ওচৰত বিচাৰাধীন হৈ আছে শুভেন্দু অধিকাৰীকে ধৰি অন্য চাৰি গৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিচৰা অনুমোদন
বিস্ময়ৰ জন্মদাতা শশী ফুকন আই চি ইউত চিকিৎসাধীন
জনপ্ৰিয় অসমীয়া আলোচনী বিস্ময়ৰ জন্মদাতা শশী ফুকন আক্ৰান্ত ক’ভিডত ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ফুকন ৷
শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড-19ৰ গণ সংক্ৰমণ
শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ৰণাৰ ভয়াৱহ সংক্ৰমণ ৷ ৫১ গৰাকী কাৰাবন্দীৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি ৷ ১৭৩ গৰাকীৰ স্বাস্থ্য পৰীক্ষাত ৫১ গৰাকী আক্ৰান্ত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰাগাৰখনত ৷ এতিয়াও ৩৪৪ গৰাকী কাৰাবন্দীক পৰীক্ষা কৰিবলৈ বাকী ৷
বিগত ২৪ ঘণ্টাত দেশত সৰ্বাধিক মৃত্যু কৰ'ণা আক্ৰান্তৰ
ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে মৃতকৰ সংখ্যা । পূৰ্বৰ অভিলেখ ভংগ কৰি বিগত ২৪ ঘণ্টাত দেশত ৪,৫২৯ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে । ইয়াৰ লগে লগে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৮৩,২৪৮ টা ।