ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

author img

By

Published : Sep 25, 2020, 7:12 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

top 10 @ 7pm
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহ বাতৰি...

বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামে আজি চেন্নাইৰ এমজিএম হেল্থকেয়াৰত শেষ নিশ্বাস ত্যাগ কৰে ৷ উল্লেখ্য যে, 74 বৰ্ষীয় সংগীত শিল্পীগৰাকী ক'ভিড-19 ত আক্ৰান্ত হোৱা বাবে 5 আগষ্টত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পাচতে অধিক গুৰুতৰ হৈ পৰিছিল সুব্ৰমনিয়ামৰ স্বাস্থ্য ৷

অসম সংগ্ৰামী মঞ্চ এৰিলে অদীপ কুমাৰ ফুকনে

অসম সংগ্ৰামী মঞ্চৰ দুগৰাকীকৈ সাধাৰণ সম্পাদক আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকীও নেতাসহ দল ত্যাগ অদীপ ফুকনৰ ৷

লক্ষ্য নিৰ্বাচন : পুনৰ চাৰিখন নতুন আঁচনি ঘোষণা হিমন্তৰ

সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে ন ন আঁচনি ঘোষণা কৰিব ধৰিছে শাসকীয় দলৰ চৰকাৰে ৷ ৰাজ্য চৰকাৰে পূৰ্বৰ তিনিখন আঁচনিৰ পিছতে পুনৰাই চাৰিখন নতুন আঁচনি ঘোষণা কৰে ৷ ৰাজ্যৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই চাৰি আঁচনি ৷

কৃষি বিধেয়কৰ প্ৰতিলিপি দাহেৰে বিৰোধ প্ৰদৰ্শন আছুৰ

কৃষি বিধেয়ক বাতিলৰ বিৰোধিতাৰে যোৰহাট আছুৰ গ্ৰহণ প্ৰতিবাদী কাৰ্যসূচী । একমাত্ৰ পুঁজিপতিৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে এই নীতি নিৰ্ধাৰণ কৰা বুলি দাবী কৰে আছুৰ কৰ্মকৰ্তাসকলে ৷

ভাৰত বন্ধৰ প্ৰভাৱ :প্ৰতিবাদত বহিল যোৰহাটৰ ব্যৱসায়ী

বিতৰ্কিত কৃষি বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে দেশজুৰি ভাৰত বন্ধৰ আহ্বান কৰিছিল দেশৰ 25 টাকৈ কৃষক সংগঠনে ৷ দেশজুৰি তীব্ৰ প্ৰতিবাদৰ জৰিয়তে বিধেয়কখন বাতিলৰ আহ্বান ৰাইজৰ ৷ অসমতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ যোৰহাট জিলাতো প্ৰতিষ্ঠান খুলি ৰাখি ব্যৱসায়ী সকলে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি গোলাঘাটত আছুৰ প্ৰতিবাদ

কৃষি বিধেয়কৰ বিৰোধিতাৰে গোলাঘাটত জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

মাঞ্জা আৰক্ষীৰ জালত প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছসহ তিনি যুৱক

বিশেষ তথ্যৰ ভিত্তিত শুকুৰবাৰে পুৱা ডিমাপুৰ-মাঞ্জা পথত আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

লখিমপুৰত বিজেপিত যোগদান কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকৰ

ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন চাহ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত শাসনাধিষ্ঠ বিজেপি দলত যোগদান কৰে কংগ্ৰেছ-অগপৰ শতাধিক কৰ্মী-সমৰ্থকে ।

বিটিচিত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী হাগ্ৰামাৰ

মেলেৰীয়া বেমাৰৰ দৰে কৰ'ণাও থাকি যাব বুলি মত প্ৰকাশ কৰি বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা নোহোৱালৈকে বিপিএফে বিভিন্ন গণতান্ত্ৰিক আন্দোলন কৰি যাব বুলি স্পষ্ট কৰি দিয়ে হাগ্ৰামা মহিলাৰীয়ে। তদুপৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ডু অৰ ডাই,লিভ এণ্ড লেট লিভ (DO OR DIE, LIVE AND LET LIVE ) নীতিৰে আন্দোলন কাৰ্যসূচীও গ্ৰহণ কৰা হব ।

বন বিভাগৰ অভিযানত কাঠৰ কুণ্ডাভৰ্তি ট্ৰাক জব্দ

পশ্চিম কাৰ্বি আংলঙত অব্যাহত চোৰাং কাঠৰ বেহা ৷ এই চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে খেৰণি বন বিভাগে আৰম্ভ কৰিছে তীব্ৰ অভিযান ৷ এই অভিযানত জব্দ হৈছে চোৰাং কাঠৰ কুণ্ডাসহ এখন ট্ৰাক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.