ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : May 17, 2022, 7:15 PM IST

7 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-7-pm
7 বজাৰ শীৰ্ষ দহটা বাতৰি

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা আয়োজিত অসম উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা স্থগিত (Assam Higher Secondary first year exam postponed)৷ ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সম্প্ৰতি পৰৱৰ্তী তাৰিখ ঘোষণা নোহোৱালৈকে স্থগিত ৰখা হৈছে এই পৰীক্ষা ৷

সংকট মোচনৰ বাবে ৰাজীৱ ভৱনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰাজীৱ ভৱনত গুৰুত্বপূৰ্ণ বৈঠক (Congress meeting at Rajiv Bhavan)। বৈঠকত দলৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ অংশগ্ৰহণ । বৈঠকত দলৰ বিভিন্ন দিশৰ লগতে আভ্যন্তৰীণ বাদ-বিসম্বাদ সন্দৰ্ভত আলোচনা ।

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ২০২২' (Parag Kumar Das journalism award ) প্ৰদান বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক ।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথম 5G টেষ্টবেড

প্ৰযুক্তিৰ দিশত আৰু এখোজ আগবাঢ়িল ভাৰত । ভাৰতত মুকলি দেশৰ প্ৰথমখন 5G টেষ্টবেড (First 5G testbed launched in India)। ভাৰতীয় টেলিকম নিয়ামক প্ৰাধিকৰণৰ (TRAI) ৰূপালী জয়ন্তীত ভাগ লৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এই 5G টেষ্টবেড । এতিয়াৰে পৰা দেশৰ ষ্টাৰ্টআপ আৰু অন্যান্য উদ্যোগসমূহে 5G নেটৱৰ্ক স্থাপনৰ বাবে তেওঁলোকৰ সামগ্ৰীৰ পৰীক্ষা আৰু বৈধতা সুনিশ্চিত কৰিবলৈ বিদেশলৈ যাব নালাগে ।

কোটাৰ চৰকাৰী হাস্পতালত ৰোগীৰ চকু কুটিলে নিগনিয়ে

ৰাজস্থানৰ কোটা চহৰৰ এখন চৰকাৰী হাস্পতালত আজৱ কাণ্ড । আইচিইউত ভৰ্তি হৈ থকা এগৰাকী মহিলাৰ চকু কুটিলে নিগনিয়ে (Rat bites patient in MBS Hospital at Kota)। হাস্পতাল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাক লৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে ।

KAAC Election 2022 : নিৰ্বাচনৰ টিকট লাগে প্ৰাক্তন উগ্ৰপন্থী নেতাক

নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে অহা ৮ জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন (KAAC Election 2022)। নিৰ্বাচনক লৈ প্ৰশাসনে তৎপৰতা আৰম্ভ কৰিছে । ইয়াৰ মাজতে শেহতীয়া শান্তি চুক্তি স্বাক্ষৰ কৰা বিদ্ৰোহী সংগঠনৰ একাংশ নেতাও প্ৰাৰ্থিত্বৰ দাবীদাৰ হৈ থিয় দিছে (Former militant leader demands ticket) ।

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত লখিমপুৰত প্ৰতিবাদ

লখিমপুৰত ক্ৰমাৎ মৰণফান্দলৈ পৰিণত হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ পূৰ্বে স্থানীয় ৰাইজে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা স্থানীয় প্ৰশাসনক এই বিষয়ে অৱগত কৰি পথটো মেৰামতিৰ দাবী জনায় ৷ অৱশেষত স্থানীয় ৰাইজৰ ধৈৰ্যৰ বান্ধ ছিঙি যোৱাত ৰাজপথলৈ আহি মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ(Demanding repair fifteen number national highway) ৷

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত জাতীয় শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (Tributes to Parag Kumar Das) ৷

Greenfield Airport at Doloo Tea Estate: আদিবাসী চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ

ডুলু চাহ বাগিচাৰ ২৫০০ বিঘা ভূমি উচ্ছেদ কৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ স্থাপনৰ যো-জাক লৈ জাঙুৰ খাই উঠিছে সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী (আলনা)ৰ যুদ্ধ বিৰতি গোটটো । বিমানবন্দৰ স্থাপন কৰিবলৈ গৈ হাজাৰ হাজাৰ আদিবাসী চাহ শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলা বুলি অভিযোগ উত্থাপন কৰে আলনাৰ যুদ্ধ বিৰতি গোটে ।

বিহপুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজনক

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ স্থিতি(Police against Drugs) । অবিৰত অভিযান ড্ৰাগছ সাম্ৰাজ্য উচন কৰিবলৈ । ইয়াৰ মাজতে ন ন কৌশলৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে চলাই গৈছে ড্ৰাগছৰ বেহা । বিহপুৰীয়াত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজনক(Police arrested two drugs padler with drugs) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.