AIIMSৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল
মঙলবাৰে সৰ্ব ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ উভতিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল( Ramesh Pokhriyal) । ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ হোৱাৰ পিছত তেওঁ আৰোগ্য হৈ উঠিছিল যদিও আন স্বাস্থ্যজনিত সমস্যাত ভূগিছিল । ইয়াৰ পিছতে তেওঁক AIIMSত ভৰ্তি কৰোৱা হয় ।
ভোগদৈ নৈত ভয়ংকৰ পৰিৱৰ্তন: পানীত ওপঙিছে মাছ
ক্ৰমাৎ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ভোগদৈ নৈৰ অস্বাভাৱিক পৰিৱৰ্তন ৷ সাধাৰণতে বাৰিষা কালত নদীৰ পানী ঘোলা হৈ থাকে যদিও ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গৈছে ভোগদৈ নৈত ৷ হঠাৎ আইনাৰ দৰে ফটফটীয়া হৈ পৰিছে নৈখনৰ পানী ৷ নৈৰ বুকুত উপঙিছে মৃত মাছ ৷
বোৱাৰী নিৰ্যাতনত অভিযুক্ত শিক্ষক পৰিয়াল
এটা ফেচবুক পোষ্টক লৈ গোলাঘাটত চাঞ্চল্য । স্বামী, শহুৰ-শাহুৰ বিৰুদ্ধে এই ফেচবুক পোষ্ট । স্বামী গৃহত অকথ্য নিৰ্যাতনৰ পিছত এগৰাকী বোৱাৰীৰ এই ফেচবুক পোষ্ট । শহুৰ-শাহু আৰু স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ ।
বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক
বুধবাৰে মোডী মন্ত্ৰীসভাৰ বিশেষ কেবিনেট বৈঠক ৷ এই বিশেষ বৈঠক খনে ৰাজজৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে ৷ কিয়নো ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা হৈছে প্ৰধানমন্ত্ৰীয়ে নিজৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ কথা ৷
টুইটাৰে ভাৰতীয় মানচিত্ৰত জম্মু-কাশ্মীৰক ভুল উপস্থাপন কৰাত সৰৱ কংগ্ৰেছ
ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শন কৰাৰ পিছতে মাইক্ৰ'ব্লগিং ছাইট টুইটাৰ (Twitter) ক সমালোচনা কংগ্ৰেছৰ । কেন্দ্ৰীয় চৰকাৰক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান সাংসদ শক্তিসিংহ গোহিল (Shaktising Gohali)ৰ ।
ঢেকীয়াপতীয়াক গুলীয়াই নিলম্বিত বনকৰ্মী
এটা ঢেকীয়াপতীয়াক গুলীওৱাৰ বাবে নিলম্বন কৰা হ’ল এগৰাকী বনকৰ্মীক ৷ বাঘটো জনবহুল অঞ্চলত প্ৰৱেশ কৰাৰ বাবে গুলীয়াইছিল নিৰাপত্তাৰক্ষী গৰাকীয়ে ৷ কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল নিৰাপত্তাৰক্ষী গৰাকীক ৷
আমগুৰিত 6 বছৰে সম্পূৰ্ণ নহ'ল চৰকাৰী গৃহ নিৰ্মাণৰ কাম
আমগুৰিত যোৱা ৬টা বছৰেও সম্পূৰ্ণ নহ'ল দৰিদ্ৰ লোকৰ বাবে অহা ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম ৷ ফলত ৰদ বতাহ বৰষুণৰ মাজতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালটোৱে ৷
উন্নয়নৰ স্বাৰ্থত পাহাৰ খনন স্বাভাৱিক: পৰিমল শুক্লবৈদ্য
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Excise Minister Parimal Suklabaidya)ই কামৰূপ জিলাত হোৱা ব্যাপক পাহাৰখনন সন্দৰ্ভত টুলুঙা মন্তব্য কৰি বন ধ্বংসক যে আওপকীয়াভাবে সমৰ্থন জনাই তাৰেই ইংগিত দিয়ে ৷
জানুৱাৰীত মুকলি কৰাৰ সম্ভাৱনা শুৱালকুছি ষ্টেডিয়াম
বস্ত্ৰ নগৰী শুৱালকুছিত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামখন সোমবাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে ৷ ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে 26 কোটি টকা ধাৰ্য কৰা হৈছিল যদিও অতিৰিক্তভাবে 14 কোটি টকা ব্যয় হোৱাৰ আশা কৰা হৈছে ৷
ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত কি কলে মুখ্যমন্ত্রীয়ে ?
ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াহতাৰ মাজতে মঙলবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এখন কাৰ্যনিৰ্বাহক সভা ৷ সভাত অংশগ্ৰহণ কৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷