37 নং ৰাষ্ট্ৰীয় ঘাইপথত মাছৰ উজান
মঙলবাৰে দূপৰীয়া কলিয়াবৰৰ বুঢ়াপাহৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উঠিল মাছৰ উজান ৷ এখন পোনা মাছ কঢ়িওৱা গাড়ীৰ পৰা ওলাই পৰা পোনা মাছ ধৰিবলৈ ওবুৰি খাই পৰিল বন-কৰ্মী আৰু আৰক্ষী ৷ প্ৰখৰ ৰ'দৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ ৰেঞ্জৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মাছ ধৰিবলৈ দৌৰা-দৌৰি বনকৰ্মী সকলৰ মাজত ৷ প্ৰকৃততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড বেকাৰৰ ওপৰৰে এখন মাছ ভৰ্তি বাহন তীব্ৰ বেগত পাৰ হোৱাৰ ফলত এইদৰে পথৰ মাজত পৰি যায় পোনা মাছ ৷ পথৰ ওপৰত পৰি যোৱাত মাছ ধৰিবলৈ বনকৰ্মী সকলৰ লাগিল হেতা-ওপৰা ৷
মন্ত্ৰী পীযুষ হাজৰিকাৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ...
"ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত গোপনকৈ অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰৰ বিৰুদ্ধে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ লগতে কয়লা ছিণ্ডিকেট, গৰুৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ সক্ষম হৈছে ৷ সমান্তৰালকৈ উন্নয়নৰ ক্ষেত্ৰটো গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ৷ ৰাজ্যত 1 লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷" এই মন্তব্য কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ ইটিভি ভাৰতৰে হোৱা আছুটীয়া সাক্ষাৎকাৰত এই দৰে মন্তব্য কৰাৰ লগতে আন বহুকেইটা বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে ৷
4 হাজাৰ কোটি টকা লোকচান মাইক্ৰ'ফাইনেন্স কোম্পানীৰ: মুখ্যমন্ত্ৰী
মঙলবাৰে নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ নাৰায়ণপুৰত নিৰ্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মাণ কাৰ্য এবছৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশ্বাস প্ৰদান কৰি মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই ক্ষেত্ৰটো কেইবাটাও মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰীয়ে ৷
চৰকাৰে 'NIA'ক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰৰ গুৰুত্বৰ অভিযোগ কমল মেধিৰ
এটা হাস্যকৰ গোচৰ লৈ 'নিয়া'ই আদালতত মুখ থেকেচা খালে। চৰকাৰে আক্ৰোশমূলক ভাৱে অখিল গগৈৰ বিৰুদ্ধে NIA ক ব্যৱহাৰ কৰিছে । এই অভিযোগ কমল কুমাৰ মেধিৰ ৷
গাঞ্জা বেপাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী !
ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচাযুক্ত সামগ্ৰী বিৰোধী অভিযান ৷ সোমবাৰে নিশা ধিং আৰক্ষীৰ অভিযানত গাঞ্জা সহ আৰক্ষীৰ জালত পৰিছে এগৰাকী মন্দিৰৰ পূজাৰী ৷
অসমৰ দুগৰাকী যুৱকলৈ RIFFৰ শ্ৰেষ্ঠ চুটি ছবিৰ পৰিচালকৰ সন্মান
ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত (RIFF) চুটি ছবি শিতানত অসমৰ "অনীহা" নামৰ ছবিখনৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান ।
নাহৰকটীয়াত ক'ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
সোমবাৰে বিয়লি নাহৰকটীয়াত উপস্থিত হয় কৃষিমন্ত্ৰী (Agriculture Minister) অতুল বৰা । ডিব্ৰুগড়ৰ অভিৱাকৰ (Guardian Minister) দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে নাহৰকটীয়াত উপস্থিত হৈ ধাদুমীয়া আৰু দীঘলীয়া পঞ্চায়তৰ ক'ভিড প্ৰতিষেধকৰ কেন্দ্ৰ দুটা পৰিদৰ্শন কৰাৰ লগতে নাহৰকটীয়াৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ সম্পৰ্কত বুজ লয় মন্ত্ৰী অতুল বৰাই । উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ উদ্যোগত ক'ভিড ভেকচিনৰ (Mega Drive)ৰ অংশ হিচাপে সোমবাৰৰ পৰা নাহৰকটীয়াত ৭ খন পঞ্চায়তৰ কাৰ্যালয়ৰ লগতে ৭ টাকৈ ক'ভিড প্ৰতিষেধক(Covid-19 Vaccine) টিকাকৰণ প্ৰদান কৰা হৈছে ।
গণ প্ৰহাৰত যুৱকৰ মৃত্যু: উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী মানিক সৰকাৰৰ
ত্ৰিপুৰাৰ খোৱাই জিলাত 20 জুন তাৰিখে গণ প্ৰহাৰ(Mob lynching) ত তিনি যুৱকৰ মৃত্যুৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ(Manik Sarkar) ৰ ৷ গৰু চুৰিৰ সন্দেহত উত্তেজিত জনতাৰ প্ৰহাৰত তিনি যুৱকৰ মৃত্যুৰ ঘটনাই দেশ জুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ ৷
ভুৱা টীকাকৰণঃ কেইবাটাও গোচৰ ৰুজু মুম্বাই আৰক্ষীৰ
ভুৱা টীকাকৰণৰ গোচৰৰ সন্দৰ্ভত একাধিক এজাহাৰ দাখিল কৰিছে মুম্বাই আৰক্ষীয়ে । শেহতীয়াকৈ, মুম্বাই আৰক্ষীয়ে মুম্বাইৰ পোৱাই অঞ্চলত থকা এক বিলাসী আৱাসিক ছ'চাইটিৰ ৩৯০ জন বাসিন্দাক প্ৰদান কৰা ভুৱা প্ৰতিষেধক সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ।
Toycathon ৰ অংশগ্ৰহণকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
২৪ জুনত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে Toycathon 2021 ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ১.২ লাখ অংশগ্ৰহণকাৰীয়ে টয়কাথন ২০২১ (Toycathon 2021) ৰ বাবে ১৭০০০ তকৈও অধিক আইডিয়া পঞ্জীয়ন আৰু দাখিল কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছে এই তথ্য ৷