ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : May 28, 2021, 6:59 PM IST

জুন মাহৰ পৰা বিটিআৰক স্পৰ্শ কৰিব অৰুণোদয় আঁচনিয়ে

বিটিআৰত আগন্তুক জুন মাহৰ পৰা ৰূপায়ন কৰা হ’ব চৰকাৰৰ অৰুণোদয় আৰু স্বয়ম আঁচনি ৷ শুকুৰবাৰে এক পৰ্যালোচনা বৈঠকত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ পথ দুৰ্ঘটনাত আহত 7 জন

মঙলবাৰে পুৱা প্ৰায় 11 মান বজাত তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখাটাত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত পূৱ তামুলপুৰ বহুমুখী সমবায় সমতিৰ AS-25-CC-5246 নম্বৰৰ বাহনখনৰ চালকসহ আন 6 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে

শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ৷ ক’ভিডত মৃত্যুৰ হাৰ হ্ৰাসত গুৰুত্ব ৷ চাহ শ্ৰমিক, মগনীয়া, অঘৰী সকলকে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰীগৰাকীৰ ৷

বেঁকী নৈৰ গৰাখহনীয়াত সৰ্বস্বান্ত জনীয়াবাসী

বৰপেটাৰ জনীয়া আৰু কলগাছিয়াত বেঁকী নৈৰ তীব্ৰ গৰাখহনীয়া । নিশাৰ ভিতৰত পাঁচটাকৈ পৰিয়াল বাসগৃহ জাহ গৈছে নৈৰ বুকুত ৷ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি ৷

মন্ত্ৰী ৰঞ্জিত দাসক সকিয়নী লুৰীণজ্যোতি গগৈৰ

দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা মূল্যবৃদ্ধি সন্দৰ্ভত বৃহস্পতিবাৰে নগাঁৱত কেতবোৰ তৰল মন্তব্য কৰিছিল খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসে ৷ উক্ত মন্তব্যৰ পাছতে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

স্বামীৰ সন্মুখতে ক'ভিডৰ আতংকই প্ৰাণ কাঢ়িলে পত্নীৰ

ক'ভিডৰ ফলাফল লাভ কৰাৰ পাচতে ৰহাৰ চিকিৎসালয়ত মৃত্যুক সাৱতি ল'লে এগৰাকী মহিলাই ৷ পৰিয়ালৰ সদস্যৰ সৈতে ৰহাৰ চিকিৎসালয়ত ক'ভিড পৰীক্ষাৰ বাবে আহিছিল মহিলাগৰাকী ৷

এটা দিনৰ ব্যৱধানত কৰ'ণাই প্ৰাণ ল'লে ভাতৃ-ভগ্নীৰ

লখিমপুৰৰ বিহপুৰীয়াত ঘটিল এক হৃদয় বিদাৰক ঘটনা ৷ এটা দিনৰ ব্যৱধানত লখিমপুৰৰ এটা পৰিয়ালৰ দুই ভাতৃ-ভগ্নীৰ প্ৰাণ ল'লে মহামাৰী কৰ'ণাই ৷ বুধবাৰে লখিমপুৰ নগৰৰ সমীপৱৰ্তী বাহাদুৰ চুকৰ 25 বছৰীয়া যুৱক কুকিল দত্তৰ মৃত্যুৰ পিছদিনাই ক'ভিডে-19য়ে প্ৰাণ ল'লে কুকিলৰ 21 বছৰীয়া ভগ্নী পূবালী দত্তৰো।

মাজুলীৰ ক'ভিড পৰিস্থিতি বুজ ল'লে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলীত তৃতীয় দিন । শুকুৰবাৰে মাজুলীৰ বিধায়ক গৰাকীয়ে মাজুলীৰ বিজেপি দলৰ কৰ্মী সকলৰ লগত এখন সভাত মিলিত হোৱাৰ লগতে গড়মূৰ মাজুলী জিলা চিকিৎসালয় আৰু জেংৰাইমূখ কভিড চেন্টাৰত উপস্থিত হৈ কভিড পৰিস্থিতি বুজ লয়।

বি পি এফৰ প্ৰাক্তন কাৰ্যবাহী সদস্যৰ বিজেপিত যােগদান

দৰঙাজুলী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন বি পি এফৰ কাৰ্যবাহী সদস্য (ই.এম) তথা একেৰাহে তিনিবাৰকৈ এম চি এলৰ দায়িত্ব নির্বাহ কৰা বিজিত গৌড়া নাৰ্জাৰীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যােগদান কৰে । দলৰ ৰাজ্যিক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে নাৰ্জাৰীক দললৈ আদৰণি জনায় ।

ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী গৌৰৱ গগৈৰ

শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তাৰ প্ৰসংগক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন পত্র প্ৰেৰণ কৰে । পত্রযোগে তেওঁ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ আহ্বান জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.