ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - top news

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

Top 10 @ 7 pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 20, 2021, 7:05 PM IST

ধ্বংসৰ গৰাহত ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ দেওশাল

1253 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই স্থাপন কৰিছিল ঐতিহাসিক কীৰ্তিচিহ্নৰে ভৰপুৰ চৰাইদেউ ৰাজধানী ৷ চুকাফাই চৰাইদেউ পাহাৰ শিখৰত স্থাপন কৰিছিল এখন দেওশাল ৷ বৃটিছৰ শাসনৰ সময়ত দেওশালখনৰ বহু সম্পদ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হৈছিল যদিও বৰ্তমানো পৰিত্যক্ত হৈ ৰৈছে এই ঐতিহাসিক দেওশালখন ৷

ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

পঞ্চভূতত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰদেহ ৷ মঙলবাৰে সদ্য প্ৰয়াত ডাঃ বৰ্মনৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন অনুষ্ঠানত উপস্থিত থাকি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

প্ৰতিষেধক সন্দৰ্ভত চৰকাৰৰ নমনীয় ৰণনীতি: ৰাহুল গান্ধী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত ক'ভিড-১৯ টীকাকৰণৰ ক্ষেত্ৰত তৃতীয় পৰ্যায়ত নমনীয় আৰু ত্বৰান্বিতৰ ৰণনীতিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ নমনীয় ৰণনীতিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । ইয়াক প্ৰতিষেধক বৈষম্য ৰণনীতি বুলি অভিহিত কৰে নেতাগৰাকীয়ে ।

মহাৰাষ্ট্ৰত মৃতদেহ সৎকাৰ কৰিলে মুছলমান যুৱকে

খাৰ্বি অঞ্চলৰ বাসিন্দা শ্ৰীৰাম বেলখোডে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । কিন্তু আত্মীয়সকলে কৰ'ণাত মৃত্যু হোৱাৰ সন্দেহ কৰে । বেলখোডেৰ মৃতদেহৰ ওচৰত কেৱল পত্নী, পুত্ৰ আৰু এগৰাকী কন্যা আছিল । কৰ'ণাৰ ভয়ত বেলখোডেক শেষ শ্ৰদ্ধা জনাবলৈ আৰু বাকী আত্মীয়সকলে মৃত শৰীৰ চাবলৈ অস্বীকাৰ কৰিছিল । চলমান ৰফিক নামৰ মুছলমান যুৱকজন আগুৱাই আহে আৰু মৃতদেহৰ সৎকাৰ কৰে ।

ক'ভিডক লৈ কঠোৰ হৈ পৰিছে তিনিচুকীয়া প্ৰশাসন

দিনক দিনে বৃদ্ধি পাইছে তিনিচুকীয়াত ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । ক'ভিড 19 ক লৈ কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন । শেহতীয়া পৰিস্থিতি সন্দৰ্ভত তিনিচুকীয়া থানা চাৰিআলিৰ পৰা সংবাদদাতা প্ৰেমানন্দ দাসৰ এক প্ৰতিবেদন...

ৰোজা ৰাখিব নিদিয়াৰ বাবে আত্মহনন বঢ়মপুৰৰ মহিলাৰ

বঢ়মপুৰৰ বামুণী মুছলমান গাঁৱৰ এখন বিদ্যালয়ত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ চুমি নামৰ এগৰাকী মহিলা ৷ অভিযোগ অনুসৰি, মৃত মহিলাগৰাকীৰ স্বামী বিজু আলীয়ে ৰোজা ৰাখিব নিদিয়াৰ বাবে মহিলাগৰাকীয়ে গ্ৰহণ কৰে এনে চৰম পন্থা ৷

হোজাইত শোৱাপাটীত উদ্ধাৰ মহিলাৰ মৃতদেহ
হোজাইৰ পূৱ ধনীৰাম পথাৰৰ 4 নং ৱাৰ্ডত সোমবাৰে নিশা শোৱাপাটীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ ৷ মৃত মহিলাগৰাকী হৈছে ৰবি নায়কৰ পত্নী পাৰ্বতী নায়ক ৷

তেলেংগানাত নৈশ সান্ধ্য আইন জাৰি

দেশৰ বিভিন্ন ৰাজ্যৰ সমান্তৰালকৈ তেলেংগানাতো বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে চৰকাৰে । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব নৈশ সান্ধ্য আইন ।

সুশান্ত সিং ৰাজপুতৰ জীৱনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাতালৈ জাননী

সুশান্ত সিঙৰ পিতৃয়ে প্ৰয়াত অভিনেতা গৰাকীৰ ওপৰত আধাৰিত চলচ্চিত্ৰ মুক্তিৰ বিৰুদ্ধে নিষেধাজ্ঞা বিচাৰি আবেদন কৰিছিল । দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে আবেদনৰ ওপৰত জাননী জাৰি কৰিছে । ন্যায়াধীশ মনোজ কুমাৰ ওহৰিয়ে বুধবাৰে উত্তৰদাতাৰ পৰা সঁহাৰি বিচাৰিছে আৰু ২৫ মে'ৰ ভিতৰত সঁহাৰি দিয়াৰ নিৰ্দেশ দিয়ে ।

বাফটাৰ ব্ৰেকথ্ৰ' ইণ্ডিয়াৰ বিচাৰক হিচাপে যোগদান অনুপম খেৰৰ

বাফটাৰ ব্ৰেকথ্ৰ' ইণ্ডিয়াৰ বিচাৰক হিচাপে যোগদান কৰিলে বলীউডৰ অভিনেতা অনুপম খেৰে । সোমবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে এই কথা প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.