ETV Bharat / state

7 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 7 PM

7 বজাৰ দহটা শীৰ্ষ খবৰ

7 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
7 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Mar 17, 2021, 7:02 PM IST

ন-কইনাৰ দৰে কংগ্ৰেছে আদৰিছে আজমলক: অতুল বৰা

বিগত লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিৰ ভোটৰ সমীক্ষাই এআইইউডিফ-ৰে ভিতৰুৱা মিত্ৰতাৰ প্ৰমাণ দিছিল যদিও এইবেলি এই মিত্ৰতা ৰাজহুৱা হ'ল । ফলস্বৰূপে, নামনিত বহু সংখ‍্যালঘু নেতাই অগপ দলত যোগদান কৰি আজমল বাহিনীৰ ভেটি উচন কৰিছে । আনহাতে, আজমলৰে মিত্ৰতা কৰাৰ ফলত উজনি অসমতো কংগ্ৰেছ দলটো ভোটাৰ ৰাইজৰ কাষ চাপিবলৈ সক্ষম হোৱা নাই বুলি তাৎপৰ্য‍্যপূৰ্ণ মন্তব‍্য কৰে অগপৰ সভাপতি গৰাকীয়ে ।

পূব গুৱাহাটীৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ অসীমা বৰদলৈ

বহু জল্পনা-কল্পনাৰ অৱসান ঘটিল । গুৱাহাটীৰ অন্যতম পূৱ গুৱাহাটী সমষ্টিত কংগ্ৰেছে কাক প্ৰাৰ্থিত্ব দিব তাক লৈ দীৰ্ঘসময় ধৰি সকলোৰে উৎকণ্ঠা আছিল । অৱশেষত কংগ্ৰেছ দলে প্ৰকাশ কৰা তৃতীয় পৰ্যায়ৰ ২১ জনীয়া প্ৰাৰ্থী তালিকাত পূৱ গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব পালে অসীমা বৰদলৈয়ে ।

ডাঃ দুৰ্লভ চমুৱাৰ মনোনয়ন প্ৰত্যাহাৰৰ আকষ্মিক সিদ্ধান্ত

কংগ্ৰেছৰ পৰা টিকট বঞ্চিত হোৱাৰ পাচতে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি হঠাৎ মনোনয়ন প্ৰত্যাহাৰ কৰিলে ডাঃ দুৰ্লভ চমুৱাই ৷ নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই নিৰ্দলীয়ভাৱে 12 মাৰ্চত মনোনয়ন দাখিল কৰিছিল ।

মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰাতো অবাস্তৱ কথা: ইউ জি ব্ৰহ্ম

ৰাইজৰ কাষত ৬৩ নং চাপাগুৰি সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ম ৷ নতুন সশস্ত্ৰ সংগ্ৰামৰ এতিয়া কোনো গণভিত্তি নাই-এই মন্তব্য ব্ৰহ্মৰ ৷

চিদলীত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীৰ মনোনয়ন দাখিল

প্ৰায় এহেজাৰ সমৰ্থকক লগত লৈ চিৰাং জিলাৰ ৩১ নং চিদলী(এছটি) বিধানসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জেছায়া চাম্প্ৰামাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

বৰপেটাত পুনৰ ৪,১৬,৫০০ টকা জব্দ

ফ্লায়িং স্কোৱাড, এছএছটি আৰু আৰক্ষীয়ে অভিযান চলাই ৪,১৬,৫০০ টকা জব্দ কৰে ৷ বৰপেটা-ভৱানীপুৰ অভিমুখী এখন যাত্ৰীবাহী বাছত তালাচী চলাই জব্দ কৰা হয় এই টকাখিনি ৷

কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ভূপেশ বাঘেলৰ

বুধবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী সুশীল চুড়ীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমষ্টিটোত বিহু, ঝুমুৰৰ লগতে অন্যান্য জনগোষ্ঠীয় নৃত্য উপভোগ কৰা দেখা যায় বাঘেলক ।

এআইইউডিএফ-ৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ আত্মজাহৰ ভাবুকি

জলেশ্বৰ সমষ্টিত ৰফিকুল ইছলামক টিকট দিয়াৰ পিছতো প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে বদৰুদ্দিন আজমলে । যিকোনো মুহুৰ্তত অঘটন ঘটোৱাৰ ভাবুকি টিকট বঞ্চিত প্ৰাৰ্থীগৰাকীৰ ৷

গোলকগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী আব্দুছ ছুবাহান আলী সৰকাৰক উষ্ম আদৰণি

কংগ্ৰেছে মঙলবাৰে ঘোষণা কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা ৷ ২৫ নং গোলকগঞ্জ সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে আব্দুছ ছুবাহান আলী সৰকাৰক ৷ গোলকগঞ্জ সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত আনন্দৰ বন্যা ৷

স্বাধীনতাৰ 74 বছৰ পিচতো উন্নয়নে ঢুকি পোৱা নাই কলগাছিয়াৰ এটা অঞ্চল

কলগাছিয়াৰ খাৰবাল্লীত বিপদ সংকুল যাত্ৰা কণ কণ ছাত্ৰ-ছাত্ৰীৰ । ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা । বেকী নৈৰ সূঁতিত দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ । দাবী পূৰণ নহ’লে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.