ভাৰতীয় সেনাৰ কলকাতাৰ ইন্টেলিজেঞ্চৰ খবৰ ভিত্তিতে তেজপুৰত গ্ৰেপ্তাৰ NSCN কেডাৰ
তেজপুৰ আৰক্ষীয়ে ভাৰতীয় সেনাৰ কলকাতাৰ ইন্টেলিজেঞ্চৰ পৰা পোৱা খবৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে শুকুৰবাৰে আটক কৰিছে কেডাৰজনক। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আটক কৰা কেডাৰজন হৈছে এন এছ চি এন (আই এম) ৰ লংডিংৰ সম্পাদক খাম্পাই ৱাংশু(32)।
বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ
২০২১ ৰ বিধানসভা নিৰ্বাচন হয়তো অসমৰ বহু ৰাজনৈতিক নেতাৰ বাবে সুখদায়ক নহব । কিয়নো ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত থাকি তাৰ সুযোগ লৈ নিৰ্বিঘ্নে বিভিন্ন অপৰাধ কৰি যোৱা সকলৰ বিৰুদ্ধে যি গোচৰ চলি আছিল, সেই গোচৰ সমূহ ছমাহৰ ভিতৰত নিস্পত্তি কৰিবলৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে ।
আমগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ
আমগুৰিত ডিঙিত আলু পিয়াঁজৰ মালা পিন্ধি, কাঁহী-বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷
মণিপুৰৰ উপ নিৰ্বাচন : দিনৰ 11 বজালৈ 43.54 শতাংশ লোকৰ ভোটদান
মণিপুৰত উপ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ ৷ শনিবাৰলৈ 43.54 শতাংশ লোকে ভোটদান কৰিছে ৷
অগ্ৰগতিৰ সংখ্যাই জয়ৰ স্পষ্ট ইংগিত দিছে ডেমক্ৰেটিক দলকঃ জ্ৰ বিডেন
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনাত জৰ্জিয়া আৰু পেনছ'লভিয়াত অগ্ৰগতি লাভ কৰি থকা পিচতে সংখ্যাবোৰে জয়ৰ স্পষ্ট ইংগিত দিছে বুলি মন্তব্য প্ৰকাশ কৰিছে জ্ৰ বিডেনে ৷ ইয়াৰ সমান্তৰালভাৱে CNN ত প্ৰকাশিত তথ্য অনুসৰি ডনাল্ড ট্ৰাম্পতকৈ 27,130 টা ভোটত অগ্ৰগতি লাভ কৰিছে জ্ৰ বিডেনে ৷ জ্ৰ বিডেনে কয়, বিজয়ৰ আনুষ্ঠানিকতা ঘোষণা কৰা হোৱা নাই যদিও বৰ্তমানৰ অগ্ৰগতি লাভ কৰা সংখ্যাবোৰে জয়ৰ নিশ্চিত ইংগিত বহন কৰিছে ৷
অসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ
অসমৰ ভূমিত অৱস্থিত এখন বিদ্যালয়ত শুকুৰবাৰে নিশা বোমা বিস্ফোৰণ ঘটাই অচিনাক্ত মিজো দুষ্কৃতিকাৰীয়ে ৷ কাছাৰ জিলাৰ ধলাইৰ অসম-মিজোৰাম সীমান্তৰ আপাৰ পেইনম প্ৰাথমিক বিদ্যালয়ত এই বিস্ফোৰণ সংঘটিত হয় ৷
বিগত 24 ঘন্টাত দেশত 50,356 গৰাকী লোক ক'ৰণাত আক্ৰান্ত
দেশত বৰ্তমান সময়লৈকে 84,62,080, লোক ক'ৰণাত আক্ৰান্ত হৈছে ৷ প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ ৷ ইয়াৰ পিচতে আছে অন্ধপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু দিল্লী ৷
তামুলপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ অভিনৱ প্ৰতিবাদ
অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল হৈ পৰিল তামুলপুৰৰ ঘগ্ৰা চক ৷ ৰাজপথত হাতে হাতে কাঁহী-বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে l
ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান শিবিৰ
ডুমডুমাত ভাৰতীয় সেনাৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচী ৷ ডুমডুমা মহাবিদ্য়ালয়ত অনুষ্ঠিত হ’ব এই পাঠদান ৷
নীলাপানী হ্ৰদত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ
শুকুৰবাৰে বিয়লি হ্ৰদটোত সন্ধানহীন হৈছিল নগাঁৱৰ ইটাচালীৰ আয়নাভ হাজৰিকা নামৰ যুৱক জন ৷