সুধাকণ্ঠৰ অন্তিম শয়নৰ ভাস্কৰ্য অংকন
কিশোৰ বেজবৰুৱা নামৰ এগৰাকী নলবাৰীৰ যুৱকে সাজি উলিয়াইছে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ অন্তিম শয়নৰ দৃশ্য ৷ ইয়াৰোপৰি কিশোৰে চন্দন কাঠত দেশৰ ভিতৰতে ক্ষুদ্ৰতম এটি হাতী অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে ৷
মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিলে প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে
প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মিজোৰামত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ দাবী উৎত্থাপন কৰিছে চৰকাৰক ৷ লগতে তেওঁ উল্লেখ কৰে যে, বিগত সময়চোৱাতো মিজোৰামে অসমৰ ভূমি আগ্ৰাসন কৰাৰ চেষ্টা কৰি আহিছে; কিন্তু সেই সময়ত চৰকাৰে শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰাৰ বাবেই মিজোয়ে আগ্ৰাসন কৰিব পৰা নাছিল ৷
কামপুৰত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত বিসংগতিৰ অভিযোগ
কঠিয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কামপুৰ জিতগাঁও প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে সৃষ্টি হয় উত্তেজনাৰ ৷ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ চাউল বিতৰণত হোৱা বিসংগতিক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ হিচাপতকৈ বহু পৰিমানে চাউল কমকৈ দিয়াৰ লগতে অভিভাকক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক জয়নাল আবেদিনৰ বিৰুদ্ধে ৷
বিদ্যালয়ৰ কোঠালিত নিশা কটালে অৰ্ণৱ গোস্বামীয়ে
এগৰাকী ইন্টীৰিয়ৰ ডিজাইনাৰৰ আত্মহত্যাৰ সংক্ৰান্তত বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত প্ৰথম নিশা অৰ্ণৱ গোস্বামীয়ে এখন স্থানীয় বিদ্যালয়ৰ কোঠালিত কটাবলগীয়া হয় ৷
তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে
ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ৷ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
বাংকুৰাত জনজাতীয় সম্প্ৰদায়ৰ সৈতে আহাৰ গ্ৰহণ গৃহমন্ত্ৰী অমিত শ্বাহৰ
বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ বাংকুৰাত উপস্থিত হৈ এটি জনজাতীয় সম্প্ৰদায়ৰ সৈতে দুপৰীয়া আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ পাচতে জংগলমহল এলেকাত আয়োজন কৰা দলীয় সভাত ভাগ ল’ব গৃহমন্ত্ৰী গৰাকীয়ে ৷
COVID-19: ভাৰতত ৮৩ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই
দেশত অব্যাহত আছে মহামাৰীৰ ত্ৰাস। ৫০,২১০জন নতুনকৈ কৰ'ণা আক্ৰান্ত ৰোগীসহ ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৮৩,৬৪,০৮৬ জন। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্য়াণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। যোৱা ২৪ ঘণ্টাত ৫০,২১০জন লোক মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭০৪ জন ৰোগীৰ মৃত্যু হৈছে।
প্ৰথম কোৱালিফায়াৰ : মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে দিল্লী কেপিটেলছ
আইপিএল, 2020 ৰ প্ৰথমখন কোৱালিফায়াৰ আজি ডুবাই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ প্ৰথম কোৱালিফায়াৰত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছে ৷
মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আমছুৰ প্ৰতিবাদ
বৰপেটাত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। বৰ্ধিত মূল্য ৰোধৰ দাবীত প্ৰতিবাদত নামিল সংগঠনটোৰ শতাধিক নেতা-কৰ্মী। বৰপেটা জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ মিলেনিয়াম পাৰ্কত অৱস্থান ধৰ্মঘট।
গুৱাহাটীৰ ৰাজপথ উদ্ধৱ থাকৰেৰ প্ৰতিকৃতি দাহ
সাংবাদিক অৰ্ণৱ গোস্বামীৰ মুক্তিৰ দাবী জনায় হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ মহানগৰ সমিতিয়ে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে সাংবাদিক গৰাকীৰ মুক্তিৰ দাবী জনায় ৷