ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 7 pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Aug 25, 2020, 7:11 PM IST

ডেকাসত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত শোকস্তব্ধ বৰপেটা

ডেকা সত্ৰীয়া নৱজিৎ দাসৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে সকলোবোৰ ৷ সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে প্ৰিয় ব্যক্তিগৰাকীক ৷ 2009 চনত ডেকা সত্ৰীয়া পদত অধিষ্ঠিত হৈছিল নৱজিৎ দাস ৷ এক শংকৰী কলা-কৃষ্টিৰ প্ৰসাৰ আৰু প্ৰচাৰ তথা এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল ডেকাসত্ৰীয়া জনে ৷

ঘগ্ৰাপাৰত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ চ’কৰ নিচেই সমীপতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী এগৰাকী যুৱকক হাতে-লোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকগৰাকী আব্দুল চামাদ বুলি জানিব পৰা গৈছে ৷ ধৃত আব্দুলৰ স্বীকাৰোক্তিৰ ভিত্তিত ড্ৰাগছ মাফিয়া ৰাণা আলীক ৰঙিয়া থানাৰ অন্তৰ্গত গোহাইঘাট হাতবজালীৰ নিজা বাসগৃহৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় ঘগ্ৰাপাৰ আৰক্ষীয়ে ৷

আদিবাসী ছাত্ৰ সন্থাৰ তৎপৰতাত জব্দ ডাম্পাৰ

হাৰমতী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনত অব্যাহত আছে বনজ সম্পদৰ অবৈধ ব্যৱসায় । এই অভিযোগ উত্থাপন কৰিছে আদিবাসী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলে ৷ উক্ত ঘটনাৰ সন্দৰ্ভতে হাৰমতী আছাই মঙলবাৰে অবৈধভাৱে চলাই থকা এই কুৱেৰীৰ পৰা শিল-বালি পৰিবাহী কেইবাখনো ডাম্পাৰ জব্দ কৰি হাৰমতী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে ।

বেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

সাময়িকভাৱে বন্ধ হ’ল বিতৰ্কিত ধাৰাবাহিক বেগমজান ৷ বিগত 6 জুলাইৰ পৰা ৰেঙণি নামৰ এটা ব্যক্তিগত টেলিভিচন চেনেলৰ যোগেদি সম্প্ৰচাৰ হোৱা ধাৰাবাহিকখন সম্প্ৰচাৰৰ দিনৰে পৰা সন্মুখীন হৈছিল তুমুল বিতৰ্কৰ ৷

অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কিশোৰীৰ মৃত্য়ু

তিনিচুকীয়াৰ ছৈখোৱাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ অভিযোগ উত্থাপন হৈছে ৷ অৰ্ধনিৰ্মিত কালভাৰ্টৰ পৰা পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে দুটি কণমানিয়ে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত আটছাৰ সাংস্কৃতিক প্ৰতিবাদ

মঙলবাৰে ৰাজ্যজুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ ৷ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ ‘কৰম পৰৱ’ত চৰকাৰী বন্ধ ঘোষণাৰ দাবীত খুমটাই, টীয়ক, গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৰ সদস্যসকলে ৷

ভাইৰেল ভিডিঅ’ সন্দৰ্ভত আলফা (স্বা) ৰ প্ৰতিক্ৰিয়া

সামাজিক মাধ্যম ফেচবুকত এগৰাকী যুৱকে আলফা(স্বা) ৰ সদস্য মাজু অসম বুলি পৰিচয় দি এক ভিডিঅ’ প্ৰচাৰ কৰে ৷ বিষয়টোত মঙলবাৰে স্পষ্টীকৰণ প্ৰকাশ কৰে আলফা(স্বা) য়ে ৷ উক্ত যুৱকগৰাকী আলফা(স্বা) ৰ সদস্য নহয় বুলি স্পষ্ট কৰে আলফা(স্বা) ৰ ৰূপক অসমে ৷

বহিঃ ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বিৰুদ্ধে সৰৱ প্ৰাথমিক টেট শিক্ষক সন্থা

সকলো টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিয়াৰ দাবীত গৌৰী সাগৰত এখন সংবাদ মেল সম্বোধন কৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই ৷ দীৰ্ঘ দিন ধৰি চৰকাৰে চাকৰি নিয়মীয়া নকৰাত ক্ষুদ্ধ হৈ পৰে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকল ৷

শিল্পীসকলক ক্ষুৰধাৰ সমালোচনা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

ৰাজ্যত এতিয়া আঞ্চলিক দল গঠনৰ জোৱাৰ ৷ ইয়াকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ৷ মঙলবাৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমীয়া জাতিক মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দিয়া বিজেপিৰ দৰে অসম বিৰোধী ৰাজনৈতিক দলত জাক পাতি আজি একাংশ শিল্পী নামধাৰী বহুৱাই যোগদান কৰা কাৰ্য চূড়ান্ত বহুৱালী । সমগ্ৰ ৰাজ্যবাসীৰ প্ৰতি চৰম বিশ্বাসঘাটকতা আৰু প্ৰতাৰণা। কেৱল ইমানেই নহয় এওঁলোক যে ছদ্মবেশী দেশপ্ৰেমীক সেই কথা আজি প্ৰমাণ হয় গ'ল।

নগাঁৱত আৰক্ষীৰ জালত অবৈধ সুৰাসহ দুই সৰবৰাহকাৰী

নগাঁৱত আৰক্ষীৰ জালত অবৈধ সুৰাসহ দুই সৰবৰাহকাৰী ৷ ইতিমধ্যে আবকাৰী বিভাগক ধৃত সৰবৰাহকাৰী কেইজনক গতাই দিয়ে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.