ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 বাতৰি..

author img

By

Published : Oct 23, 2021, 5:00 PM IST

5 বজাৰ শীৰ্ষ 10 বাতৰি..

TOP 10 AT 5PM
5 বজাৰ শীৰ্ষ 10 বাতৰি

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে নেকি মুখ্যমন্ত্রীয়ে ?

প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েক সাক্ষাৎ কৰি প্ৰদান কৰিলে স্মাৰক পত্র । নিৰ্বাচনী বিধি উলংঘা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী ।

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ ফেৰী

মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ অঘটন ৷ যান্ত্ৰিক বিজুতিৰ ফলত নৈৰ বুকুত আৱদ্ধ এম ভি লোহিত নামৰ যাত্ৰীবাহী ফেৰীখন ৷

মাজুলী-অফলামুখ ফেৰীঘাটত বন্ধ হ’ব ৰ'পেক্স

সেৱা আৰম্ভ হোৱাৰ ডেৰ মাহৰ পিছতে বন্ধ হোৱাৰ দিশে মাজুলী-অফলামুখ ফেৰীঘাটৰ ৰ’পেক্স ফেৰী সেৱা ৷ ৰ’পেক্সৰ 11 গৰাকী কৰ্মচাৰীক দৰমহা নিদিয়াৰ প্ৰতিবাদতে বন্ধ কৰা হ’ব ফেৰী সেৱা ৷

অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

অৱশেষত দোধোৰ মোধোৰ অৱস্থা বাদ দি উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অসম জাতীয় পৰিষদ । শনিবাৰৰ দিনটোত ভৱানীপুৰ সমষ্টিত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লয় জাতীয় পৰিষদৰ নেতৃত্বই ।

ৰঙিয়াত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ অভিযন্তা

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল অভিযন্তা ৷ লোক নিৰ্মাণ বিভাগৰ দীপক মজুমদাৰ নামৰ অভিযন্তাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ ৷

মুখ্যমন্ত্ৰীৰ নহয় স্থানীয় বিধায়কজনৰহে থাকে ভূমি পট্টা দিয়াৰ অধিকাৰ : অখিল

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত ক্ৰমাৎ গৰম হৈ পৰিছে থাওৰাৰ ৰাজনৈতিক পৰিৱেশ । দুটা দিনৰ পূৰ্বেই থাওৰাত কেইবাখনো ৰাজনৈতিক সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অখিল গগৈৰ লগতে ৰাইজৰ দলক ।

বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান ড৹ নগেন শইকীয়াৰ

বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান জনালে বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বৰাকত অসমীয়া ফলকত ক’লা ৰং সানি কাৰ্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷

বৈষ্ণো দেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি

ক'ভিড-১৯(COVID-19)ৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে বৈষ্ণো দেৱী(Vaishno Devi) মন্দিৰৰ তীৰ্থযাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে ।

অস্কাৰ লাভৰ যুঁজত ভাৰতৰ প্ৰৱেশৰ বাবে বাছনি প্ৰক্ৰিয়া : শীৰ্ষত শ্বেৰণী, চৰ্দাৰ উধম

অস্কাৰৰ মনোনয়ন লাভৰ প্ৰতিযোগিতাত কোনখন ছবিয়ে প্ৰতিনিধিত্ব কৰিব ভাৰতক ? ১৪ জনীয়া বিচাৰকৰ পেনেলে ইতিমধ্যে আৰম্ভ কৰিছে বাছনি প্ৰক্ৰিয়া । এতিয়ালৈকে বাছনি কৰি উলিওৱা তালিকাৰ শীৰ্ষত আছে "শ্বেৰণী"(Sherni), "চৰ্দাৰ উধম"(Sardar Udham) ।

গ্ল’বেল ষ্টাৰ প্ৰভাষৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে মুকলি কৰিলে নতুন ফিল্টাৰ

আজি দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষৰ জন্মদিন ৷ গ্ল’বেল তাৰকাগৰাকীৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে ‘Global Prabhas Day’ বুলি মুকলি কৰিছে এটি নতুন ইনষ্টাগ্ৰাম ফিল্টাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.