ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Aug 30, 2021, 5:05 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 5PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

উত্তৰাখণ্ডত ভয়াৱহ ভূমিস্খলন: দুজন নিহত

উত্তৰাখণ্ডত যেন প্ৰকৃতিয়ে দেখুৱাইছে নিজৰ ৰূদ্ৰ ৰূপ ৷ পিথোৰাগঢ় জিলাৰ জুম্মা গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত দুগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে মাটিত পোত গৈছে পাঁচজনকৈ লোক ৷ মাজ নিশা সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ পাচতেই সৃষ্টি হয় ভূমিস্খলনৰ ৷

কলিয়াবৰৰ বানাক্ৰান্তৰ মনৰ বুজ ল’লে মন্ত্ৰী কেশৱ মহন্তই

কলিয়াবৰৰ বৰঘূলীত নিশা বন্যাৰ্তৰ কাষত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । উল্লেখ্য যে, সম্প্ৰতি ভদীয়া বানৰ কৱলত পৰিছে ৩ নং বৰঘূলিৰ কেইবাটাও অঞ্চল । অঞ্চলকেইটাৰ প্ৰায় দুই শতাধিক পৰিয়াল বৰ্তমান বানৰ কৱলত পৰিছে ।

কাজিৰঙাত বান: Time card ব্যৱস্থাৰে জীৱ-জন্তুৰ মৃত্যু নিয়ন্ত্ৰণৰ লক্ষ্য

লুইতৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ উদ্যান খনৰ প্ৰায় ৭৫% অঞ্চল এতিয়া বাঢ়নী পানীয়ে বুৰাই পেলাইছে । সেয়ে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যান-বাহনৰ যাতায়াতত শেনচকু ৰখাৰ উদ্দেশ্যে মুকলি কৰিছে টাইম কাৰ্ড ব্যৱস্থা ৷

ভদিয়া বানৰ কৱলত থাওৰাৰ ২১খনৰো অধিক গাঁও

থাওৰা সমষ্টিৰ দিহিং কলঘৰ, দিহিংমুখ লাইবিল আদিকে ধৰি ২১ খনৰো অধিক গাঁও এতিয়া বানৰ কৱলত পৰিছে । অঞ্চল কেইটাৰ সকলো বাট-পথ, ঘৰ-দুৱাৰ সম্পূৰ্ণৰূপে বুৰাই পেলাইছে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে ।

বিভাগীয় নিষেধাজ্ঞাৰ পিছতো ব্ৰহ্মপুত্ৰৰ বুকুত নাও চলাচল অব্যাহত

ভদীয়া বানৰ কৱলত পৰিছে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ শেহতীয়াকৈ ধুবুৰীতো ব্ৰহ্মপুত্ৰৰ জলস্তৰে অতিক্ৰম কৰিছে বিপদসীমা ৷

গাঁওবুঢ়াসকলক ম’বাইল ফোন বিতৰণ বিটিআৰ প্ৰধানৰ

বাক্সা জিলাৰ জালাহস্থিত বি বি কিষাণ মহাবিদ্যালয়ত শনিবাৰে মুছলপুৰ জিলা ইউপিপিএল সমিতিৰ উদ্যোগত চাপাগুৰি বিধানসভা সমষ্টিৰ বাক্সা আৰু জালাহ ৰাজহ চক্ৰৰ গাঁওবুঢ়াসকলৰ মাজত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ম’বাইল ফোন বিতৰণ কৰে ।

বিধায়ক জিতু গোস্বামীক উভতি ধৰিলে AJYCPৰ নেতৃত্বই

মিকিৰ বামুণী গ্ৰাণ্টৰ উচ্ছেদিত ভূমিক লৈ বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ । দেওবাৰে সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে দুৰ্নীতি সংঘটিত হ'লেই তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷

কাগজ কল নিলামত স্থগিতাদেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

ৰাজ্যবাসীৰ বাবে সাময়িকভাৱে হ’লেও আহিছে আশাৰ বতৰা ৷ ৰাজ্যৰ দুয়োটা কাগজ কল নিলামত স্থগিতাদেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ৷

পেটৰ ভাতমুঠি মোকলাবলৈ এতিয়া চৰকাৰেই একমাত্ৰ ভৰসা

সমাগত শাৰদীয় দুৰ্গা পূজা(Durga Puja) ৷ কিন্তু দুৰ্গোৎসৱক লৈ চৰকাৰে নতুন ক’ভিড নীতি-নিৰ্দেশনা(SOP) জাৰি নকৰাৰ ফলত বিপাঙত পৰিছে মৃৎ শিল্পীসকল(Pottery Artist) ৷ চৰকাৰী নিৰ্দেশনা অবিহনে নিৰ্মাণ কৰিব পৰা নাই দুৰ্গা মাৰ মৃণ্ময় মূৰ্তি ৷

শ্ৰীকৃষ্ণ জন্মাষ্টমী : ভক্তক আদৰিবলৈ সাজু মথুৰা-বৃন্দাবন

উত্তৰ প্ৰদেশত উলহ-মালহেৰে চলোৱা হৈছে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপনৰ প্ৰস্তুতি ৷ ৰাজ্যখনৰ মুখ্য চহৰকেইখনৰ উপৰিও প্ৰতিখন চহৰ-নগৰৰ চৌপাশ কৃষ্ণৰ মূৰ্তি, শ্ৰীকৃষ্ণৰ লীলাৰে জড়িত সাংস্কৃতিক কাৰ্যক্ৰমসমূহ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.