ETV Bharat / bharat

মালদ্বীপলৈ 50 নিযুত আমেৰিকান ডলাৰ বাজেট সমৰ্থন ভাৰতৰ - India Maldives relations

author img

By ANI

Published : 2 hours ago

India Budgetary Support to Maldives : শেহতীয়া কিছু দিনত ভাৰত আৰু মালদ্বীপৰ মাজত বৈদেশিক সম্পৰ্ক তিক্ত হৈ পৰিছে যদিও ভাৰতে কিন্তু দেশখনক সকলো ধৰণৰ বৈদেশিক সমৰ্থন আগবঢ়াই আহিছে । তাৰে এক উদাহৰণ হৈছে ভাৰতে মালদ্বীপক পুনৰ এবছৰৰ বাবে ৫০ নিযুত মাৰ্কিন ডলাৰৰ বাজেটীয় সাহায্য প্ৰদানৰ সিদ্ধান্ত ।

India Budgetary Support to Maldives
প্ৰতিনিধিত্বমূলক ছবি (ANI Photo)

নিউজে ডেস্ক, ২০ ছেপ্টেম্বৰ : মালদ্বীপ চৰকাৰৰ অনুৰোধত ভাৰতে মালদ্বীপক আৰু এবছৰৰ বাবে ৫০ নিযুত আমেৰিকান ডলাৰ বাজেটীয় সমৰ্থন আগবঢ়াইছে । মালদ্বীপত থকা ভাৰতীয় উচ্চ আয়োগে বৃহস্পতিবাৰে এই কথা কয় ।

মালদ্বীপ চৰকাৰৰ অনুৰোধত ভাৰতীয় ষ্টেট বেংকে পূৰ্বৰ পৰিপক্বতাৰ (Maturity) ওপৰত ১৯ ছেপ্টেম্বৰত আৰু এবছৰৰ সময়সীমাৰ বাবে মালদ্বীপৰ বিত্ত মন্ত্ৰালয়ে জাৰি কৰা ৫০ নিযুত আমেৰিকান ডলাৰৰ চৰকাৰী ট্ৰেজাৰী বিলৰ (টি-বিল) সদস্যতা গ্ৰহণ কৰে । মালদ্বীপৰ ভাৰতীয় উচ্চায়োগে এক প্ৰেছ বিজ্ঞপ্তিত কয় ।

মে'ত ৫০ নিযুত আমেৰিকান ডলাৰৰ ট্ৰেজাৰী বিলৰ প্ৰথম ৰোল-অ'ভাৰৰ পিচত এইবছৰ ভাৰত চৰকাৰে প্ৰদান কৰা এইটো হৈছে দ্বিতীয় ৰোল-অ'ভাৰ । প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে, "ইয়াৰ পূৰ্বে ২০২৪ চনৰ মে' মাহত পুনৰ মালদ্বীপ চৰকাৰৰ অনুৰোধত এছ বি আয়ে একে ব্যৱস্থাৰ অধীনত ৫০ মিলিয়ন আমেৰিকান ডলাৰৰ টি-বিল গ্ৰহণ কৰিছিল । জৰুৰীকালীন বিত্তীয় সহায় হিচাপে মালদ্বীপ চৰকাৰৰ বিশেষ অনুৰোধত এই সদস্যতাসমূহ কৰা হৈছে ।"

প্ৰেছ বিজ্ঞপ্তিত ভাৰতীয় উচ্চায়োগে মালদ্বীপক ভাৰতৰ মুখ্য সামুদ্ৰিক চুবুৰীয়া আৰু ভাৰতৰ 'চুবুৰীয়া প্ৰথম' নীতিৰ অধীনত গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি অভিহিত কৰে । মালদ্বীপত থকা ভাৰতীয় উচ্চায়োগে কয়, "মালদ্বীপ হৈছে ভাৰতৰ মুখ্য সামুদ্ৰিক চুবুৰীয়া আৰু ভাৰতৰ 'চুবুৰীয়া প্ৰথম' নীতি আৰু ভিজন সাগৰ (Vision SAGAR) অৰ্থাৎ অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু বিকাশৰ অধীনত এক গুৰুত্বপূৰ্ণ অংশীদাৰ ।"

"ভাৰতে প্ৰয়োজনৰ সময়ত মালদ্বীপক সহায় কৰিছে আৰু এই বছৰৰ আৰম্ভণিতে ভাৰত চৰকাৰৰ সিদ্ধান্তৰ সৈতে টি-বিলৰ বৰ্তমানৰ সদস্যতা, মালদ্বীপৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ ৰপ্তানিৰ বাবে বিশেষ কোটা আৰু এবছৰলৈ বৃদ্ধি কৰাটোৱে চৰকাৰ আৰু মালদ্বীপৰ জনসাধাৰণক ভাৰতৰ নিৰন্তৰ সমৰ্থন প্ৰতিফলিত কৰে ।" তাত লগতে কোৱা হৈছে ।

আনহাতে, ভাৰতৰ এই ঘোষণাৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি মালদ্বীপৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আব্দুল্লা শ্বাহিদে নতুন দিল্লীৰ বাজেট সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰে । ভাৰত আৰু মালদ্বীপক ‘‘সময়ৰ দ্বাৰা পৰীক্ষিত বন্ধু’’ আৰু ‘‘অটল সহযোগী’’ বুলি অভিহিত কৰি তেওঁ ভাৰতক নিজৰ দেশৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা বিশেষ বিবেচনাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

এক্সৰ এটা পোষ্টত আব্দুল্লা শ্বাহিদে কয়, "ভাৰতে মালদ্বীপ চৰকাৰে জাৰি কৰা ৫০ নিযুত আমেৰিকান ডলাৰৰ টি-বিলক জৰুৰীকালীন বিত্তীয় সাহায্য হিচাপে আৰু এবছৰৰ বাবে সদস্যতা বৃদ্ধি কৰা বুলি শুনি আনন্দিত হৈছো । ভাৰতে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে এই চৰকাৰৰ অৰ্থনীতিৰ অব্যৱস্থা আৰু ইয়াৰ সন্দেহজনক বৈদেশিক নীতি সত্ত্বেও ভাৰত এক সময়ৰ দ্বাৰা পৰীক্ষিত বন্ধু আৰু এক অটল সহযোগী । মালদ্বীপৰ জনসাধাৰণৰ প্ৰতি সম্প্ৰসাৰিত বিশেষ বিবেচনাৰ বাবে মই ভাৰতক ধন্যবাদ জনাইছো । প্ৰগতি আৰু সমৃদ্ধিৰ বাবে সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ, সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অপৰিহাৰ্য ।"

লগতে পঢ়ক :২০৩০-৩১ৰ ভিতৰত ভাৰত হ'ব তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি: এছ এণ্ড পি গ্ল'বেলৰ প্ৰতিবেদন - India Economy
লগতে পঢ়ক :ভাৰত-ম্যানমাৰ সীমান্তত ৩১ হাজাৰ কোটিটকীয়া বেৰ; কেবিনেট কমিটীৰ অনুমোদন - India Myanmar Border

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.