ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 AT 5 PM

বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 5 PM
বিয়লি 5 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Aug 26, 2021, 5:03 PM IST

চাৰি দশকত জব্দ-উদ্ধাৰ কৰা গঁড়ৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা বন বিভাগৰ

চোৰাংচিকাৰী তথা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা তথা মৃত গড়ৰ পৰা উদ্ধাৰ কৰা আঢ়ৈ হাজাৰ খৰ্গ ধ্বংস কৰা হ'ব । ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ চৌহদত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ'ব । এই শুনানিৰ পাছতে বন বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । পৰীক্ষা-নিৰীক্ষা আৰু শৈক্ষিক গৱেষণাকে ধৰি বিভিন্ন কাৰণত পাঁচ শতাংশ খৰ্গ সংৰক্ষণ কৰা হ'ব ।

দুৰ্গা পূজা 2021: কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?

সমাগত দুৰ্গা পূজা ৷ ক'ভিডমুক্ত হ'বনে এইবাৰৰ পূজা ৷ এইবছৰ মা দুৰ্গাৰ আগমন আৰু প্ৰস্থানে পৃথিৱীখনক ৰোগমুক্ত কৰিবনে ? কি বাৰ্তা আনিছে দেৱীৰ আগমন আৰু প্ৰস্থানে ?

ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসমত 18 আগষ্টৰ পৰা লকডাউন কিছু পৰিমাণে শিথিল কৰা হৈছে ৷ ব্যক্তিগত যান বাহনৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন জিলাসমূহৰ মাজত থকা নিষেধাজ্ঞা ইতিমধ্যে বাতিল কৰিছে চৰকাৰে ৷ কিন্তু গুৱাহাটী মহানগৰীত এতিয়াও নিয়ন্ত্ৰিত হোৱা নাই সংক্ৰমণ ।

নন্দিতা শইকীয়াৰ ন্যায়ৰ দাবীৰে শিৱসাগৰত ঐক্য সেনা অসমৰ প্ৰতিবাদ

মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াক বৰ্বৰভাৱে আক্ৰমণ কৰি মৃত্যুমুখলৈ ঠেলি দিয়া ৰিণ্টু শৰ্মাৰ ফাঁচীৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ । এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠনটোৱে ।

কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

দুৰ্নীতিৰ অভিযোগেৰে গ্ৰেপ্তাৰ হোৱা প্ৰশাসনিক বিষয়া চাইবৰ ৰহমানক(Saibar Rahman) লগত লৈ বৃহস্পতিবাৰে কয়াকুছিত উপস্থিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল(CM Vigilance Cell Team) ৷ ধুবুৰীৰ পূৰ্বৰ অতিৰিক্ত উপায়ুক্ত তথা বৰ্তমানৰ শাখা উন্নয়নৰ উপ সচিব চাইবৰ ৰহমানৰ নিজ বাসগৃহৰ লগতে আন কেতবোৰ স্থানত অনুসন্ধান চলোৱাৰ সম্ভাৱনা আছে দলটোৰ ৷

পাথাৰকান্দিত প্ৰায় ১ কোটি টকাৰ নিচাযুক্ত টেবলেট জব্দ

ৰাজ্যজুৰি ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে অভিযানৰ মাজতে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত আৰক্ষীৰ বৃহৎ সফলতা । ক্ৰাইম ব্ৰাঞ্চ আৰু পাথাৰকান্দি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট ।

বিভাগৰ অৱহেলা:বিতৰণৰ‌‌ পূৰ্বেই জহি-খহি গ'ল ট্ৰাই চাইকেল

নগাঁও সমাজ কল্যাণ বিভাগৰ অৱহেলাৰ বাবে জহি-খহি গৈছে বহুসংখ্যক ট্ৰাই-চাইকেল । বিতৰণৰ অভাৱত নগাঁৱৰ চামগুৰিৰ বাজিয়াগাওঁ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ চৌহদত পৰি ৰৈছে ট্ৰাই-চাইকেলসমূহ ।

মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

ভাওনা সংস্কৃতিৰ লগতে মুখাশিল্পক জীয়াই ৰাখিবলৈ একাংশ নৱপ্ৰজন্মই আহোপুৰুষাৰ্থ চেষ্টা কৰিছে ৷ আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই ছয়জনীয়া কিশোৰৰ দলটিয়ে নিজ হাতেৰে নিৰ্মাণ কৰিছে মৎস্য, কুৰ্ম, নৰসিংহ, বৰাহ, হাতী, সৰ্প আদি অজস্ৰ মুখা ।

Yogiক Bhogi আখ্যা দি বিপদত উদ্ধৱ ঠাকৰে

যোগী আদিত্যনাথ(Yogi Adityanath)ৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত উদ্ধৱ ঠাকৰে ৷ যোগী আদিত্যনাথক ভোগী আখ্যা দিয়াক লৈ উদ্ধৱ ঠাকৰে(Uddhav Thackeray)ৰ বিৰুদ্ধে বিজেপি জাঙুৰ খাই উঠিছে ৷

4 দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

চাৰিদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ সম্পূৰ্ণানন্দ(Uttar Pradesh Chief Minister Dr Sampurnanand)ৰ এটা 6 ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.