ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 5 PM

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Aug 2, 2021, 5:04 PM IST

দিল্লীয়ে উত্তৰ পূৱৰ ৰাজ্য সমূহত সমন্বয় স্থাপন হোৱাতো নিবিচাৰে: লুৰীণজ্যোতি

অসম-মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণত নিহত শ্বহীদ জোৱান নাজমূল হকৰ বৰপেটাৰ কদমগুৰিস্থিত বাসগৃহত উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ সীমা সমস্যাৰ সন্দৰ্ভত চৰকাৰক তীব্ৰ কটাক্ষ লুৰীণজ্যোতি গগৈৰ ৷

হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন

হায়দৰাবাদত নিৰ্মাণ হ’ব অসম ভৱন (Assam Bhawan) ৷ ইতিমধ্যে ইয়াৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন আই এ এছ বিষয়া ভি এছ ভাস্কৰক (V S Bhaskar) ৷

Facebook-ত পুলিচৰ সৈতে চিনাকি হৈ ক’ত গ’ল দুই সন্তানৰ মাতৃ জানমণি ?

দুটাকৈ সন্তানৰ মাতৃ হোজাই জিলা কাকী বঢ়মপুৰৰ জানমণি বৰা বেছ জনপ্ৰিয় ফেচবুকত ৷ ফেছবুকতে এজন আৰক্ষীৰ জোৱানৰ সৈতে কিছুদিন ধৰি বন্ধুত্ব কৰি এতিয়া নিখোজ হৈ আছে মহিলা গৰাকী ৷

আজিও অক্ষত আহোমৰ প্ৰযুক্তিৰে নিৰ্মিত স্মৃতিসৌধসমূহ

হাজাৰ বছৰ বিছতো একে স্থিতিতেই সদম্ভে ঠিয় দি আছে আহোম যুগৰ ঐতিহ্যপূৰ্ণ সৌধসমূহ ৷ আধুনিক প্ৰযুক্তিৰ বিপৰীতে তাহানিৰ দিনতে মাটিমাহ, হাঁহকণী, শিলিখা, বৰা চাউল আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা সৌধসমূহ আজিও অক্ষত হৈ আছে আহোম ৰাজধানী চৰাইদেউত ৷

Olympicsৰ ছেমি ফাইনেলত মহিলা হকী দল : চৰ্চিত হৈছে Real LIfeৰ কবিৰ খান

সোমবাৰে অষ্ট্ৰেলিয়াক পৰাজিত কৰি অলিম্পিকৰ ছেমি ফাইনেল প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দলটো ৷ দলটোৰ এই বিজয়ৰ পাছতে চৰ্চিত হৈ পৰিছে প্ৰশিক্ষক জোৱাৰ্ড মাৰি (Sjoerd Marijne) ৷ মাৰিক Real LIfeৰ কবিৰ খান আখ্যা ক্ৰীড়া অনুৰাগীৰ ৷

গুৰুত্ব নাই বিধায়কৰ : ভাগা দলঙেৰে ৰাইজৰ যাতায়াত

উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনতেই পোহৰলৈ আহিছে উন্নয়নৰ ফোঁপোলা প্ৰতিচ্ছবি ৷ উন্নয়ন হোৱা নাই ৰাজ্যৰ চাহ বাগিচা সমূহত ৷ ভঙা দলঙৰ পৰা পৰি মানুহ মৰাৰ পাচতো দলং নিৰ্মাণত গুৰুত্ব নাই বিধায়ক চক্ৰধৰ গগৈৰ ৷ যাৰ ফলত মৰাণৰ বামুনবাৰী চাহ বাগিচাত জনপ্ৰতিনিধিৰ সলনি ভগ্ন দলং নিৰ্মাণ কৰিলে আছাই ৷

শ-শ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলিৰে ভৰিছে আমগুৰিৰ দিকচু

কালৰ সোঁতত হেৰাই যাব ধৰিছে বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰাণী ৷ তাৰে ভিতৰত অন্যতম স্তন্যপায়ী পক্ষী হৈছে বাদুলি ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ দিকচুত এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ কিয়নো ইয়াত দেখিবলৈ পোৱা গৈছে শ-শ দুষ্প্ৰাপ্য প্ৰজাতিৰ বাদুলি ৷

২৯ বছৰৰ পিছত আৰক্ষীৰ জালত পৰিল সুভাষ ৰামকৃষ্ণ নাখলে

বিগত ২৯ বছৰে সুভাষ ৰামকৃষ্ণ নাখলেই আৰক্ষীৰ চকুত ধূলি দি ভুৱা পৰিচয়েৰে বাস কৰি আছিল মহাৰাষ্ট্ৰত । অৱশেষত আৰক্ষীয়ে আটক কৰিলে হত্যাকাণ্ডৰ অভিযুক্ত সুভাষ ৰামকৃষ্ণ নাখলেক । খঙৰ ভমকত এগৰাকী বিষয়াক গুলীয়াই হত্যা কৰিছিল নাখলেই । কিন্তু কোন এই সুভাষ ৰামকৃষ্ণ নাখলে আৰু কিয় হত্যা কৰিছিল বিষয়াগৰাকীক ?

আকৌ তিনি তালাকৰ বিৰুদ্ধে দেশৰ বুদ্ধিজীৱি

তিনি তালাকৰ বিৰুদ্ধে থকা আইনৰ সমালোচনাত লিপ্ত হৈছে অৰুণা ৰয় আৰু তিস্তা চেতলৱাড়ৰ দৰে বিশিষ্ট নাগৰিক ৷ চৰকাৰ আৰু কেইবাটাও সংগঠনে বিবাহৰ অধিকাৰ সুৰক্ষা আইন ২০১৯((Protection of Rights on Marriage Act 2019) প্ৰণয়ন উপলক্ষে 'মুছলমান মহিলা অধিকাৰ দিৱস' পালন কৰাৰ সময়তে তেওঁলোকে এই আইনৰ তীব্ৰ বিৰোধিতা কৰে ৷

শ্মশানৰ পূজাৰীলৈ কিশোৰী হত্যাৰ সন্দেহৰ আঙুলি

দেওবাৰে দিল্লী(Delhi)ৰ কেণ্টনমেণ্ট অঞ্চলত এগৰাকী কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । কিশোৰীগৰাকী ধৰ্ষণ(Rape) আৰু হত্যা(Murder)ৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে । পৰিয়ালৰ সন্মতি অবিহনে কিশোৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰো অভিযোগ উত্থাপিত হৈছে । সমগ্ৰ ঘটনাৰ বাবে কিশোৰীগৰাকীৰ পিতৃ-মাতৃয়ে পুৰণি নাংগল শ্মশানত কৰ্মৰত এগৰাকী পুৰোহিতকে দোষাৰোপ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.