উত্তীৰ্ণৰ অভিলেখ : শিক্ষাৰ্থীয়ে ক'ত নামভৰ্তি কৰিব !
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মিলি প্ৰায় চাৰে ছয় লাখ শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে অসমত পৰ্যাপ্ত আসন আছে জানো ? এই প্ৰশ্নই এতিয়া শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকসকলক চিন্তিত কৰি তোলিছে। ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকলৈ এক জটিল পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শিক্ষামন্ত্রীৰ হিচাপক লৈ আশ্বস্ত হ'ব পৰা নাই শিক্ষাৰ্থী-অভিভাৱক।
লামডিং সংৰক্ষিত বনাঞ্চলত বন্য হস্তীৰ বাবে খোৱা পানীৰ ব্যৱস্থা
ৰাজ্যত সঘনে সংঘটিত হোৱা হস্তী-মানুহৰ সংঘাত এক জটিল সমস্যা ৰূপে চিহ্নিত হোৱা সময়চোৱাতে হোজাই জিলাত বিশ্ব হিন্দু পৰিষদে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ ৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ হস্তী প্ৰকল্প ঘোষিত অঞ্চলত হস্তীৰ বাবে পানী খোৱা পুখুৰী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে পৰিষদে ৷
কেন্দ্ৰৰ পৰা অসমলৈ দুটা দিনত ১৬,৪৬,৮০০ ড'জ ভেকচিন
এতিয়ালৈকে ৰাজ্যৰ ১,০৬,৩৩,৯৯৮ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিনৰ পাছত ৰাজ্যত প্ৰথমবাৰলৈ এহেজাৰৰ তললৈ নামিছে আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৯৮৯ গৰাকী। আক্ৰান্তৰ হাৰ ০.৯২ শতাংশ। মৃত্যু হৈছে ১৯ গৰাকী লোকৰ।
মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীক সংস্থাপন দিব প্ৰমোদ বড়োই
মূলসুঁতিলৈ ঘুৰি অহা সকলো উগ্ৰপন্থীকে সংস্থাপন দিব বিটিচি কাউন্সিলে (BTC Council) ৷ শিক্ষাগত অৰ্হতা থকা সকলক চৰকাৰী চাকৰি আৰু বাকী সকলক চাৰিলাখকৈ টকা দি ব্যৱসায়ত মনোনিৱেশ কৰিবলৈ উদগনি দিব বিটিচি কাউন্সিলে (BTC Council) ৷
ন্যায় বিচাৰি পুনৰ ৰাজপথত নামিল এবিএমছু
পুনৰ ৰাজপথত নামিল এবিএমছু । এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি ৰঙিয়া-গোৰেশ্বৰ পথৰ ধেপাৰগাঁৱত উত্তাল প্ৰতিবাদ । তিনিটা বছৰে হত্যাকাৰীৰ কোনো সম্ভেদ উলিয়াব নোৱাৰাৰ প্ৰতিবাদত সমগ্ৰ বি টি আৰৰ প্ৰতিখন গাঁৱত লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি আৰু হত্যাকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
26 জুলাইত কি হৈছিল লাইলাপুৰত ?
কি হৈছিল 26 জুলাইত লাইলাপুৰত ? অসম-মিজোৰাম সংঘাতত আহত গৃহৰক্ষী জোৱান ৰঙিয়াৰ মুহাম্মদ মইনুল হকৰে বিৱৰণ কৰিছে সমগ্ৰ ঘটনা ৷
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি গেৰুৱা বসন পিন্ধিবলৈ সাজু সুশান্ত বৰগোহাঁই
কংগ্ৰেছ দল আৰু বিধানসভাত বিধায়ক পদ দুয়োটাই ত্যাগ কৰিছে থাওৰা সমষ্টিৰ সদ্য প্ৰাক্তন কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে (Sushanta Bargohain)৷ বাকী আছে কেৱল বিজেপিত যোগদানৰ আনুষ্ঠানিকতা সেই আনুষ্ঠানিকতা সম্পূৰ্ণ হৈ উঠিব দেওবাৰে বিয়লি ৷
সংখ্যালঘু নেতা বাবেই হোৱা নাই নেকি লাফিকুল হত্যাৰ সঠিক তদন্ত?
সংখ্যালঘু ছাত্ৰ নেতা হোৱাৰ কাৰণেই লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ ৷ ক’ভিড পৰিস্থিতি শাম কটাৰ পিছত সমগ্ৰ দেশজুৰি এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহামেদৰ হত্যাৰ ন্যায় বিচাৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান আমছুৰ ৷
প্ৰতিষেধকৰ নাটনিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী
দেওবাৰে প্ৰতিষেধকৰ নাটনিৰ অভিযোগ তুলি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে টুইট কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । টুইটত নেতাগৰাকীয়ে কয় যে জুলাই মাহ শেষ হ'ল কিন্তু প্ৰতিষেধকৰ নাটনিৰ সমস্যা এতিয়ালৈ শেষ হোৱা নাই ।
২ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব e-RUPI
বিয়লি ৪.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুকিল কৰিব ডিজিটেল প্ৰক্ৰিয়াৰে ধন পৰিশোধৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলগীয়া এই বিশেষ ডিজিটেল পৰিশোধ সমাধানৰ পদ্ধতি ।