অসম-মিজোৰাম সীমান্তত নিহত শ্বহীদলৈ ধুবুৰী জিলা ছাত্ৰ মুক্তিৰ শ্ৰদ্ধাঞ্জলি
অসম-মিজোৰাম সীমান্তত সোমবাৰে মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হয় ৷ মিজো দুৰ্বৃত্তৰ গুলীত এগৰাকী স্থানীয় লোকো নিহত হয় ৷ এই ঘটনাক সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধিক্কাৰ দিয়াৰ লগতে শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
বিলাসীপাৰাত দেশভক্তি দিৱস পালন
দেশভক্ত তৰুণৰাম ফুকন (Tarun Ram Phukan)ৰ মৃত্যু বাৰ্ষিকী (Death Anniversary) উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো প্ৰথমবাৰৰ বাবে পালন কৰা হয় দেশভক্তি দিৱস (Deshbhakti Divas) ৷ বিলাসীপাৰা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য, জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পালন কৰা হয় দেশভক্ত (Deshbhakta)গৰাকীৰ মৃত্যু বাৰ্ষিকী ৷
সীমান্তমুখী মন্ত্ৰী অতুল বৰাৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত : 5 নিৰাপত্তাৰক্ষী আহত
বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা কাছাৰ অভিমুখে ৰাওনা হোৱা মন্ত্ৰী অতুল বৰাৰ কনভয় আদবাটতে দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মন্ত্ৰীগৰাকীৰ লগত থকা পাঁচজনকৈ নিৰাপত্তাৰক্ষী জোৱান । আহত জোৱানকেইজনৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টিত আছুৰ উত্তাল প্ৰতিবাদ
ক'ভিড সৃষ্ট পৰিৱেশৰ কৱলত পৰি দেশৰ লাখ লাখ সাধাৰণ জনতা আৰ্থিক অভাৱ-অনাটনৰ সন্মুখীন হোৱাৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ ৰাইজক ৷ বৃহস্পতিবাৰে মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ দাবীৰে ৰঙিয়াত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷
নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী বৃহৎ চক্ৰ
চাইবাৰ অপৰাধীৰ (cyber crime) বিৰুদ্ধে নগাঁও আৰক্ষীৰ এক সফল অভিযান । নগাঁও আৰক্ষীৰ জালত বহিঃৰাজ্যৰ লগত সংযোগ থকা বৃহৎ চক্ৰৰ তিনি সদস্য ।
ভেকচিন প্ৰক্ৰিয়াই অসমত অতিক্ৰম কৰিলে এক কোটিৰ ঘৰ
ৰাজ্যৰ ৮৪,৬৭,৫০২ গৰাকীয়ে প্ৰতিষেধকৰ প্ৰথম পালি আৰু ১৮,৬৪,১৭৮ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে । বিগত ২৪ ঘণ্টাত অসমত ১২৭৬ গৰাকী লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ১.১৪ শতাংশ । আনহাতে কৰ'ণাত মৃত্যু হৈছে ২১ জন লোকৰ ।
মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ছজনকৈ জোৱানক হত্যা কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটীৰ জি এছ ৰোডত থকা মিজোৰাম হাউচৰ প্ৰৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে বীৰ লাচিত সেনা আৰু সন্মিলিত যুৱ পৰিষদে ৷ মিজোৰামৰ ওপৰত অসমৰ যোৰাবাটত অৰ্থনৈতিক অৱৰোধ(economic blockade) আৰম্ভ কৰা হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে অসম আৰক্ষীৰ গোচৰ
মিজোৰামৰ ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনা(Rajya Sabha MP K Vanlalvena)ই সংবাদ মাধ্যমৰ আগত দিয়া এক বিতৰ্কিত সাক্ষাৎকাৰক ভিত্তি কৰি অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে ৷ 26 জুলাইৰ ঘটনা সম্পৰ্কত আইনী ব্যৱস্থা ল'বলৈ চিআইডিৰ বিষয়াসহ অসম আৰক্ষীৰ এটা দল দিল্লীলৈ ৰাওনা হৈছে ৷
দেশভক্তি দিৱসত ৰক্তদান শিবিৰৰ আয়োজন
দেশভক্ত তৰুণ ৰাম ফুকনৰ 82 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজ্যজুৰি উদযাপন দেশভক্তি দিৱস ৷ অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে চলিত বৰ্ষৰ পৰা পালন কৰা হৈছে এই দিৱস ৷
Tokyo Olympics : মিয়া ব্লিচফেল্ডৰ বিৰুদ্ধে পিভি সিন্ধুৰ সহজ জয়
টকিঅ' অলিম্পিক ডেনমাৰ্কৰ মিয়া ব্লিচফেল্ড(Mia Blichfeldt )ক বিশ্ব চেম্পিয়ন পি ভি সিন্ধু( PV Sindhu)ৱে বৃহস্পতিবাৰে এক পোনপটীয়া ছেটত পৰাস্ত কৰে ৷ চিৰাগ চেট্টী আৰু সতৱিক চাইৰাজ ৰংগিৰেড্ডী দ্বৈত প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত বেডমিণ্টনত ভাৰতৰ একমাত্ৰ আশা ৰিঅ' অলিম্পিকত দেশৰ বাবে ৰূপৰ পদক কঢ়িয়াই অনা পিভি সিন্ধু ।