ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 9, 2021, 5:20 PM IST

5 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 5 PM
5 বজাৰ দহটা শীৰ্ষ বাতৰি

হঠাৎ অসুস্থ বিধায়ক ছিদ্দিক আহমেদ

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদৰ স্বাস্থ্যৰ অৱনতি ৷ সোমবাৰৰ পৰা জ্বৰত ভুগি থকা বিধায়কগৰাকীক বুধবাৰে ভৰ্তি কৰোৱা হয় শিলচৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷

যোৰাবাটত বিদ্যুৎ সংমণ্ডলৰ কামৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই

দায়িত্বভাৰ লৈয়ে অধিক তৎপৰ হৈ পৰিছে সাংস্কৃতিক, ক্ৰীড়া তথা শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰা । নিজে পৰিদৰ্শন কৰি বিভাগীয় কাম-কাজৰ বুজ লোৱা দেখা গৈছে মন্ত্ৰী বৰাক ৷ শেহতীয়াকৈ যোৰাবাটৰ সৰুতাৰিত উপস্থিত হয় শক্তিমন্ত্ৰী বিমল বৰা ৷

কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ খহনীয়া(Erosion)

বেকী নৈৰ খহনীয়াই বিপদ মাতিছে কলগাছিয়াৰ কাউৰজাহীৰ নৈপৰীয়া ৰাইজলৈ । কাউৰজাহীত চপৰা চপৰে খহিছে নৈৰ গৰা । খহনীয়া(Erosion)ত জাহ গ'ল সদ্য নিৰ্মিত ৰিং বান্ধৰ লগতে পাঁচটা পৰিয়ালৰ বাসগৃহ ।

ৰঙিয়াত বৰলীয়াৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল

ৰঙিয়া-হাজোৰ মাজত সংযোগ স্থাপন কৰা এই দলংখন উটুৱাই দিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ৷ বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পাচতে ফেনে-ফুটুকাৰে বাঢ়ি আহিছে বৰলীয়া নৈ ৷

খাৰুপেটীয়া আৰক্ষীৰ জালত চিকিৎসক আক্ৰমণকাৰী

এক এজাহাৰ ভিত্তিত মঙলবাৰে নিশা আৰক্ষীৰ জালত পৰে ৰাহুল আমিন নামৰ এজন যুৱক । যুৱকজনে খাৰুপেটীয়াত এগৰাকী চিকিৎসক আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰিছিল । খাৰুপেটীয়াস্থিত আফ্ৰিন হেল্থ কেয়াৰ চেন্টাৰত সংঘটিত হৈছিল উক্ত ঘটনাটো ।

বিশিষ্ট লেখক ড° ৰোহিণী কুমাৰ বৰুৱা আৰু নাই

ইজনৰ পিছত সিজন বিশিষ্ট ব্যক্তিৰ পিছত অসমে হেৰুৱালে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, লেখক তথা চিন্তাবিদ ড° ৰোহিণী কুমাৰ বৰুৱাক ৷ ড° বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানত ARIESয়ে সহায় কৰিব ISROক

ভাৰতে সূৰ্যৰ অধ্যয়নৰ বাবে প্ৰথম সৌৰ অভিযান আদিত্য এল-১(Aditya L-1) আৰম্ভ কৰিব । ৱেব ইণ্টাৰফেচৰ জৰিয়তে ভাৰতৰ প্ৰথম সৌৰ মহাকাশ অভিযানৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ এটা সামূহিক সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াক উত্তৰাখণ্ডৰ নাইনিতালৰ আৰ্যভট্ট গৱেষণা পৰ্যৱেক্ষণ বিজ্ঞান প্ৰতিষ্ঠানত(ARIES) স্থাপন কৰা হৈছে ।

আংশিক লক ডাউনৰ মাজতে কৰিমগঞ্জত চোৰৰ তাণ্ডৱ

মঙলবাৰে নিশা কৰিমগঞ্জ চহৰত চোৰে চলালে তাণ্ডৱ ৷ মন্দিৰৰ লগতে মছজিদতো চুৰে চলালে চাফাই অভিযান ৷

নাছাই সংগ্ৰহ কৰিলে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ ফটো

৭ জুনত জুনো মহাকাশযানে বৃহস্পতিৰ সৰ্ববৃহৎ উপগ্ৰহ গ্যানিমেডৰ পৃষ্ঠৰ ৬৪৫ মাইল (১,০৩৮ কিল’মিটাৰ)ৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু জুনোকেম ইমেজাৰৰ পৰা আৰু ইয়াৰ ষ্টেলাৰ ৰেফাৰেন্স ইউনিট ষ্টাৰ কেমেৰাৰ (Stellar Reference Unit star camera) সহযোগত দুখন ছবি সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

25 বছৰৰ পাচত সাক্ষাৎ মাতৃ-পুত্ৰৰ

25 বছৰে মাতৃৰ খা-খবৰ নোলোৱা পুত্ৰই অৱশেষত শেষ ইচ্ছা পূৰণ কৰিলে 95 বছৰীয়াৰ মাতৃৰ ৷ চামেলি পুৰকায়স্থ নামৰ মহিলাগৰাকীৰ পুত্ৰ ৰঞ্জিত পুৰকায়স্থই অৱশেষত শেষ ইচ্ছা পূৰণ কৰিলে মাতৃৰ ৷ এই ঘটনা পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত সোনাখিৰাৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.