ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 1, 2021, 5:25 PM IST

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 5 pm
বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

আজি বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ডিএছপি যতীন দাসক

শীঘ্ৰেই ধুবুৰীৰ পৰা পুলিয়ে-পোঘালীয়ে উৎখাত হ’ব পাৰে ছিণ্ডিকেটৰাজ । গৰু, শিল, বালি, ব্ৰইলাৰকে ধৰি একাধিক ছিণ্ডিকেটৰ দুৱাৰমুখ হৈ পৰা ধুবুৰীত যোগদানৰ পিছতেই ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ । বিভিন্ন ছিণ্ডিকেটৰ সৈতে জড়িত থকাৰ অভিযোগত ধুবুৰী আৰক্ষীয়ে ইতিমধ্যে সীমান্ত উপ-আৰক্ষী অধীক্ষক যতীন দাসক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰফিকুল প্ৰামানিক নামৰ আন এজন লোকক কৰায়ত্ত কৰিছে ।

নগাঁৱত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলৈৰ নেতৃত্বত এটা আৰক্ষী দলে মঙলবাৰে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰীকেইটাৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷

ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...

চৰাইদেউ কাণ্ডৰ দুই অভিযুক্তক আটক আৰক্ষীৰ

শনিবাৰে চিকিৎসালয়ৰ পৰা ক’ভিড মুক্ত হৈ ঘৰলৈ গৈ থকা অৱস্থাত চৰাইদেউৰ দুই মহিলাক দুজনীয়া দুৰ্বৃত্তৰ দলে আগচি ধৰি ধৰ্ষণৰ চেষ্টা চলায় ৷ উক্ত কাণ্ডৰ লগত জড়িত দুই অভিযুক্তক সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰে ৷

বৰপেটা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ডুবাৰু প্ৰশিক্ষণ

স্থায়ী সমাধান নোহোৱা ৰাজ্যৰ বান সমস্যাৰ লগত প্ৰত্যক্ষভাৱে যুঁজ দিবলৈ ডুবাৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ সোমবাৰে কলগাছিয়াৰ শ‌ওপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৰপেটা জিলা দুৰ্যোগ আৰু প্ৰশমন প্ৰাধিকৰণৰ দ্বাৰা অনুষ্ঠিত এখন সজাগতামুলক সভাৰ জৰিয়তে বানৰ সময়ত ভয়াৱহ বিপদৰ পৰা কেনেকৈ বানাক্ৰান্ত উদ্ধাৰ হ'ব পাৰিব সেই সন্দৰ্ভত বেকী নৈত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হয় ৷

জিএনআৰচিত চিকিৎসা কৰি বাক শক্তি হেৰুওৱাৰ অভিযোগ মহিলাৰ

বৰপথাৰ সৰুলাংঠাৰ এগৰাকী মহিলাই হৃদৰোগৰ বাবে জিএনআৰচিত দুবাৰকৈ অপাৰেচন কৰিছিল ৷ দ্বিতীয়বাৰ অপাৰেচনৰ পাচত মহিলাগৰাকীয়ে বাক শক্তি হেৰুওৱাত জিএনআৰচিৰ চিকিৎসকে মহিলাগৰাকীক পুনৰ মাতি পঠায় ৷ অৰ্থৰ অভাৱত মহিলাগৰাকী এতিয়াও যাব পৰা নাই হাস্পতাললৈ ৷

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ৷ এই সাফল্য লাভৰ পিছতে বক্সাৰ গৰাকীক অভিনন্দন জনালে বিভিন্ন দল-সংগঠনে । ৬৯ কিল’গ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে লাভলীনাই ।

গোলকগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুজন

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীয়েও চলায় অভিযানত ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ হোৱাৰ লগতে আটক হৈছে দুজন লোক ৷

ধুমুহাত তচনচ টীয়কৰ মধ্য ইংৰাজী বিদ্যালয়

মে’ মাহৰ শেষাৰ্ধত অহা প্ৰচণ্ড ধুমুহাই ভাঙি তচনচ কৰিলে টীয়কস্থিত উত্তৰ দুলীয়া নগাঁও মধ্য ইংৰাজী বিদ্যালয় ৷ বিদ্যালয়খনৰ বিধ্বস্ত ৰূপ দেখি চিন্তিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ৷

মিজোৰামৰ চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে 'ইউ মেটাৰে'

ক'ভিড-১৯ৰ বিৰুদ্ধে সাধাৰণ ৰাইজ, স্বাস্থ্য কৰ্মী সকলোৱে যুঁজ দি থকাৰ সময়তে সহায়ৰ বাবে আগবাঢ়ি আহিছে 'ইউ মেটাৰ' নামৰ মিজোৰামৰ এটা স্বেচ্ছাসেৱী সংস্থাই । ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰাৰ লগতে স্বাস্থ্য কৰ্মীসকলক পি পি ই কিট আদি সামগ্ৰীও প্ৰদান কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.