ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 24, 2021, 5:05 PM IST

5 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 5 pm
5 বজাৰ দহটা শীৰ্ষ বাতৰি

অখিল গগৈ এজন মানসিক ৰোগী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

অসম বিধানসভাৰ সদনৰ মজিয়াত কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক’লে, অখিল গগৈয়ে এতিয়া মানসিক ৰোগত ভুগি আছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ উদ্ধৃতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মানসিক ৰোগত ভুগি বিগত চাৰিমাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে অখিল গগৈ ৷

অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই

সোমবাৰে পুৱা গুৱাহাটীৰ এপল’ হাস্পতালত জনপ্ৰিয় পৰিচালক দাৰা আহমেদৰ দেহাৱসান ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 72 বছৰ ৷

এজাক কপিকুলৰ কাষত আৰক্ষী আৰু স্বেচ্ছাসেৱী সংস্থা

মিনি লকডাউনৰ ফলত খাদ্য সংকটত ভুগিছে ৰাজ্যৰ কপিকুলে ৷ ভকাতুৰ কপিকুলক খাদ্যৰ যোগান ধৰিছে পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ লগতে নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ’চাইটিয়েও ৷

নপতা ফুকনৰ জন্ম নিদিব : বিধানসভাত মুখ্যমন্ত্ৰীক আহ্বান বিৰোধী দলপতিৰ

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰখনে বিৰোধী পক্ষক সদায় অৱহেলা কৰিয়েই চলিছিল । আনকি হিতাধিকাৰী বাচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰালৈকে‌ সকলোতে বিৰোধীক এৰাই‌ চলা হৈছিল আৰু এচাম নপতা‌ ফুকনৰ জন্ম দিয়া হৈছিল । এইবাৰৰ চৰকাৰখনে যাতে বিৰেধীক বিশ্বাস আৰু আস্থাত‌ লয় আৰু তেনেধৰণৰ নপতা ফুকনৰ জন্ম নিদিয়ে ।

ক’ভিডৰ বিৰুদ্ধে অনন্য পদক্ষেপ বিশ্বনাথৰ এদল যুৱকৰ

বিশ্বনাথৰ ভেৰগাঁৱৰ নৱজ্যোতি সংঘৰ যুৱকবৃন্দৰ অনন্য পদক্ষেপ ৷ হাতে হাতে ছেনিটাইজাৰ স্প্ৰে’ লৈ গাঁওখনৰ প্ৰতিগৰাকী মানুহৰ ঘৰে ঘৰে গৈ চেনিটাইজ কৰাৰ লগতে পথত ৰৈ থকা যান-বাহনো চেনিটাইজ কৰিছে যুৱকৰ দলটোৱে ৷ ক’ভিড মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

নগাঁৱত গাঁওৰক্ষী বাহিনীক প্ৰাণে মৰাৰ ভাবুকি ড্ৰাগছ মাফিয়াৰ

নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নগাঁৱত ড্ৰাগছ মাফিয়া তথা অপৰাধমূলক কাম-কাজৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ধিঙত চলিছে ড্ৰাগছ মাফিয়াৰ দপদপনি ৷ দেওবাৰে নিশা নজৰ ফকিৰ নামৰ ড্ৰাগছ সৰবৰাহী জনে গাঁওৰক্ষী বাহিনীৰ সভাপতি ইক্ৰামুল কৰিমক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে গুৰুতৰভাৱে প্ৰহাৰ কৰে ৷

কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

দেওবাৰে কেৰালাৰ পৰা আহি জাগীৰোড ৰে’ল ষ্টেচনত উপস্থিত হোৱা যুৱকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ ৷ মৰিগাঁৱৰ তৰুণৰাম খেলপথাৰত আৰক্ষীয়ে উদ্ধাৰ কৰা 140 জন লোকৰ কৰি থকা হৈছে ক'ভিড পৰীক্ষণ ৷ বৰ্তমানলৈকে 9 জনকৈ লোকৰ দেহত ধৰা পৰে মহামাৰী কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন

দেওবাৰে জাগীৰোড ৰে’ল ষ্টেচনৰ পৰা পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত 32 গৰাকী যাত্ৰীক চিনাক্ত কৰি সোমবাৰে ক’ভিড পৰীক্ষা কৰে মৈৰাবাৰী আৰক্ষীয়ে ৷ ইয়াৰে ভিতৰত দুগৰাকী ক’ভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

আংশিক লকডাউনে ক্ষতিগ্ৰস্ত কৰিছে কৃষকক

লকডাউনৰ ঋণাত্মক প্ৰভাৱ পৰিছে খেতিয়কৰ ওপৰত । বজাৰৰ অভাৱত বিক্ৰী কৰিব পৰা নাই পাচলি । পথাৰতে গেলি পচি নষ্ট হৈছে বিঘাই বিঘাই তিতাকেৰেলা ।

মৰাণত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ বহিছে বজাৰ

মৰাণৰ ঊষাপুৰত পথৰ দুয়োকাষে বহিছে মাছ-মাংস আৰু শাক-পাচলিৰ বজাৰ । ক’ভিড প্ৰট’কল ভংগ কৰি পুৱাৰ পৰাই বজাৰত ভিৰ কৰিছে গ্ৰাহকসকলে ৷ শংকিত হৈ পৰিছে সচেতন মহল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.