ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 19, 2021, 5:04 PM IST

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 5 pm
বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল'লে ফনীভূষণ চৌধুৰীয়ে

পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ প্ৰ’টেম অধ্যক্ষ হিচাপে বুধবাৰে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে ৷ শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ৷ প্ৰ’টেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে'ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব ৷

মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজিলৈ হিমন্ত বিশ্ব শৰ্মাৰ পুত্রৰ বৰঙণি
বিগত বৰ্ষৰ দৰে এইবাৰো ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু আৰোগ্য নিধিলৈ দান-বৰঙণি আগবঢ়াবলৈ চৰকাৰে ৰাইজৰ প্ৰতি আহ্বান জনাইছে । বিগত বৰ্ষত ৰাইজে মুক্ত মনেৰে দান-বৰঙণি আগবঢ়াইছিল যদিও এইবাৰ বিষয়টোলৈ বিশেষভাৱে সমালোচনাহে হোৱা পৰিলক্ষিত হৈছে ।

অসমলৈও আহিল "ব্লেক ফাংগাছ", প্ৰথমজন ৰোগীৰ মৃত্যু

ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰৰ লগতে দক্ষিণ ভাৰতত ক'ভিডৰ সমান্তৰালকৈ "ব্লেক ফাংগাছ" বা লিউক'ৰমাইক'ছিছ নামৰ ভয়ংকৰ ৰোগবিধে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত অসমতো ধৰা পৰিছে এই ৰোগত আক্ৰান্ত প্ৰথমজন ৰোগী । কেৱল ধৰা পৰাই নহয়, বুধবাৰে পুৱা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এপল' হাস্পতালত তেওঁৰ মৃত্যুও ঘটিছে । আজি পুৱা ইটিভি ভাৰতৰ আগত এই কথা নিশ্চিত কৰিছে ৰাজ্যৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনে ।

নাৰদা কেলেংকাৰী: মুকুল ৰয় আৰু পোদ্দাৰৰ বিৰুদ্ধে কোনো তথ্য নাপালে চিবিআইয়ে

2014 চনৰ নাৰদা ষ্টিং টেপ গোচৰত অভিযুক্ত মুকুল ৰয় আৰু অপৰুপা পোদ্দাৰৰ বিৰুদ্ধে চিবিআইৰ হাতত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই ৷ ইফালে দুবছৰ ধৰি লোকসভাৰ অধ্যক্ষৰ ওচৰত বিচাৰাধীন হৈ আছে শুভেন্দু অধিকাৰীকে ধৰি অন্য চাৰি গৰাকীৰ বিৰুদ্ধে গোচৰ চলাবলৈ বিচৰা অনুমোদন ৷

নিৰ্মাণত গাফিলতি: এজাক বৰষুণতে খহিল পানপুৰ মথাউৰিৰ কাৰ্পেট

বিশ্বনাথৰ চতিয়া তথা জামুগুৰিহাটৰ ৰক্ষাকৱচ বিশ্বনাথ ঘাট পানপুৰ মথাউৰিত খহনীয়া ৷ এজাক বৰষুণতেই 14 কোটি টকা আঁচনিৰ জিঅ’ বেগৰ কাৰ্পেট খহিছে মথাউৰিটোত ৷ সম্পূৰ্ণ বাৰিষা পৰাৰ পূৰ্বে খহনীয়া ৰোধৰ ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট বিভাগক আহ্বান আমছুৰ লগতে স্থানীয় ৰাইজৰ ৷

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড-19ৰ গণ সংক্ৰমণ
শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ৰণাৰ ভয়াৱহ সংক্ৰমণ ৷ ৫১ গৰাকী কাৰাবন্দীৰ শৰীৰত ক’ভিড-১৯ৰ উপস্থিতি ৷ ১৭৩ গৰাকীৰ স্বাস্থ্য পৰীক্ষাত ৫১ গৰাকী আক্ৰান্ত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰাগাৰখনত ৷ এতিয়াও ৩৪৪ গৰাকী কাৰাবন্দীক পৰীক্ষা কৰিবলৈ বাকী ৷

যোৰহাটত আটক ভূৱা দণ্ডাধীশ

দীৰ্ঘদিন ধৰি নিজকে তিতাবৰৰ দণ্ডাধীশ অনিৰ্বাণ দত্ত বুলি চিনাকী দি অৱশেষত আৰক্ষীৰ জালত পৰিল বিশ্বজিৎ দত্ত নামৰ এজন ভূৱা দণ্ডাধীশ ৷ বিগত বৰ্ষত নিজকে চিকিৎসক বুলি চিনাকী দি আৰক্ষীৰ জালত পৰিছিল যুৱকজন ৷

মৰ্মান্তিক: পুত্ৰৰ সন্মুখতে ডকাইতে প্ৰাণ কাঢ়িলে পিতৃ-মাতৃৰ

বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত মঙলবাৰে নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ কণমানি পুত্ৰ সন্তানৰ সন্মুখতে ডকাইতৰ দলে হত্যা কৰিলে পিতৃ-মাতৃক ৷ লুটি নিলে নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ ৷

ৰাজনৈতিক সংঘাত: ট্ৰিপ্ৰা মোথাক সমালোচনা চিপিআইএমৰ

ত্ৰিপুৰাত চিপিআইএম দলে মঙলবাৰে টিটিএএডিচিৰ শাসকীয় বাহিনী টিপ্ৰা মোথাক তীব্ৰ সমালোচনা কৰি কয় যে, নিৰ্বাচনত জয়ী হোৱাৰ পিছত টিটিএএডিচি অঞ্চলত দলটোৱে এক ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ "একতা"ৰ আহ্বানৰ সৈতে কোনো সম্পৰ্ক নাই ৷

ঘূৰ্ণী বতাহ টাউতে বিধ্বস্ত কৰা গুজৰাটলৈ ৰাওনা মোডী

টাউতে ঘূৰ্ণী বতাহে গুজৰাটৰ বিভিন্ন অংশত ধ্বংসলীলা চলোৱাৰ লগতে প্ৰায় ১৩ গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পীড়িত অঞ্চল পৰিদৰ্শন কৰে । ৰাজ্যখনৰ ভাৱনগৰত টাউতে ঘূৰ্ণী বতাহে বিধ্বস্ত কৰা ঠাইসমূহ পৰিদৰ্শন কৰি মোডীয়ে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.