ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Mar 23, 2021, 5:01 PM IST

5 বজাৰ দহটা শীৰ্ষ বাতৰি

top 10 at 5 pm
5 বজাৰ দহটা শীৰ্ষ বাতৰি

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ 'সংকল্প পত্ৰ' মুকলি

বিজেপিৰ সংকল্প পত্ৰত পাঁচ বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা আছে ৷ বিগত পাঁচ বছৰত বিজেপি চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়ন কৰিবলৈ সক্ষম হৈছে ৷ জাতি-মাটি-ভেটি ৰক্ষাৰ লক্ষ্যত আমি উপনীত হৈছো ৷ অসমৰ সংস্কৃতি-সভ্যতা ৰক্ষা কৰাটো আমাৰ সংকল্প ৷ ৰাজ্যখনৰ গতিশীল উন্নয়নক আৰু অধিক আগুৱাই নিয়াৰ বাবে আমি সাজু হৈছো ৷ 10 টা সংকল্পৰে মঙলবাৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিলে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ

অসমবাসীৰ ব্যাপক প্ৰতিবাদৰ পাছতো বিজেপি নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অটল ৰাখিছে স্থিতি ৷ এফালে বিজেপিয়ে অসমৰ ভাষা, সভ্যতা, সংস্কৃতি ৰক্ষা কৰাৰ কথা কৈছে আৰু আনফালে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি হিন্দু বাংলাদেশীক সংস্থাপিত কৰাৰ কথা কৈছে ৷ মুঠতে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে গেৰুৱা দল বিজেপিয়ে ৷

কাকপথাৰত অসম জাতীয় পৰিষদৰ বাইক ৰেলী

মঙলবাৰে কাকপথাৰত অসম জাতীয় পৰিষদৰ এক বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদেও আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ শদিয়া সমষ্টিৰ কাকপথাৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জগদীশ ভূঞাৰ সৰ্মথনত উলিওৱা হয় এই বাইক ৰেলী ৷

শিৱসাগৰত আমগুৰিৰ বিধায়কৰ বিৰুদ্ধে পৰিয়াল লোকৰ সংবাদ মেল

আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে বৌয়েক-ভতিজাকৰ শিৱসাগৰত সংবাদমেল ৷ নিজ পৰিয়ালৰ লোকক শোষণ-বঞ্চনা কৰাৰ অভিযোগ ৷

ঝুমুৰ নৃত্যৰে নিৰ্বাচনী প্ৰচাৰ মহাজোঁটৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ

ৰহমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত কংগ্ৰেছক সমালোচনা কৰাৰ পিছতে লোহোৱালৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰে উভতি ধৰে মুখ্যমন্ত্ৰীক ।

লখিমপুৰত হাইপ্ৰ'ফাইল নেতাৰ প্ৰচাৰ অভিযান

লখিমপুৰত শাসকীয় দল বিজেপি আৰু বিৰোধী দল কংগ্রেছৰ মাজত চলিছে হাইভল্টেজ প্ৰচাৰৰ যুঁজ । বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাবলৈ জিলাখনত আগমন ঘটিছে কেইবাগৰাকী শীৰ্ষনেতাৰ । নিৰ্দলীয় প্ৰাৰ্থীসকলেও বহি থকা নাই, নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে প্ৰাৰ্থীসকলে ।

সৰ্বানন্দ সোণোৱালৰ হৈ যতীন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে জনপ্ৰিয় অভিনেতা যতীন বৰাই । নামনি মাজুলীৰ বহু কেইখন গাঁৱত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলায় অভিনেতাজনে ।

গোলাঘাটত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

মঙলবাৰে গোলাঘাটত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । শেহতীয়াকৈ বিজেপিত যোগদান কৰি গোলাঘাট সমষ্টিৰ বাবে টিকট লাভ কৰা অজন্তা নেওগৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে । সেই উদ্দেশ্যে গোলাঘাট সমষ্টিৰ ফৰকাটিং হাইস্কুল খেলপথাৰত এক বিশাল সভাৰ আয়োজন কৰা হৈছে ।

তিনিচুকীয়াত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদবৰ নিৰ্বাচনী সভা

২২নং তিনিচুকীয়া বিধানসভাৰ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ মনোনীত প্ৰাৰ্থী হীৰা দেৱীৰ হৈ ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱে চলায় নিৰ্বাচনী প্ৰচাৰ ৷

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰিব অসম জাতীয় পৰিষদে

মৰাণ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত অসম জাতীয় পৰিষদৰ ৷ সংবাদমেল আযোজন কৰি এই মন্তব্য অসম জাতীয় পৰিষদৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.