ETV Bharat / state

5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 8, 2021, 5:08 PM IST

ডিব্ৰুগড়ত খহিল কংগ্ৰেছৰ দূৰ্গ

উজনিত অস্তিত্ব বিহীন হ'ব নেকি জাতীয় কংগ্ৰেছ । এজনৰ পাছত এজনকৈ প্ৰভাৱশালী নেতাই এতিয়া কংগ্ৰেছ ত্যাগ কৰি পৰিধান কৰিছে গেৰুৱা বসন ।

1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল বিটিচিৰ

প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি পৰিষদে দাখিল কৰিলে নিজৰ প্ৰথম খন বাজেট ৷ 39 টা বিভাগৰ বাবে 1746 কোটি 46 লাখ 22 হাজাৰ টকাৰ বাজেট দাখিল ৷

মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

অখিল গগৈ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ৷ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত অভিযুক্ত হোৱা হেতুকে বিচাৰ চলি থাকিব অখিলৰ ৷ এই বিচাৰ আদালতে কৰিব ।

প্ৰথমে নিৰ্বাচন,তাৰ পাচতহে সমষ্টি পুণৰনিৰ্দ্ধাৰণ

২০২১ ৰ বিধানসভা নিৰ্বাচন নতুনকৈ সমষ্টি পুনৰনিৰ্দ্ধাৰণ কৰাৰ পাচত অনুষ্ঠিত হোৱাৰ চৰ্চা চলি থকাৰ সময়তে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে প্ৰথমে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব তাৰ পাচতহে সমষ্টি পুণৰনিৰ্দ্ধাৰণৰ কাম আগবঢ়াব ৷

নাৰায়ণপুৰত পুত্ৰই হত্যা কৰিলে মাতৃক

নাৰায়ণপুৰৰ শিমলুগুৰি গাঁৱৰ নিতু গগৈ নামৰ যুৱক এজনে মৰিয়াই মৰিয়াই হত্যা কৰিলে মাতৃ কুঞ্জ গগৈ (50) ক ৷ সম্প্ৰতি শিমলুগুৰি আৰক্ষী জালত হত্যাকাৰী পুত্ৰ ৷

নিৰ্দেশ জাৰি কৰি বিমোৰত পৰিছে এন আৰ চি কৰ্তৃপক্ষ

নিজাববীয়াকৈ নিৰ্দেশ জাৰি কৰি এতিয়া বিমোৰত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হোৱা সকলো অযোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ কৰ্তৃপক্ষই দিয়া নিৰ্দেশ সন্দৰ্ভত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কক স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে ।

এৰী বস্ত্ৰ প্ৰদৰ্শন ও বিক্ৰীৰ লক্ষ্যৰে মৰিগাঁৱত ৰেচম মেলাৰ আয়োজন

মৰিগাঁও জিলা ৰেচম বিভাগৰ উদ্যোগত দুদিনীয়াকৈ এৰী পালন,এৰী উৎপাদন,সূতা উৎপাদন,এৰী কাপোৰ উৎপাদন , প্ৰাকৃতিক ৰঙৰে এৰী চাদৰত নক্সা প্ৰদৰ্শন আৰু বিক্ৰী বাবে অনুষ্ঠিত হোৱা হাট বজাৰ তথা মেলাৰ আয়োজন ।

বগীনদীত ৪০ কোটি টকীয়া চাৰিখন আঁচনিৰ আধাৰশিলা স্থাপন

লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰ অন্তৰ্গত তথা বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধক কেন্দ্ৰ কৰি ৰূপায়ন কৰিবলৈ লোৱা আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰা কাৰ্যসূচীত মন্ত্ৰী নৱ কুমাৰ দলেক সংগ দিয়ে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।

আমগুৰিত 'বুথলৈ যাও' শীৰ্ষক বিজেপিৰ নিৰ্বাচনী তৎপৰতা

ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া সাজু হৈছে প্ৰায়বোৰ ৰাজনৈতিক দল ৷ অন্যান্য দলৰ লগতে এতিয়া ৰাজ্যত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপিয়েও ৷ ইতিমধ্যে আমগুৰি সমষ্টিত বিজেপিয়ে 'বুথলৈ যাও' শীৰ্ষক কাৰ্যসূচীৰে ঘৰে ঘৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

কৃষি বিপ্লৱৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ লৈছে একাংশ শিক্ষিত নিৱনুৱাই

বজালীৰ কেইগৰাকীমান সমাজ সচেতন যুৱকৰ প্ৰচেষ্টাত 'সমন্বয় সমবায় সমিতি' নামৰ এক অনুষ্ঠানৰ জন্ম দি অঞ্চলটোৰ এশ গৰাকী যুৱকক সংগঠিত কৰি আৰম্ভ কৰিছে কৃষি কাৰ্য ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.