ETV Bharat / state

5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ - undefined

5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ

5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
5 বজাৰ 10 টা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Jan 6, 2021, 5:02 PM IST

জুক' ভেলীৰ জুই নিৰ্বাপনৰ বাবে যোৱা এনডিআৰএফৰ অতিৰিক্ত উপ পৰিদৰ্শকৰ মৃত্যু

জুক' ভেলীৰ জুই নিৰ্বাপনৰ দায়িত্বত থকা এনডিআৰএফৰ অতিৰিক্ত উপ পৰিদৰ্শকৰ মৃত্যু ৷ পূব মণিপুৰৰ অগ্নি নিৰ্বাপন ক্ষেত্ৰৰ দায়িত্বত থকা মণিপুৰৰ নিৱাসী তথা ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগৰ অতিৰিক্ত উপ পৰিদৰ্শক নগৎসম্বাম বিনয় মিইতেই ৰ মৃত্যু ৷ মণিপুৰৰ মুখ্যমন্ত্ৰী ইববী সিঙে প্ৰকাশ কৰিছে এই কথা ৷ এই মুহুৰ্তলৈকে বিষয়া গৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই ৷

সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি

জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছ এপে ইয়াৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতি সংশোধন কৰিছে ৷ ইয়ে কি বুজায় ? ইয়াৰ দ্বাৰা আমাৰ তথ্যসমূহ সুৰক্ষিত থাকিবনে ? সকলোৰে উৰ্ধত হোৱাটছ এপে কৈছে End to End Encryptionৰ কথা ৷ আমাৰ সকলো কথাবাৰ্তা আৰু ফটোসমূহ সুৰক্ষিত থাকিবনে ? এই সকলোবোৰ বিশ্লেষণ কৰিছে ভাৰতৰ চাইবাৰ সুৰক্ষা সংস্থাৰ মহানিৰ্দেশক তথা চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিৎ সিঙে ৷

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ অৰূপ কুমাৰ গোস্বামীৰ

অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ হিচাপে শপত গ্ৰহণ কৰে অসম সন্তান অৰূপ কুমাৰ গোস্বামীয়ে ৷ বুধবাৰেবিজয়বাড়াত এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনে গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় গোস্বামীক ৷

বিলাসীপাৰাত চিকিৎসাৰ অভাৱত কিশোৰীৰ আত্মহত্যা

বিলাসীপাৰাৰ ছুৱাপাতা মদনেৰ আলগা গাঁৱৰ এগৰাকী 17 বছৰীয়া কিশোৰীয়ে বুধবাৰে পুৱতি নিশা ঘৰৰ ওচৰতে চীপ লৈ আত্মহত্যা কৰে ৷ দীৰ্ঘদিনৰ পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ থকা কিশোৰী গৰাকীয়ে চিকিৎসাৰ অভাৱতে আত্মহত্যা কৰে স্থানীয় লোকে জানিব দিয়ে ৷

নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

কেন্দ্ৰীয় চৰকাৰৰ স্বৈৰাচাৰী আৰু আকোৰগোজ স্থিতিৰ বাবে দিল্লীত পুহমহীয়া প্ৰচণ্ড শীতৰ মাজতো কৃষি আইনৰ বিৰুদ্ধে কৃষকে প্ৰতিবাদ কৰিবলগীয়া হৈছে' । বুধবাৰে তেজপুৰস্থিত ৰাজীৱ ভৱনত সম্বোধন ধৰা এক সংবাদমেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ।

কেনেকৈ চাপাগুৰিৰ বাছষ্টেণ্ড পালেগৈ অমিতৰাজ দৈমাৰী !

সন্ধান ওলাল ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীৰ পুত্ৰ অমিতৰাজ দৈমাৰীৰ ৷ বঙাইগাঁৱৰ চাপাগুৰিস্থিত ডনবস্ক' স্কুলৰ সমীপৰ বাছ ষ্টেণ্ডত বহি থকা অৱস্থাৰ পৰা পৰিয়ালৰ লোকে উদ্ধাৰ কৰে অমিতৰাজক ৷

পথ নিৰ্মাণৰ দাবীত চাবুৱা সমষ্টিৰ নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজৰ প্ৰতিবাদ

উন্নয়নৰ শ্ল'গানৰে দিছপুৰ দখল কৰা চৰকাৰৰ কাৰ্যকাল শেষ হ'ব হ'ল ৷ কিন্তু চাবুৱা সমষ্টিৰ অন্তৰ্গত ডিকম গাঁও পঞ্চায়তৰ নাদুৱা গ্ৰান্ট তিনিআলিৰ পৰা হাতীগাধৈ হৈ খাগৰি মাইজান সংযোগী পথটো আজিকোপতি নিৰ্মাণ নহ'ল ৷ যাৰ পৰিপেক্ষিত আজি পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে নাদুৱা গ্ৰান্ট গাঁৱৰ ৰাইজে ৷

গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত বিজ্ঞানী ডঃ জিতেন্দ্ৰ নাথ গোস্বামী

চন্দ্ৰযান ১ আৰু চন্দ্ৰযান ২ অভিযানৰ আঁৰত থকা মুখ্য বিজ্ঞানী তথা সুযোগ্য অসম সন্তান ড৹ জিতেন্দ্ৰ নাথ গোস্বামী গুৰুতৰভাৱে অসুস্থ ৷ হৃদৰোগত আক্ৰান্ত ড৹ গোস্বামীৰ শৰীৰত অক্সিজেনৰ মাত্ৰাও যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ‌। সম্প্ৰতি আই চি ইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট বিজ্ঞানীগৰাকী ৷

বঙাইগাঁৱৰ এগৰাকী বৃদ্ধা মহিলাৰ কৰণ জীৱন গাঁথা

বঙাইগাঁও জিলাৰ এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ জীৱন গাঁথা ৷ চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত মহিলাগৰাকী ৷ চৰকাৰ তথা হৃদয়বান ব্যক্তিৰ পৰা সহায় বিচাৰিছে মহিলাগৰাকীয়ে ৷

কাৰাৰুদ্ধ অৱস্থাৰেই 'ৰাইজৰ দল'ক নেতৃত্ব দিব অখিল গগৈয়ে

এফালে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে । আনফালে এতিয়াও কাৰাগাৰত বন্দী কৃষক নেতা অখিল গগৈ । নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ লক্ষ্যেৰে প্ৰস্তুতি চলাই থকা নৱগঠিত 'ৰাইজৰ দল'ক কাৰাৰুদ্ধ অৱস্থাৰেই নেতৃত্ব দিব কৃষক নেতাগৰাকীয়ে । ই টি ভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিলে দলটোৰ আগশাৰীৰ নেতা কমল কুমাৰ মেধিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.