ETV Bharat / state

3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Jun 1, 2021, 3:05 PM IST

3 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 3PM
3 বজাৰ দহটা শীৰ্ষ বাতৰি

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ লাভলীনা বৰগোঁহাইৰ

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ৷ এই সাফল্য লাভৰ পিছতে বক্সাৰ গৰাকীক অভিনন্দন জনালে বিভিন্ন দল-সংগঠনে । ৬৯ কিল’গ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে লাভলীনাই ।

ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ ৷ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে ওদালগুৰিৰ চন্দনা চাহ বাগিচাত থকা কণ্টেইনমেণ্ট জ’নৰ কেবাটাও পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰে ।

হোজাইত অব্যাহত হাতী-মানুহৰ সংঘাত

বিগত কিছুদিন ধৰি হোজাই জিলাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতৰ ঘটনা ৷ জিলাখনৰ কোমোৰাকাটা, ঠেপেলাগুৰি আদি অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে সোমবাৰে কেইবাটাও বাসগৃহৰ লগতে খেতিপথাৰ, শস্য আদিও নষ্ট কৰে ৷

লখিমপুৰত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন মন্ত্রী কেশৱ মহন্তৰ

মঙলবাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভাইৰ'ল'জী লেবৰেটৰী উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই । চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । মেডিকেল কাউঞ্চিলে অনুমতি দিলে চলিত বৰ্ষৰ পৰাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পাঠদান হ'ব বুলি তেওঁ মন্তব্য কৰে ।

বিনা বেতনে অৱসৰ ল’লে মহাবিদ্যালয়ৰ অধ্যক্ষই

কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পৰেশ চন্দ্ৰ ৰায়ে সোমবাৰে বিনাবেতনে অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ নিস্বাৰ্থ ত্যাগ আৰু মহানতাৰ বাবে পৰিচিত ড৹ পৰেশ চন্দ্ৰ ৰায়ৰ বিদায়ৰ মুহূৰ্তত কান্দোনত ভাগি পৰে স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰী তথা কৰ্মচাৰী সকল ৷

বৰপেটা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ডুবাৰু প্ৰশিক্ষণ

স্থায়ী সমাধান নোহোৱা ৰাজ্যৰ বান সমস্যাৰ লগত প্ৰত্যক্ষভাৱে যুঁজ দিবলৈ ডুবাৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ সোমবাৰে কলগাছিয়াৰ শ‌ওপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বৰপেটা জিলা দুৰ্যোগ আৰু প্ৰশমন প্ৰাধিকৰণৰ দ্বাৰা অনুষ্ঠিত এখন সজাগতামুলক সভাৰ জৰিয়তে বানৰ সময়ত ভয়াৱহ বিপদৰ পৰা কেনেকৈ বানাক্ৰান্ত উদ্ধাৰ হ'ব পাৰিব সেই সন্দৰ্ভত বেকী নৈত বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি ৰাইজক সজাগ কৰা পৰিলক্ষিত হয় ৷

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ । নগাঁৱক ড্ৰাগছমুক্ত কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা আনন্দ মিশ্রৰ প্ৰশংসা এতিয়া নগাঁওবাসীৰ মুখে মুখে । বহুতেই জ্ঞাপন কৰিছে সম্বৰ্ধনা । নগাঁও খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰৰ হাতৰ পৰশত প্ৰাণ পাইছে আনন্দ মিশ্রৰ প্ৰতিচ্ছবি ।

GDP: ২০২০-২১ বৰ্ষত ভাৰতত ৭.৩ শতাংশ হ্ৰাস

সোমবাৰে চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (Gross Domestic Product)ৰ বৃদ্ধি ৭.৩ শতাংশ হ্ৰাস পাইছে । ২০১৯-২০ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন(GDP)ৰ সংকোচনৰ হাৰ আছিল ৪ শতাংশ ।

চিৰাঙত মুকলিৰ দিশে অক্সিজেন উৎপাদন প্ৰকল্প

বৃহস্পতিবাৰৰ পৰা কাৰ্যক্ষম হ'ব চিৰাঙৰ কাজলগাঁৱৰ অক্সিজেন উৎপাদন প্ৰকল্প ৷ জে এছ বি অসামৰিক চিকিৎসালয়ত স্থাপন কৰা হৈছে এই প্ৰকল্পটো । লগতে নিৰ্মাণ কৰা হৈছে ৩০টা আইচিইউ(ICU) কক্ষ ।

৪৫-৬০ বছৰীয়া লোকৰ টীকাকৰণঃ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা

সমগ্ৰ দেশতে অব্যাহত আছে ক'ভিড-১৯(COVID-19)ৰ টীকাকৰণ প্ৰক্ৰিয়া । ৪৫-৬০ বছৰ বয়সৰ লোকৰ টীকাকৰণৰ(VACCINATION) ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে ত্ৰিপুৰা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে টুইটযোগে প্ৰকাশ কৰিছে এই কথা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.