আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান
ছাত্ৰী নিৰ্যাতনৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আইআইটি গুৱাহাটীয়ে ৷ অভিযুক্ত ছাত্ৰ গৰাকীক শিক্ষানুষ্ঠান খনৰ পৰা বহিস্কাৰ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত অপ্ৰমাণিত তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন নকৰিবলৈ সংবাদ মাধ্যমক আহ্বান জনাইছে শিক্ষানুষ্ঠানখনে ৷
জাতীয় চেতনা আৰু সংগ্ৰামী সত্বাৰ গৰাকী হিৰণ্য ভট্টাচাৰ্য আৰু নাই
অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা বিশিষ্ট লেখক হিৰণ্য কুমাৰ ভট্টাচাৰ্য আৰু নাই । মহানগৰীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয় বিশিষ্ট লেখকগৰাকীৰ। বিগত আঠদিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ভট্টাচাৰ্য ৷ 1958 চনৰ আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি আছিল ভট্টাচাৰ্য ৷
হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত বিধায়ক মৃনাল শইকীয়াৰ শোক প্ৰকাশ
একালৰ প্ৰাক্তন আই পি এছ বিষয়া তথা অসম আন্দোলনৰ বহু ঘটনা প্ৰৱাহৰ আঁৰৰ ব্যক্তি হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত শোক প্ৰকাশ কৰিছে খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই ।
তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈছে বাক্সা জিলা প্ৰশাসন
ৰাজ্যৰ 12 খনকৈ জিলাৰ মুঠ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ প্ৰতিখন জিলাৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে সাজু হৈ উঠিছে বাক্সা জিলা প্ৰশাসনো ৷ জিলাখনৰ মুঠ তিনিটাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে নিৰ্বাচনী বিষয়া তথা কৰ্মচাৰী সকল ৷ তামুলপুৰ, বৰমা আৰু চাপাগুৰি সমষ্টিত অনুষ্ঠিত হ'বলগীয়া ভোট গ্ৰহণ হ'ব মুঠ 788 টা ভোট গ্ৰহণ কেন্দ্ৰত ৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন
বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন সাজু হৈ পৰিছে ৷ জিলাখনত নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়াত ৭,৯৮০ গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷
পুনৰ ক'ভিড-১৯ত আক্ৰান্ত পুৰণিগুদামৰ দুজনকৈ বয়সীয়া লোক
পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত কৰা পৰীক্ষাত দুজনকৈ বয়সীয়া লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷ বতৰ্মান আক্ৰান্ত লোক দুজনক এসপ্তাহৰ বাবে হোম কোৱাৰেন্টাইন কৰা হৈছে ৷
ক'ভিডত আক্ৰান্ত বলিউড তাৰকা ভূমি পেডনেকাৰ
বলিউডৰ তাৰকা ভূমি পেডনেকাৰ আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ সোমবাৰে ছ'চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে 31 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ৷ অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে, কিছুদিনৰ পৰা সামান্য লক্ষণ দেখা দিছিল ৷ লগে লগে কোৱাৰিন্টিনত থকাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলো প্ৰট'কল মানি চলিছিল তেওঁ ৷
প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে উচ্চ হাৰত ভোট দান কৰিব লাগিব: লুৰিণ জ্যোতি গগৈ
সোমবাৰে চিৰাঙৰ অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সভাপতি লুৰিণ জ্যোতি গগৈয়ে ৷ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণত সকলো স্তৰৰ লোককে ভোট দান কৰিবলৈ আহ্বান জনায় তেওঁ ৷
কেৰালা নিৰ্বাচন: 6 এপ্ৰিলত তীব্ৰ অপ্ৰত্যাশিত নিৰ্বাচনী যুঁজৰ সম্ভাৱনা
140 টা বিধানসভা সমষ্টিৰে সৈতে কেৰালা হৈছে কমিউনিষ্ট শাসন থকা ভাৰতৰ একমাত্ৰ ৰাজ্য ৷ চৰকাৰ গঠনৰ বাবে যিকোনো মিত্ৰজোঁট বা দলক 71 আসনৰ প্ৰয়োজন ৷ বিগত চাৰিটা দশকত কেৰালাই কমিউনিষ্ট পাৰ্টীৰ নেতৃত্বাধীন লেফ্ট ডেম'ক্ৰেটিক ফ্ৰন্ট আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰন্টৰ শাসন প্ৰত্যক্ষ কৰি আহিছে ৷ বিগত দহ বছৰত বিজেপি নেতৃত্বাধীন এনডিএ য়েও ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক সবল ভূমিকা গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ৷ এনে ক্ষেত্ৰত পূৰ্বতে দুটা পক্ষৰ মাজতে অনুষ্ঠিত নিৰ্বাচনী যুঁজত এইবাৰ তৃতীয়টো পক্ষৰ ভুমুকিয়ে কেৰালাৰ নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় কৰি তোলাৰ সম্ভাৱনা ৷
আজিও উপেক্ষিত শ্বহীদ লাল প্ৰবীন ৰায়ৰ পৰিয়াল
নক্সাল আক্ৰমণত শ্বহীদ হৈছিল বাঘৰাই গাঁৱৰ লাল প্ৰবীন ৰায় ৷ প্ৰবীনৰ ভাৰতীয় সেনাত যোগদান কৰাৰ সপোন দেউতাকে সকলো প্ৰকাৰে পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত প্ৰবীণ ৰায় চি আৰ পি এফত নিৰ্বাচিত হোৱাত গোটেই পৰিয়ালে গৌৰৱ কৰিছিল ৷ কিন্তু তেওঁৰ পৰিয়ালে কোনো নেতা বা প্ৰশাসনৰ পৰা আজিকোপতি কোনো ধৰণৰ সঁহাৰি পোৱা নাই ।