ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 3 PM

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

3 বজাৰ শীৰ্ষ দহটা বাতৰি...
3 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Sep 8, 2021, 3:02 PM IST

পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথি ৷ এই তিথিতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ইহলীলা সামৰি বৈকুণ্ঠলৈ গমন কৰিছিল ৷ সেই অনুসৰি বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ, ৰাজহুৱা অনুষ্ঠান আদিত গুৰুজনাৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে ৷

ওপজা দিনত সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত...

সংগীতেৰে অসমবাসীৰ মাজত আজিও জীয়াই থকা সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ(Dr Bhupen Hazarika) আজি ওপজা দিন ৷ অসমীয়া সমাজ জীৱনলৈ গীত আৰু বোলছবিৰ জৰিয়তে এক মেটমৰা সম্ভাৰ দি যোৱা এইগৰাকী মহান শিল্পীক আজি সুঁৱৰিছে সমগ্ৰ দেশে ৷

পত্নী আয়েশাৰ সৈতে বিবাহ বিচ্ছেদ শিখৰ ধৱনৰ

ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধৱন(Shikhar Dhawan) আৰু পত্নী আয়েশা মুখাৰ্জী(Aesha Mukerjee)ৰ মাজত বিবাহ বিচ্ছেদ(Divorce) ৷ বিবাহৰ 8 বছৰৰ অন্তত হোৱা এই বিচ্ছেদৰ পাচতে ইনষ্টাগ্ৰামযোগে এই কথা ঘোষণা কৰে আয়েশাই ৷

7.0 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল মেক্সিকো: এজনৰ মৃত্যু

মেক্সিকো(Mexico)ত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি ৷ প্ৰায় 7.0 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এজনৰ মৃত্যু ৷ মেক্সিকো( Mexico)ৰ Acapulco অঞ্চলৰ ১৭ কিলোমিটাৰ(প্ৰায় ১০ মাইল)ত উত্তৰ-পূৱত ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল ৷ এইপৰ্যন্ত চুনামি(tsunami) সম্পৰ্কীয় কোনো ধৰণৰ সতৰ্কতাৰ বিষয়ে সদৰী কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ৷

কঁহৰাত কোষাগাৰৰ পৰা 482 টা গঁড়ৰ খড়্গৰ পৰীক্ষা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ(Kaziranga National Park) কঁহৰা অঞ্চলত দুদিনীয়া কাৰ্যসূচীৰে গঁড়ৰ খড়্গ(Rhino Horn) পুনৰীক্ষণ কৰা হৈছে ৷ অঞ্চলটোত গঁড়ৰ খড়গ পৰীক্ষা কৰি কোষাগাৰৰ পৰা 482 টা খড়গ পোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জানিবলৈ দিয়ে ।

স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰালৈ আৱণ্টন প্ৰায় ৩ লাখ শৌচালয়

স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে মুকলিত শৌচ কৰাটো বন্ধ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল । যাৰ বাবে দেশৰ প্ৰতিখন ৰাজ্যলৈ শৌচালয় আৱণ্টন দিয়া হৈছিল । তাৰ ভিতৰত ত্ৰিপুৰালৈ আৱণ্টন দিয়া হৈছিল প্ৰায় ৩ লাখ শৌচালয় ।

কিয় প্ৰাপ্যৰ পৰা বঞ্চিত সাক্ষৰ ভাৰত অভিযান মিচন অসমৰ কৰ্মচাৰীসকল ?

২৪ মাহৰো অধিক কাল নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত সাক্ষৰ ভাৰত অভিযান মিচন অসমৰ কৰ্মচাৰীসকল ৷ শীঘ্ৰে মাননি আদায়ৰ দাবী ৰাজ্যচৰকাৰক ৷ প্ৰাপ্য মাননি নাপালে প্ৰতিবাদত বহিব বঞ্চিত কৰ্মচাৰীসকলে ৷

অভিনেতা অক্ষয় কুমাৰৰ মাতৃ আৰু নাই

তেওঁ মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল । আজি মই অসহনীয় বেদনাত আছো ৷ মোৰ মা অৰুণা ভাটিয়াই এই পৃথিৱী এৰি গৈছে আৰু এতিয়া তেওঁ দেউতাৰ সৈতে আন এখন পৃথিৱীলৈ গৈছে ৷ আমাৰ পৰিয়ালটো এই বেয়া সময়ৰ সৈতে যুঁজ দি আছে । আপোনালোক সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন- অক্ষয় কুমাৰ ৷

থাওৰাত এককভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাইজৰ দলে: অখিল গগৈ

ৰাজ্যৰ আগন্তুক উপ নিবাৰ্চনক (By Election) লৈ তৎপৰ শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী দলসমূহ । বিধায়ক অখিল গগৈৰ(Akhil Gogoi) নেতৃত্বত ৰাইজৰ দলে(Raijor Dal) কংগ্ৰেছ দলৰ সৈতে একত্ৰিতভাৱে উপ নিৰ্বাচনত প্ৰতদ্বন্দিতা আগবঢ়োৱাৰ তৎপৰতা আৰম্ভ কৰিছিল যদিও কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা আজি পৰ্যন্ত হৈ নুঠিল । মঙলবাৰে থাওৰা সমষ্টিৰ(Thowra Constituency) ডিমৌ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাত বাহৰ পাতি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মিত্ৰতা সম্পৰ্কত কংগ্ৰেছে কোনো স্পষ্ট নকৰাৰ কথা উল্লেখ কৰে । সেয়ে থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলে এককভাৱে প্ৰতিদ্বন্দিতা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ।

ড্ৰাগছ সেৱন আৰু যৌন সম্পৰ্কই বৃদ্ধি কৰিছে HIV ৰোগীৰ সংখ্যা

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা ৷ পৰীক্ষাৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে পজিটিভৰ সংখ্যা বৃদ্ধি পোৱা বুলি অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে(ASACS) সদৰী কৰে ৷ লগতে সমিতিয়ে কয় যে, অতিমাত্ৰা ড্ৰাগছ সেৱন আৰু যৌন সম্পৰ্কৰ ফলত পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.