ৰঙানদী প্ৰকল্পই এৰিলে পানী, চিন্তিত লখিমপুৰবাসী
বৃহস্পতিবাৰে পুনৰ ৰঙানদী প্ৰকল্পই পানী এৰি দিলে । লগে লগে বলিয়া ৰূপ ধাৰণ কৰিছে ৰঙানদীয়ে । ফেনে ফোটোকাৰে ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । যাৰ বাবে নদীয়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।
যোৰহাট মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰীৰ আকস্মিক পৰিদৰ্শন
বৃহস্পতিবাৰে হঠাৎ যোৰহাট মেডিকেল কলেজ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ অধিক তৎপৰতাৰে ক’ভিড বিৰোধী যুদ্ধখনত স্বাস্থ্যবিভাগৰ কৰ্মীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷
ধিঙৰ দৈনিক বজাৰত ধোঁৱা চাঙত উঠিল ক’ভিড প্ৰট’কল
ধিঙৰ দৈনিক বজাৰত একাংশ লোকে ক’ভিড প্ৰট’কলক বুঢ়া আঙুলি দেখুৱাই কৰি গৈছে বেপাৰ বাণিজ্য ৷ যাক লৈ সংকিত ধিং বাসী ৷
চৰকাৰলৈ নৰৈ ডেপি নদীৰ গৰাখহনীয়া ৰোধৰ বাবে ওলাই আহিল ৰাইজ
কৰ’ণাৰ ভয়াৱহতা পাহৰি এখন গাঁৱৰ ৰাইজ হাতে কামে লাগিল বান প্ৰতিৰোধ কৰাত ৷ বহু বছৰ ধৰি চৰকাৰৰ পৰা উপেক্ষিত ৰাইজৰ এই প্ৰচেষ্টাও যে সুৰক্ষিত তাৰ কোনো নিশ্চয়তা নাই ৷ শেষ আশা হিচাপে, চৰকাৰৰ হস্তক্ষেপৰ আহ্বান জনাইছে ৰাইজে ৷
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ক’ভিড নীতিৰ চূড়ান্ত অৱমাননা
গেৰুকামুখস্থিত নিৰ্মীয়মান নামনি সোৱণশিৰিৰ জলবিদ্যুত প্ৰকল্পত সংঘটিত হৈছে ক’ভিড নীতিৰ চূড়ান্তভাৱে অৱমাননাৰ ঘটনা ৷ আংশিক লকডাউনৰ মাজতে শ্ৰমিকক কামত লগোৱাৰ লগতে ক’ভিড নীতিৰো উলংঘা কৰাৰ অভিযোগ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দায়িত্বত থকা পেটেল কোম্পানীৰ বিৰুদ্ধে ৷ সম্প্ৰতি এই ঘটনাৰ প্ৰতিক্ৰিয়াত দল সংগঠন আৰু সচেতন মহলে প্ৰশাসনৰ সহায় বিচাৰিছে ৷
বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
বৃহস্পতিবাৰে ৰাজ্যৰ শাসক দলৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ৰণজিৎ দাস উপস্থিত হয় প্ৰাক্তন বিজেপি দলৰ সভাপতি ৰঞ্জিত দত্তৰ বাসগৃহত ৷ লক্ষ্যণীয় ভাৱে একেদিনাই তেওঁ আন পাঁচগৰাকী প্ৰাক্তন বিজেপি সভাপতিৰ বাসগৃহতো উপস্থিত হয় ৷
প্ৰায় দুমাহৰ পিচত মুকলি হ'ল বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰ
বৰপেটাৰ সাংসদ আব্দুল খালেকে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি বিগত 6 এপ্ৰিলত ৰাজীৱ ভৱনৰ মুখ্য দুৱাৰ বন্ধ কৰি ইটাৰ দেৱাল নিৰ্মাণ কৰিছিল জিলা কংগ্ৰেছৰ নেতা কৰ্মী সকলে ৷ এই ঘটনাৰ দুমাহৰ পিচত বৃহস্পতিবাৰে মুকলি হ'ল বৰপেটা ৰাজীৱ ভৱনৰ দুৱাৰ ৷
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু
বৃহস্পতিবাৰে ডিমা হাছাওত পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু । মৃত মহিলাগৰাকীৰ নাম বাবলি অগ্ৰহাৰি । হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী । এতিয়ালৈকে ডিমা হাছাওত ৮ গৰাকী কৰ'ণা ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
ত্ৰিপুৰাত ৫৭৯ কোটিৰ পুঁজি ঘোষণা মুখ্যমন্ত্ৰীৰ
ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ উদ্দেশ্যে ৫৭৯ কোটি টকাৰ বিশেষ পুঁজি ঘোষণা কৰে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । বিশেষ পুঁজি ক'ত খৰচ কৰা হ'ব সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে দৰিদ্ৰ লোকসকলক পোনপটীয়া ধন প্ৰদান কৰা এমজিএনৰেগাক অগ্ৰাধিকাৰ তালিকাৰ শীৰ্ষত অন্তৰ্ভুক্ত কৰা হৈছে । ৰাজ্যজুৰি উন্নয়নমূলক কামত ৩৩২ কোটি টকাতকৈ কম খৰচ কৰা নহ'ব যাতে সংকটৰ সময়ছোৱাত ৰাইজৰ হাতলৈ ধন যায় । লগতে চহৰাঞ্চলত টি.ইউ.ই.পি. আঁচনিৰ অধীনত কিছুমান কামো কৰা হ'ব ।
দৰঙত আদৰ্শ ক'ভিড টীকাকৰণ আৰু পৰীক্ষা কেন্দ্ৰ স্থাপন
ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনসমূহে । দৰং জিলা প্ৰশাসনেও যাৱতীয় ব্যৱস্থা হাতত লৈছে । মঙলদৈ নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা হৈছে আদৰ্শ টীকাকৰণ তথা পৰীক্ষা কেন্দ্ৰ ।