ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 4, 2021, 3:01 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-at-3-pm
বিয়লি 3 বজাৰ দহটা শীৰ্ষ বাতৰি

অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা স্থগিত ৰখাৰ পিছত এইবাৰ দ্বাদশ শ্ৰেণী তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰখা হৈছে। এই সন্দৰ্ভত মঙলবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এক জাননী জাৰি কৰিছে।

অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ বাবে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ 11 মে'ত অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ এক বিবৃতিযোগে এই তথ্য প্ৰকাশ কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান
কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যান । ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰণালয়ৰ ডেপুটি ইন্সপেক্টৰ জেনেৰেলে বন্য প্ৰাণী লেটাৰ no. F.No.8-38/2020 WL Dated 30/4/2021 ৰ জৰিয়তে এই বন্ধ ঘোষণা কৰিছে ৷

পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ বন মন্ত্ৰালয় আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, ভাৰত চৰকাৰে (ministry of enviroment forest and climate change wildife dividion,govt. of india) পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সোমবাৰে পৰিৱেশ বন মন্ত্ৰালয় আৰু জলবায়ু পৰিৱৰ্তন বিভাগে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা সদৰি কৰিছে ৷

মুখ্যমন্ত্ৰী ৰূপে সোণোৱালক বিচাৰে মাজুলীৰ সত্ৰাধিকাৰে

মাজুলীৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীয়ে সোমবাৰে সৰ্বানন্দ সোণোৱালক পুনৰ অসমৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে বুলি মত প্ৰকাশ কৰে । সত্ৰাধিকাৰ গৰাকীয়ে সোণোৱালৰ সবল নেতৃত্বই সমগ্র অসমৰ উন্নয়ন আৰু সমন্বয়ৰ ধাৰা অব্যাহত ৰখাৰ বাবে পুনৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰকাশ কৰে । সেয়ে বিজেপিক পুনৰ সৰ্বানন্দ সোণোৱালকে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব দিয়াৰ আহ্বান জনাইছে সত্ৰাধিকাৰ গৰাকীয়ে ।

যোৰহাটৰ ৰৰৈয়াত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

যোৰহাট ৰৰৈয়া এয়াৰ ফৰ্চৰ কলনীত মঙলবাৰে পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ বনবিভাগৰ লোকে পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটো ৷ বহুদিন ধৰি অঞ্চলটোত ৰাইজৰ পোহনীয়া জীৱ জন্তু খাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰফুটুকীটোৱে ৷

ক'ভিড-১৯: ভয়াৱহ পৰিস্থিতিৰ দিশে অসম

অসমত ক্ৰমাৎ বৃদ্ধি পাইছে আক্ৰান্তৰ হাৰ । ১০০ জনৰ ভিতৰত ৮ জনেই পজিটিভ । ২৪ ঘণ্টাত ৪,৪৮৯ গৰাকী আক্ৰান্ত আৰু ২৯ গৰাকীৰ মৃত্যু । গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ক'ভিড ৰোগীৰ বিচনা ভৰ্তি ।

ইংলেণ্ডৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা বিমান উপস্থিত চেন্নাইত

বৃটিছ গণৰাজ্যৰ পৰা 46.6 লিটাৰ ক্ষমতাৰ 450টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমান মঙলবাৰে চেন্নাইত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই সহায়ৰ বাবে বৃটিছ গণৰাজ্যক কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

উত্তৰ প্ৰদেশৰ আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ পৰা আদিত্যনাথলৈ হত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ ১১২ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা হোৱাটছএপ বাৰ্তা যোগে প্ৰেৰণ কৰিছিল হত্যাৰ ভাবুকি ৷ তাৰ পাচতেই যোগী আদিত্যনাথে কাষ চাপিছিল উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰু সুশান্ত গ’ল্ফ চিটি আৰক্ষীত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ৷

ভূটানলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ ভাৰত চৰকাৰৰ

মহামাৰী ক’ভিড 19ৰ এই ভয়ংকৰ সময়চোৱাত ভাৰত চৰকাৰৰ এক প্ৰসংসনীয় পদক্ষেপ ৷ ৰয়েল ভূটানৰ বৈদেশিক মন্ত্ৰী তানদী দৰ্জীয়ে এক তথ্যৰ যোগেৰে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ক’ভিড-19ৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ কথা জনায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.