ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : Mar 1, 2021, 3:14 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 3 PM
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি

আসনৰ ভাগ বটোৱাৰাক লৈ বিজেপি-অগপৰ বৈঠক

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত অনুষ্ঠিত হৈছে এক বৈঠক ৷ হিমন্ত বিশ্ব শৰ্মা, ফণীন্দ্ৰ নাথ শৰ্মা, অতুল বৰা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য‌ উপস্থিত এই বৈঠকত ৷

লখিমপুৰত মাদলৰ ছেৱে ছেৱে প্ৰিয়ংকাৰ ঝুমুৰ নৃত্য

সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ গুৱাহাটীত কামাখ্যা মন্দিৰ দৰ্শনৰ পিছতে লখিমপুৰত অসম বচাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷

নলবাৰী থানাত উপস্থিত ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা

লুৰিণজ্যোতি গগৈক কৰা আক্ৰমণৰ সন্দৰ্ভত দেওবাৰে নিশা নলবাৰীত থানাত উপস্থিত হয় ডিআইজি ব্ৰজেন্দ্ৰ জিৎ সিনহা ৷ ইতিমধ্যে আৰম্ভ হৈছে এই ঘটনাৰ তদন্ত ৷ নিৰ্বাচনী প্ৰচাৰ সভালৈ আহোতে গগৈৰ বাহনত শিলাবৰ্ষণ কৰিছিল একাংশ দুৰ্বৃত্তই ৷

ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সমাৰোহ সম্পন্ন

সোণোৱাল কছাৰী সমন্বয় ক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা যুৱ মৰ্চাৰ যুৱ সমাৰোহ । যুৱ সমাৰোহখনৰ জৰিয়তে ডিব্ৰুগড়ত বিজেপিয়ে ৰণডংকা বজায় ৷ উক্ত সমাৰোহত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি অনুপ বৰ্মনকে ধৰি বিজেপিৰ অন্যান্য মন্ত্ৰী, বিধায়কসকল ৷

উন্নয়ন পিছত আগতে টিকট !

সৰুক্ষেত্ৰীত অগপ-বিজেপিৰ মাজত সংঘাত ৷ টিকটক লৈ সৃষ্টি হৈছে অগপ-বিজেপিৰ মাজত শীতল যুদ্ধ ৷

নিৰ্দেশনা আৰু আচৰণ বিধি; উৎকৃষ্টত আইন নে চৰকাৰৰ চেঞ্চৰশ্বিপ

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে কৈফিয়ৎ জাৰি কৰিছে ৷ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে তথ্য প্ৰযুক্তি অধিনিয়মৰ প্ৰৱৰ্তন কৰে ৷

ইষ্টাৰ্ণ নেভেল কমাণ্ডাৰ হিচাপে দায়িত্বভাৰ গ্ৰহণ অজেন্দ্ৰ বাহাদুৰ সিঙৰ

বিশাখাপট্টনমস্থিত ইষ্টাৰ্ণ নেভেল কমাণ্ডাৰ নতুন ‘ফ্লেগ অফিচাৰ কামাণ্ডিং চীফ’ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে উপ-এডমাইৰেল অজেন্দ্ৰ বাহাদুৰ সিঙে ৷

প্ৰশাসনে ছীল মৰা অট্টালিকাত চলিল অবৈধ নিৰ্মাণ কাৰ্য

সাৰদা চিট ফাণ্ডৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ছীল হৈ থকা ধুবুৰীৰ চিএইচ ৰোডৰ অট্টালিকাত চলিছে অবৈধ নিৰ্মাণ কাৰ্য । মনোজ তাতে ওৰফে ৰাজু নামৰ প্ৰভাৱশালী এগৰাকী অনা অসমীয়া ব্যৱসায়ীয়ে চলাই আছিল এই অবৈধ নিৰ্মাণ কাৰ্য । উল্লেখ্য যে, ২০১২ চনত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰে ছীল কৰিছিল ধুবুৰীৰ চাৰি মহলীয়া সাৰদা অট্টালিকাটো ৷

ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন মালালাৰ

ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত হোৱাৰ সপোন মালালা ইউচুফজাইৰ । ভাৰত-পাকিস্তানবাসীয়ে এতিয়া শান্তিৰে বাস কৰিব বিচাৰে । সীমা বিভাজন আৰু জয়ৰ দৰ্শনে আৰু কাম নকৰে । মানুহ হিচাপে আমি সকলোৱে শান্তিত বাস কৰিব বিচাৰো । ভাৰত আৰু পাকিস্তানৰ প্ৰকৃত শত্ৰু হৈছে দৰিদ্ৰতা, ভেদভাৱ আৰু বৈষম্যতা । সকলো কথা পাহৰি দুয়োখন দেশ একত্ৰিত হ'ব লাগে-এই মন্তব্য শান্তি বঁটা বিজয়ী মালালা ইউচুফজাইৰ ।

বিশ্বকাপত আশা কৰা ধৰণে ফল দেখুৱাব পৰা নাই ভাৰতীয় শ্বুটাৰে

ভাৰতৰ শ্বুটাৰ ক্ৰমে পাৰিনাজ ধালিৱাল আৰু মৈৰাজ আহমাদ খান আৰু গণিমত চেখোন আৰু অঙ্গদ বাজৱাই ক্ৰমে সপ্তম আৰু দশম স্থান লাভ কৰে । শনিবাৰে সমাপ্ত হোৱা স্কীটৰ পুৰুষৰ দলৰ প্ৰতিযোগিতাত ভাৰতে এটা ব্ৰঞ্জৰ পদক লাভ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.