ETV Bharat / state

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 3 PM
দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Dec 25, 2020, 3:46 PM IST

মদনপুৰত জ্বলাই দিয়া হ’ল টোলগেট

মদনপুৰ টোল গেটত উত্তপ্ত পৰিস্থিতি । নতুন লেচীয়ে টোল গেটৰ দায়িত্ব লোৱাৰ পিচতে একাংশ যুৱকে হাতে হাতে ৰড-লাঠী আদি লৈ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে ৷

কাইলৈ গুৱাহাটীলৈ আহিব অমিত শ্বাহ

২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ'ব অমিত শ্বাহ । "অসম দৰ্পন" আঁচনিৰ মুকলি কৰি ৬,৯৭২ টা নামঘৰলৈ ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়াব । ৯ খন আইন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰিব । ইয়াৰোপৰি বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ১৮৮ কোটি‌ টকীয়া প্ৰকল্পৰো শুভাৰম্ভ কৰিব গৃহ মন্ত্ৰীগৰাকীয়ে ।

যোৰহাটত লণ্ডনৰ পৰা অহা লোকৰ দেহত ক’ৰণা ভাইৰাছ

শুকুৰবাৰে যোৰহাটত লণ্ডনৰ পৰা অহা এজন লোকৰ দেহত পোৱা গৈছে ক’ৰণা ভাইৰাছৰ অৱস্থিতি । তেওঁৰ সংস্পৰ্শলৈ অহা এগৰাকী যুৱতীও নতুন ক’ৰণা ভাইৰাছত আক্ৰান্ত ৷ ঘটনাক লৈ যোৰহাটত তীব্ৰ আতংক ৷ এই ক্ষেত্ৰত আতংকিত নহ’বলৈ আহ্বান জিলা উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীৰ ৷

কৃষক সন্মান নিধি সভাত পৰ্যাপ্ত সুবিধা নোপোৱা অভিযোগ আমগুৰি কৃষকৰ

ভাৰতৰ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী স্মৃতিত 'সুশাসন দিৱস' উপলক্ষে আমগুৰিৰ পেঙেৰা পঞ্চায়ত আয়োজন কৰা হয় প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সভা ৷

চিকিৎসালয়ত ভৰ্তি চুপাৰষ্টাৰ ৰজনীকান্ত

তামিল চুপাৰষ্টাৰ ৰজনীকান্ত চিকিৎসালয়ত ভৰ্তি ৷ শুকুৰবাৰে হায়দৰাবাদস্থিত এপল' চিকিৎসালয়ত ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

সৰুক্ষেত্ৰী সমষ্টিৰ অগপ প্ৰাৰ্থী হ’ব নেকি কল্পনা পাটোৱাৰী !

সৰুক্ষেত্ৰীত অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ দিশে আগবাঢ়িছে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী ৷ বৃহস্পতিবাৰে দলীয় নিৰ্দেশ অনুসৰিয়েই সৰুক্ষেত্ৰী সমষ্টিৰ কুৰিহা গাঁৱৰ অগপৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি নিৰ্বাচন সমন্ধীয় কিছু আলোচনা কৰা বুলি সদৰি কৰে কল্পনা পাটোৱাৰীয়ে ৷

ছয়গাঁৱত পথ দুৰ্ঘটনাত নিহত ট্ৰেক্টৰ চালক

ছয়গাঁৱৰ চাম্পুপাৰাত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল এখন মাটি ভৰ্তি ট্ৰেক্টৰ। দুৰ্ঘটনাত নিহত ট্ৰেক্টৰ চালক ৷

শিলচৰত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব নীতিন গাডকাৰীয়ে

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনৰ উপলক্ষে মূৰ্তি উন্মোচন আৰু মোদী চৰকাৰৰ বিশেষ উপহাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আধাৰশিলা স্থাপন অনুষ্ঠানত আজি উপস্থিত থাকিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ৷ প্ৰথমে শিলচৰত উপস্থিত হৈ নীতিন গাডকাৰীয়ে অসম বিশ্ববিদ্যালয়ৰ কনফাৰেন্সত অংশগ্ৰহণ কৰিব ৷

'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে 'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ । প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে গ্ৰন্থখনত ।

পুনৰ বিপদৰ আশংকা কৰি নতুন ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ

কৰ'ণাৰ নতুন সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত ক'ভিড প্ৰট'কল জাৰি চৰকাৰৰ । ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশাৱলীত আছে কেতবোৰ নতুন নিয়ম । মুখ্য সচিব জিষ্ণু বৰুৱাই জাৰি কৰা এই নতুন নিৰ্দেশাৱলী শুকুৰবাৰৰ পৰা বলবৎ হ’ব সমগ্ৰ ৰাজ্যতে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.