ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা বাতৰি... - Top 10 @ 3 PM

3 বজাৰ শীৰ্ষ দহটা বাতৰি...

Top 10 @ 3 PM
3 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 29, 2020, 3:23 PM IST

আদালতলৈ প্ৰেৰণ JEE কাণ্ডৰ 5 অভিযুক্তক

আদালতলৈ প্ৰেৰণ কৰা হৈছে JEE পৰীক্ষা কাণ্ডত জড়িত অভিযুক্তসকলক ৷ বুধবাৰে নিশা আটাইকেইজনক JEE কেলেংকাৰীৰ সন্দৰ্ভত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে ।

লাহোৱালত চাহ শ্ৰমিকৰ প্ৰতিবাদ

কাঁহি-বাতি বজাই প্ৰতিবাদ সাব্যস্ত লাহোৱালৰ চাহ শ্ৰমিকসকলৰ ৷ বিজেপিৰ দলীয় সভাৰ পৰা কিছু নিলগত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাপ্যৰ পৰা বঞ্চিত মটক চাহ বাগিচাৰ শ্ৰমিকসকলে ৷

মাৰ্ঘেৰিটাত কাৰ নিৰ্দেশত চলিছে ভূমি বেদখল !

ভূমি বেদখলৰ দৰে ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত ৷ ক’ল ইণ্ডিয়াৰ নামত অধিকৃত ভূমি এইবাৰ বেদখল কৰিছে কোনো দুষ্টচক্ৰই ৷ কেৱল বেদখল কৰাতে ক্ষান্ত নাথাকি উক্ত ভূমিত বহু সন্দেহজনক লোকে নিৰ্মাণ কৰিছে অবৈধ বাসগৃহ ৷

ভাৰতত 80 লক্ষাধিকৰ সীমা অতিক্ৰম কৰিলে কৰ’ণা আক্ৰান্তই

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 80,40,203 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 73,15,989 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

গোলাঘাটৰ ৰাজপথত আৰক্ষীৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

গোলাঘাটৰ ৰাজপথত 21 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ ভাৰতীয় আৰক্ষী পতাকা দিৱস পালন গোলাঘাট আৰক্ষীৰ ৷ আৰক্ষী বিষয়া উৎপল চেকনিধৰাই আঁত ধৰিছে এই সাংস্কৃতিক অনুষ্ঠানৰ ৷

কাইলৈ লক্ষ্মী পূজা: সেৰেঙা পূজাৰ বজাৰ

শুকুৰবাৰে অনুষ্ঠিত হ’ব ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা ৷ সেই উপলক্ষে বিৰ দি বাট নোপোৱা অৱস্থা আশা কৰা হৈছিল ৰাজ্যৰ বজাৰসমূহত ৷ কিন্তু এইবাৰ কৰ’ণাৰ বাবে ক্ৰেতা আৰু বিক্ৰেতাৰ এখন বিপৰীত ছবিহে পৰিলক্ষিত হ’ল বজাৰসমূহত ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাহসী মহিলা মঞ্চৰ প্ৰতিবাদ বেলতলা বজাৰত

বৃহস্পতিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ বেলতলা বজাৰত প্ৰতিবাদ সাহসী মহিলা মঞ্চ নামৰ সংগঠনটোৰ ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দিয়াৰ লগতে শীঘ্ৰেই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

JEE কাণ্ডক লৈ তোলপাৰ ৰাজ্য

পুনৰ চৰ্চালৈ আহিছে JEE পৰীক্ষাৰ কেলেংকাৰী ৷ ইতিমধ্যে JEE কাণ্ডক কেন্দ্ৰ কৰি তোলপাৰ লাগিছে ৰাজ্যত ৷ মহানগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে পাঁচজনকৈ লোকক ।

অসমৰ ব্যৱসায়ীক ৰাজ্যত প্ৰৱেশত বাধা মেঘালয় চৰকাৰৰ

অসমৰ ব্যৱসায়ীক মেঘালয়ত প্ৰৱেশত বাধা দিছে মেঘালয় চৰকাৰে ৷ এই কাৰ্যৰ পিচতে জাঙুৰ খাই উঠিছে গোৱালপাৰা জিলাৰ ছটাকৈ সংগঠন ৷

উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী !

নাগালেণ্ড আৰু মিজোৰাম বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ অন্তিম তাৰিখ ৫ নৱেম্বৰ, বঞ্চিত হ'ব অসমৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.