সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰিব মন্ত্ৰী চন্দন ব্ৰহ্মই
মন্ত্ৰী চন্দন ব্ৰহ্মৰ বিজেপিত যোগদানৰ বাতৰিক ভিত্তিহীন আখ্যা দি ভুৱা বাতৰি পৰিৱেশনৰ বাবে একাংশ সংবাদ মাধ্যমৰ নামত মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ চিৰাঙত বিপিএফৰ প্ৰাৰ্থী সকলৰ বাবে প্ৰচাৰ চলাবলৈ আহি এই কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷
যোৰহাটত কৰ'ণাতংক : স্থবিৰ হৈ পৰিছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কাম
যোৰহাটৰ 1নং সোনাৰী গাঁৱৰ এই বিয়াতে উপস্থিত আছিল কৰ'ণাত আক্ৰান্ত লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন । তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলতে ।
ইউএনআৰডব্লিউএলৈ ১০ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ ঘোষণা ভাৰতৰ
বিদেশ ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে সদৰি কৰা অনুসৰি, আগন্তুক দুবছৰত পেলেষ্টাইন শৰণাৰ্থীৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘৰ সাহাৰ্য আৰু নিৰ্মাণ পুঁজিত ১০ মিলিয়ন আমেৰিকান ডলাৰ অৱদান আগবঢ়াব । ইয়াৰ লগতে, প্ৰশিক্ষণ আৰু গৃহ নিৰ্মাণ সংস্থাৰ মাধ্যমেৰে ক্ষমতা বৃদ্ধিৰ আশ্বাস প্ৰদান কৰে ।
আইএনএছ শিৱাজীৰ ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা পজিটিভ
ভাৰতীয় নৌসেনাৰ এক সূত্ৰই সদৰী কৰা মতে,মহাৰাষ্ট্ৰৰ লোনাৱালাস্থিত ভাৰতীয় নৌসেনা বাহিনীৰ অন্যতম প্ৰধান প্ৰশিক্ষণ প্ৰতিষ্ঠান আইএনএছ শিৱাজীৰ কমেও ১২ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৱিকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে ।
গোৰেশ্বৰৰ উত্তৰ চেউনী নামঘৰত চোৰৰ চাফাই অভিযান
বাক্সাত মঙলবাৰে নিশা চোৰে অভিযান চলাই লুটি নিয়ে নগদ ধনৰ লগতে বহু মূল্যৱান সম্পদ ৷ গোৰেশ্বৰৰ উত্তৰ চেউনী গাঁৱৰ কলা গোঁসাই থান নামঘৰত সংঘটিত হৈছে এই চুৰি কাৰ্য ৷ ঘটনা সন্দৰ্ভত নামঘৰ সমিতিয়ে গোৰেশ্বৰ থানাত এজাহাৰ দাখিল কৰিছে ৷
বিতৰ্কৰ আৱৰ্তত হেৰিটেজ জয়সাগৰ
শিৱসাগৰ জিলাৰ একমাত্ৰ বিনোদন কেন্দ্ৰ হেৰিটেজ জয়সাগৰক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটিছে বিতৰ্কৰ ৷ জিলা প্ৰশাসনৰ অনুমতি অবিহনে বিনোদন কেন্দ্ৰটোৰ এটা অংশ নিৰ্মাণ কৰাৰ বিষয়ে এই বিতৰ্কৰ সূত্ৰপাত হৈছে ৷ স্থানীয় ৰাইজে বিভ্ৰান্তিত পৰি জিলা প্ৰশাসনক বিনোদন কেন্দ্ৰটোক পূৰ্ণ অনুমতি প্ৰদানৰ দাবী উত্থাপন কৰে ৷
৩১ ডিচেম্বৰলৈকে গ্ৰীণ কাৰ্ড প্ৰদানত স্থগিতাদেশ ড'নাল্ড ট্ৰাম্পৰ
কোভিড-১৯ মহামাৰীৰ সময়ত অৰ্থনৈতিক সংকটৰ বাবে যিসকল লোকে চাকৰি হেৰুৱাইছে,তেওঁলোকৰ বাবে গ্ৰীণ কাৰ্ড প্ৰদানত স্থগিতাদেশ জাৰি কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী আছিল। সোমবাৰে হোৱাইট হাউচত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে এই কথা উল্লেখ কৰে।
সাতমাইলৰ এটা কুঁৱাত নাহৰফুটুকী পৰাৰ সন্দেহঃ অব্যাহত উদ্ধাৰ অভিযান
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকী কুঁৱাত পৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ সাতমাইলস্থিত অসম আৰক্ষীৰ দূৰ সঞ্চাৰ বিভাগৰ কাৰ্যালয়ৰ সমীপৰ কুৱাটোত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলটোৱে ৷
কলগাছিয়াৰ দুই আৰ্থিকভাৱে দুৰ্বল কিশোৰ-কিশোৰীয়ে পালে সহায়ৰ হাত
ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দুগৰাকী কিশোৰ-কিশোৰী ৷ দৰিদ্ৰতাই তেওঁলোকক ইমানেই জুৰুলা কৰিছে যে, কণমানি বয়সতে শিক্ষা আধৰুৱা কৰি নামি পৰিছে জীৱন সংগ্ৰামত ৷ দুয়োগৰাকী কলগাছিয়াৰ খাৰবাল্লী চৰৰ দুটা ভিন্ন পৰিয়ালৰ ৷ অৱশেষত সহায়ৰ হাত লাভ কৰিলে কলগাছিয়াৰ খাৰবাল্লী চৰৰ হামিদুল ইছলাম আৰু ছামচুন নেহাৰে ৷
ৰামদেৱ, পতঞ্জলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী
পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ অধিবক্তা সুখবিন্দৰ সিং নাৰাই হাৰিয়ানাৰ আৰক্ষী মহানিৰ্দেশক গৰাকীলৈ পত্ৰ প্ৰেৰণ কৰে ৷ যোগ গুৰু ৰামদেৱ,পতঞ্জলী আৰু পতঞ্জলীৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী জনায় সিঙে ৷