ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 AT 1PM

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

1 বজাৰ শীৰ্ষ দহটা বাতৰি...
1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 3, 2021, 1:15 PM IST

কাকজান চাহ বাগিছাত কথমপি প্ৰাণ ৰক্ষা চিকিৎসকৰ

হোজাই ফুলতলি কাণ্ডৰ পাচত মৰিয়নীত আৰু এজন চিকিৎসকক প্ৰহাৰ কৰা ঘটনা পোহৰলৈ আহিছে ৷ বাগিছাৰ একাংশ শ্ৰমিক আৰু গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে কাকজান চাহ বাগিছাৰ চিকিৎসক গৰাকী ।

চিকিৎসাকৰ্মীক পুনৰ প্ৰহাৰ: আটক চাৰিজন

লংকাৰ ফুলতলী ক’ভিড কেয়াৰ চেন্টাৰৰ পাচতেই কাছাৰৰ কাটিগড়াৰ কালাইন হাস্পতালত সংঘটিত হৈছে চিকিৎসকক আক্ৰমণৰ আন এক ঘটনা ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে চাৰিজন অভিযুক্তক আটক কৰিছে ৷

নলবাৰীৰ চামতাত ড্ৰাগছ সহ এজনক আটক কৰিলে আৰক্ষীয়ে

অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শদিয়াৰ পৰা ধুবুৰীলৈ অব্যাহত থকা এনে অভিযানত প্ৰায় প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে বহু অপৰাধী ৷ শেহতীয়াকৈ নলবাৰীৰ চামতাত ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰিলে এজনক ৷

ড্ৰাগছ মাফিয়াই সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল

হাজো আৰক্ষীয়ে নিয়মীয়া নাকা চেকিঙত বুধবাৰে সন্ধিয়া নাৰায়ণ কলিতা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ৷ উক্ত অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটসহ এটা এয়াৰ গান, কেইবাযোৰ সেনাৰ পোছাক আৰু আন এখন ভাৰতীয় সেনাৰ লগ' সম্বলিত চাৰি চকীয়া বাহন আৰু গাড়ীত লগোৱা ভুৱা নাম্বাৰপ্লেট জব্দ কৰিবলৈ সক্ষম হয় হাজো আৰক্ষীয়ে ৷

মাজুলীত নিৰ্মাণ হৈছে ভাম্যমান নৌকা চিকিৎসালয়

৩৬ লক্ষ্য টকা ব্যয় সাপেক্ষে মাজুলীত নিৰ্মাণ হৈছে ভাম্যমান নৌকা চিকিৎসালয় । মাজুলী শালমৰা শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই নৌকা চিকিৎসালয় খন । এই চিকিৎসালয়খনে চৰ-চাপৰিকে ধৰি দূৰ্গম অঞ্চলত বসবাস কৰা লোকৰ বাবে হ’ব অধিক সহায়ক ।

লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক

মহামাৰী কভিড নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত ঘোষণা হোৱা মিনি লকডাউনত অধিক জুৰুলা হৈছে খাটিখোৱা লোকসকল ৷ বিপাঙত পৰিছে ধিঙৰ খেতিয়ক সকল ৷ পথাৰতে পকি, পথাৰতে গেলিছে উৎপাদিত ফচল ৷ গৰু-ছাগলীৰ খাদ্যলৈ ৰূপান্তৰিত খেতিয়কৰ কষ্টোপাৰ্জিত ফচল ৷

নামতোলাত আৰক্ষীৰ জালত ড্ৰাগছ সহ তিনি যুৱক

নামতোলাত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল তিনি যুৱক ৷ এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত নামতোলা আৰক্ষীয়ে চলোৱা এক অভিযানত ব্ৰাউন ছুগাৰসহ আটক হয় যুৱক কেইজন ৷

ডুমডুমাত দুৰ্বৃত্তৰ চুৰিকাঘাটত যুৱক আহত

এফালে কৰ’ণা মহামাৰীৰ বাবে মানৱ জীৱন বিপন্ন হৈ পৰিছে; কিন্তু একে সময়তে ৰাজ্যত আইন শৃংখলা ভংগ কৰি আহিছে বিভিন্ন দুষ্কৃতিকাৰীৰ লগতে বিকৃত মানসিকতাৰ এচাম লোকে ৷ শেহতীয়াকৈ, হত্যা, ধৰ্ষণ, চিকিৎসক নিগ্ৰহৰ দৰে ঘটনাই উত্তাল কৰিছে ৰাজ্য ৷ এনে সময়তে ডুমডুমাৰ এখন হোটেলত সংঘটিত হৈছে কাম কৰি জীৱন নিৰ্বাহ কৰা এজন যুৱকক দুৰ্বৃত্তই চুৰিকাঘাট কৰাৰ ঘটনা ৷

হোজাইৰ ৰামপুৰ বস্তিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

হোজাইৰ ৰামপুৰ বস্তিত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এই অভিযানত ব্ৰাউন ছুগাৰসহ ড্ৰাগছ ব্যৱসায়ী জয় ৰায়ক গ্ৰেপ্তাৰ কৰে হোজাই আৰক্ষীয়ে ৷

মাজদিয়াত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য়

মাজদিয়া আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ চিৰাপসহ এজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ব ৷ বৰপেটা জিলাৰ মাজদিয়াত যুৱকজনে অবৈধ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকাৰ সময়তে স্থানীয় একাংশ যুৱকে হাতেলোটে ধৰি আৰক্ষীক গটাই দিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.